৯ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

৯ ডিচেম্বৰ (ইংৰাজী: 9 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৪৩তম (অধিবৰ্ষত ৩৪৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৰাজী[সম্পাদনা কৰক]

  • ১৯৪৬ - নতুন দিল্লীভাৰতীয় সংবিধান সভা প্ৰথমবাৰৰ বাবে বৈঠকত মিলিত হয়। “এই সংবিধান সভাৰ প্ৰথম কাম হৈছে নতুন সংবিধানৰ জৰিয়তে ভাৰতক মুক্ত কৰা, ভোকত থকা লোকসকলক খাদ্য যোগান ধৰা, আৰু উলংগ জনতাক কাপোৰ পিন্ধোৱা, আৰু প্ৰতিজন ভাৰতীয়ক তেওঁৰ সামৰ্থ্য অনুসৰি নিজকে বিকাশ কৰাৰ সম্পূৰ্ণ সুযোগ দিয়া — জৱাহৰলাল নেহৰু, কাৰ্যাৱলী সংবিধান সভা বিতৰ্ক।”
  • ১৯৭১ - বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত ভাৰতীয় সেনাই এক বিমান অভিযান মেঘনা হেলি ব্ৰীজ আৰম্ভ কৰে।
  • ১৯৯২ - মহাকাশচাৰী সকলে হাবল টেলিস্ক'পত ঘটা বিজুতি শুধৰাবলৈ সক্ষম হয়।
  • ২০১৯ - উত্তৰ-পূব ভাৰতৰ জনতাৰ ভাৱাবেগক নস্যাৎ কৰি লোকসভাত গৃহীত জাতিধ্বংসী কেব। মাজনিশা ৩১১-৮০ টা ভোটৰ ব্যৱধানত নিম্ন সদনৰ অনুমোদন বিতৰ্কিত বিধেয়কলৈ।

জন্ম[সম্পাদনা কৰক]

