১ নৱেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

১ নৱেম্বৰ (ইংৰাজী: 1 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩০৫তম (অধিবৰ্ষত ৩০৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৫৮ - ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ সামৰণি। সমগ্ৰ ভাৰতৰ শাসন ইংলেণ্ডৰ ৰাণী হস্তগত। ভাৰত আনুষ্ঠানিক ভাৱে ইংৰাজৰ অধীন হয়।
  • ১৮৮১ - ভাৰতৰ কলকাতাত প্ৰথমবাৰৰ বাবে ঘোঁৰাই টনা ট্ৰামৰ প্ৰচলন হয়।
  • ১৯৫৬ - ত্ৰিপুৰা আৰু দিল্লীক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা। ৰাজ্য পুনৰ্গঠন আয়োগৰ অনুমোদন অনুসৰি নতুন অন্ধ্ৰ প্ৰদেশ গঠিত হয় আৰু হায়দৰাবাদ ইয়াৰ ৰাজধানী হয়।
  • ১৯৬৬ - পঞ্জাব দ্বিখণ্ডিত হৈ দুখন স্বতন্ত্ৰ ৰাজ্য পঞ্জাব আৰু হাৰিয়ানা গঠন হয়। উভয়ৰে ৰাজধানী হয় চণ্ডীগড়
  • ১৯৭৩ - মহীশূৰ ৰাজ্যৰ নাম সলনি কৰি নতুন নাম কৰ্ণাটক কৰা হয়। লাক্ষাদ্বীপ, মিনিকয় আৰু আমিন ডিভিক একেলগে লাক্ষাদ্বীপ কৰি কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদা প্ৰদান কৰা হয়।
  • ১৯৯৮ - গুৱাহাটীৰ খানাপাৰাত গেছ টেংকাৰ বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু হয় , বিস্তৰ ক্ষয় ক্ষতি হয়।
  • ২০০০ - মধ্য প্ৰদেশৰ প্ৰায় এক তৃতীয়াংশ অঞ্চল সামৰি ছত্তীছগঢ় ৰাজ্য গঠন কৰা হয়।
  • ২০০০ - হৰেকৃষ্ণ ডেকাৰ অসম আৰক্ষীৰ সঞ্চালক ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে।
  • ২০০২ - এছ পি ভাৰুচাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ এই পদত ২০০২ চনৰ ৫ মে'ই লৈকে কাৰ্যনিবাহ কৰে।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব বিশুদ্ধ নিৰামিষভোজী (ভেগান) দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]