৩০ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৩০ আগষ্ট (ইংৰাজী: 30 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪২তম (অধিবৰ্ষত ২৪৩তম) দিন। বছৰ শেষ হ'বলৈ ১২৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্ম[সম্পাদনা কৰক]

  1. ১৭৯৭ চনৰ এই দিনটোতে ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী ৱলষ্টনেক্ৰফট গডউিন শ্বেলীৰ জন্ম হয়। তেওঁৰ প্ৰসিদ্ধ ৰচনা ফ্ৰেংকেনষ্টাইন।
  2. ১৮৫২ চনৰ এই দিনটোতে নেদাৰলেণ্ডৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেনৰীৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে ১৯০১ চনত। তেওঁই নোবেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী।
  3. ১৮৭০ চনৰ এই দিনটোতে কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম হয়।
  4. ১৮৭১ চনৰ এই দিনটোতে পৰমাণু বিভাজনৰ অন্যতম পথ প্ৰদশৰ্ক লৰ্ড আৰ্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম হয়। ১৯০৮ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে।

মৃত্যু[সম্পাদনা কৰক]

  1. ২০০০ চনৰ এই দিনটোতে সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ মৃত্যু হয়।
  2. এই দিনটোতে উগ্ৰপন্থীৰ বোমা বিস্ফোৰণত ইৰাণী ৰাষ্ট্ৰপতি মঃ আলি ৰাজাই আৰু প্ৰধানমন্ত্ৰী মঃ বানোহৰৰ মৃত্যু হৈছিল।

অন্যান্য[সম্পাদনা কৰক]

  1. ১৯৯৭ চনৰ এই দিনটোতে অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰপৰা প্ৰত্যাগমন ঘটে।
  2. ১৯৯০ চনৰ এই দিনটোতে লোকসভাত সৰ্বসন্মতিক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনক স্বায়ত্ত্ব শাসন প্ৰদান কৰা ঐতিহাসিক ‘‘প্ৰচাৰ ভাৰতী বিধেয়ক’’খন গৃহীত হয়।
  3. ১৯৮৪ চনৰ এই দিনটোতে আমেৰিকাৰ স্পেচ ছাটল ‘‘ডিস্ক’ভাৰি’’ৰ প্ৰথমটো উৰণ সম্পন্ন হৈছিল।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]