  • ১৪৮৪ - দৃষ্টিহী সুৰ দাস, প্ৰখ্যাত হিন্দী গায়ক।
  • ১৬০৮ - জন মিল্টন, ইংৰাজ ৰোমাণ্টিক কবি আৰু বুদ্ধিজীৱী। “পেৰাডাইজ লষ্ট” তেওঁৰ কালজয়ী কাব্যগ্ৰন্থ। পেৰাডাইজ লষ্টক এতিয়ালৈকে লিখা সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ ৰচনা বুলি গণ্য কৰা হয়, আৰু ই মিল্টনক ইতিহাসৰ পাতত অন্যতম মহান কবি হিচাপে বহুলভাৱে প্ৰতিষ্ঠা কৰিছিল। মৃত্যু ৮ নৱেম্বৰ, ১৬৭৪।
  • ১৮২৫ - ৰাও তুলাৰাম সিং এজন যদুবংশী অহিৰ ৰজা বা ৰেৱাৰীৰ মুৰব্বী আছিল। তেওঁ হাৰিয়ানাত ১৮৫৭ চনৰ ভাৰতীয় চিপাহী বিদ্ৰোহৰ অন্যতম নেতা আছিল, য'ত তেওঁক ৰাজ্যিক নায়ক বুলি গণ্য কৰা হয়। ১৮৫৭ চনৰ ১৭ মে তাৰিখে তেওঁ আৰু তেওঁৰ সম্পৰ্কীয় ভাই ৰাও গোপাল দেৱ লগতে চাৰিৰ পৰা পাঁচশ অনুগামীৰ সৈতে স্থানীয় তহচিলদাৰক ক্ষমতাচ্যুত কৰে আৰু ৰেৱাৰী দখল কৰে। তেওঁ প্ৰায় ৫০০০ সৈনিকৰ এটা বাহিনী তৈয়াৰ কৰিছিল আৰু বন্দুক আৰু অন্যান্য গোলাবাৰুদ নিৰ্মাণৰ বাবে এটা কাৰখানা স্থাপন কৰিছিল। ৰাও তুলাৰামে সম্ৰাট বাহাদুৰ শ্বাহ আৰু অন্যান্য বিদ্ৰোহী বাহিনীক সহায় কৰিছিল যিসকলে দিল্লীত ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ চলাই আছিল। মৃত্যু ২৩ ছেপ্তেম্বৰ, ১৮৬৩।
  • ১৮৮০ - ৰোকেয়া সাখাৱাত হোচেইন, ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক।
  • ১৮৮৯ - চন্দ্ৰনাথ শৰ্মা, স্বাধীনতা সংগ্ৰামী। অসম ৰাজ্যৰ প্ৰথম অসহযোগকাৰী আৰু অসমত কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী বলিষ্ঠ নেতা কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা। শোণিতপুৰ জিলাৰ বিহগুৰিৰ মেকনৰ ভিতৰুৱা অঞ্চলৰ পৰা গৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা এইগৰাকী ক্ষণজন্মা বাগ্মী পুৰুষৰ প্ৰচেষ্টাতেই জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসমত পদাৰ্পন কৰিছিল। মৃত্যু ২০ জুলাই, ১৯২২।
  • ১৯১৩ - হোমাই ভ্যাৰাৱালা, 15 জানুৱাৰী 2012), যাক সাধাৰণতে তেওঁৰ ছদ্মনাম দালদা-১৩ৰ দ্বাৰা জনা যায়। ভাৰতৰ প্ৰথম মহিলা ফটো সাংবাদিক আছিল। তেওঁ ১৯৩৮ চনত বম্বে ক্ৰনিকলৰ হৈ কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰে আৰু চহৰখনৰ দৈনন্দিন জীৱনৰ ছবি তুলি ধৰে। ভ্যাৰৱালাই অৱসৰৰ আগমুহূৰ্তলৈকে ১৯৪০ ৰ পৰা ১৯৭০ চনলৈকে ব্ৰিটিছ তথ্য সেৱাৰ বাবে কাম কৰিছিল । ২০১১ চনত তেওঁক ভাৰত গণৰাজ্যৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াত যোগদান কৰাৰ সময়ত মূলসুঁতিৰ প্ৰকাশনত যোগদান কৰা তেওঁ ভাৰতৰ প্ৰথম মহিলাসকলৰ ভিতৰত আছিল। মৃত্যু ১৫ জানুৱাৰী, ২০১২।
  • ১৯৩৭ - ভক্তিস্বৰূপ দামোদৰ স্বামী ,যাক ডঃ থৌড়ম দামোদৰ সিং বুলিও জনা যায়। শ্ৰদ্ধেয় শ্ৰীপদ (শ্ৰীপাদ) গৌড়িয় বৈষ্ণৱৰ এজন আধ্যাত্মিক নেতা, ধৰ্ম আৰু বিজ্ঞান সাহিত্যৰ লেখক। ১৯৭১ চনত তেওঁ এচি ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ পৰা আধ্যাত্মিক দীক্ষা লাভ কৰে আৰু কেইবছৰমানৰ পিছত তেওঁ ইণ্টাৰনেচনেল চছাইটি ফৰ কৃষ্ণ চেতনাৰ (হৰে কৃষ্ণ আন্দোলন নামেৰেও জনাজাত) এজন ধৰ্মীয় নেতা হৈ পৰে। মৃত্যু ২ অক্টোবৰ, ২০০৬।
  • ১৯৪৬ - ছোনিয়া গান্ধী, ইটালীয় মূলৰ ভাৰতীয় ৰাজনীতিক। প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ পত্নী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰা সভাপতি। তেওঁ ১৯৯৮ চনত তেওঁৰ স্বামী আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ সাত বছৰ পিছত দলৰ নেতা হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু একেৰাহে বাইশ বছৰ (২০১৭ চনলৈ) সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰে। পুনৰ তেওঁ ১০ আগষ্ট ২০১৯ চনৰ পৰা ২৬ অক্টোবৰ ২০২২লৈ অস্থায়ীভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৭৪ - শুভ্ৰজিৎ শইকীয়া, এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ যি অসম ক্ৰিকেট দলৰ হৈ ঘৰুৱা ক্ৰিকেট শৃংখলাত খেলিছিল। তেওঁ এজন বাওঁহাতৰ বেটছমেন যিয়ে সোঁ-হাতৰ মধ্যম গতিত বলিং কৰিছিল। ১৯৯৩/৯৪ বৰ্ষৰ ৰঞ্জী ট্ৰফীৰ শৃংখলাত অসমৰ হৈ প্ৰথম শ্ৰেণীত আত্মপ্ৰকাশ কৰে শইকীয়াই। তেওঁ ২৯খন লিষ্ট এ মেচৰ সৈতে ৪৩খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল য'ত তেওঁৰ সৰ্বাধিক ৰাণ ১২৭ আছিল। ২০১২/১৩ ঘৰুৱা শৃংখলাত অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক আছিল। প্ৰশিক্ষক হিচাপে তেওঁৰ কাৰ্যকালত দলটোৱে ২০১৩ চনৰ বিজয় হাজাৰে ট্ৰফীত ৰানাৰ্ছ আপ হৈছিল।
  • ১৯৭৫ - তিশানী দোশী, ভাৰতীয় কবি, সাংবাদিক আৰু নৃত্যশিল্পী।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৩২ - ৰোকেয়া সাখাৱাত হোচেইন, ব্ৰিটিছ ভাৰতত জন্মগ্ৰহণ কৰা নাৰীবাদী চিন্তাবিদ, শিক্ষাবিদ তথা সমাজ সংস্কাৰক।
  • ১৯৭১ - মহেন্দ্ৰনাথ মুল্লা ভাৰতীয় নৌ-সেনাৰ এজন সাহসী বিষয়া। তেওঁ ভাৰতীয় সামুদ্ৰিক বাহক আইএনএছ খুক্ৰিৰ অধিনায়ক আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত যেতিয়া পাকিস্তানী নৌ-সেনাই ভাৰতীয় নৌ-সেনাক আক্ৰমণ কৰিছিল তেতিয়া এখন পাকিস্তানী চাবমেৰিন ভাৰতীয় জলসীমাত ঘূৰি আছিল। যাক 'আইএনএছ খুক্ৰি' আৰু 'কিৰ্পন' জাহাজবোৰে বিচাৰি উলিয়াই ধ্বংস কৰিবৰ বাবে নিয়োজিত হৈ আছিল। কিন্তু পাকিস্তানী চাবমেৰিন 'হেংগৰ'য়ে খুক্ৰিক লক্ষ্য কৰি লৈছিল। কেপ্টেইন মহেন্দ্ৰনাথ মুল্লাই ডুব যোৱা খুক্ৰিক বচাবলৈ অস্বীকাৰ কৰিছিল আৰু শেষলৈকে সৈনিকসকলক ৰক্ষা কৰিছিল। আই.এন.এছ. খুক্ৰিৰ সৈতে, মহেন্দ্ৰনাথ মুল্লাইও পানীত সমাধি লৈছিল। তেওঁক মৰণোত্তৰভাৱে মহাবীৰ চক্ৰ প্ৰদান কৰা হৈছিল। জন্ম ১৯২৬ চনৰ ১৫ মে'
  • ২০০৫ - মহেন্দ্ৰ বৰঠাকুৰ, অসমীয়া বিশিষ্ট নাট্যকাৰ, কথা সাহিত্যিক আৰু শিক্ষক। বৰঠাকুৰ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল। তেখেত সমাজত জনপ্ৰিয় হৈছিল এগৰাকী নাট্যকাৰ হিচাপে। তেওঁ অসম নাট্য সন্মিলনৰ সভাপতি হিচাপে ২০০১ৰপৰা ২০০৩ লৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসমৰ নাট্যজগতৰ উপৰিও অসমীয়া বোলছবি জগতৰো স্বনামধন্য ব্যক্তি আছিল। তেওঁ ১৯৮৯ চনত অসমৰ শ্ৰেষ্ঠ ভ্ৰাম্যমাণ নাটকৰ বঁটা 'মুখ্যমন্ত্ৰী' নাটকখনৰ বাবে লাভ কৰিছিল আৰু ২০০১ চনত তেওঁক অসম চৰকাৰে শিল্পী দিৱসৰ দিনা শিল্পী বঁটাৰে সন্মানিত কৰিছিল। জন্ম ১ ছেপ্তেম্বৰ, ১৯৩৫ত শিৱসাগৰ জিলাৰ ম'হখুটি চাহ বাগিচাত।

দিৱস[সম্পাদনা কৰক]

  • আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস। দুৰ্নীতি বিৰোধী জনসজাগতা বৃদ্ধিৰ বাবে ২০০৩ চনৰ ৩১ অক্টোবৰত দুৰ্নীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সন্মিলনত প্ৰস্তাৱ গৃহীত হোৱাৰ পিছৰে পৰা বছৰি ৯ ডিচেম্বৰত আন্তৰ্জাতিক দুৰ্নীতি বিৰোধী দিৱস পালন কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]