৬ অক্টোবৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭  ১৮  ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০
৩১  

৬ অক্টোবৰ (ইংৰাজী: 6 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৯তম (অধিবৰ্ষত ২৮০তম) দিন। বছৰ শেষ হ'বলৈ ৮৬ দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৬২ – সাত বছৰীয়া যুদ্ধ: ব্ৰিটিছ সকলে স্পেইনৰ পৰা মানিলা দখল কৰে আৰু ইয়াক নিজৰ অধীন কৰে।
  • ১৯৪৩ – দ্বিতীয় বিশ্বযুদ্ধ: ক্ৰিটত এটা অৰ্ধসামৰিক গোটে তেৰজন নাগৰিকক জীৱিত অৱস্থাত জ্বলাই দিয়ে।
  • ১৯৪৮ - তুৰ্কমেনিস্তানৰ আশ্বগাবাট (Ashgabat) চহৰ ভূমিকম্পই (ৰিখটাৰ স্কেলত ৭.৩ জোখৰ) ধ্বংস কৰে। প্ৰতিবেদনসমূৰ মতে ১,১০,০০০ জনলৈকে লোক নিহত হৈছিল, যাৰ ফলত ই ১০টা আটাইতকৈ ভয়ংকৰ ভূমিকম্পৰ ভিতৰত এটা হৈ পৰিছিল।
  • ১৯৫৬ - বিজ্ঞানী এলবাৰ্ট চাবিনে ঘোষণা কৰে যে তেওঁৰ মৌখিক পলিঅ' ভেকছিন পৰীক্ষাৰ বাবে সাজু; ই সোনকালেই পৃথিৱীৰ বহুঠাইত জোনাছ চালকৰ ভেকছিনক স্থানান্তৰ কৰিব।
  • ১৯৮৩ - পাঞ্জাৱত ৰাষ্ট্ৰপতি শাসন প্ৰবৰ্তন কৰা হয়।
  • ১৯৮৭ – ফিজি গণৰাজ্যত পৰিণত হয়।
  • ১৯৯৫ – আন্য় এটা সূৰ্যক প্ৰদক্ষিণ কৰা প্ৰথম গ্ৰহ ৫১ পেগাচি বি আৱিষ্কাৰ হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৭৭৩ – লুই ফিলিপ প্ৰথম, ফ্ৰান্সৰ ৰজা। (মৃঃ ১৮৫০)
  • ১৮৯৩ - মেঘনাদ সাহা, ভাৰতীয় জ্যোতিৰ্বিজ্ঞানী, প্ৰতিষ্ঠান নিৰ্মাতা আৰু সাংসদ, তেখেতে 'আয়'নাইজেছন থিয়ৰী' বিকশিত কৰিছিল আৰু নক্ষত্ৰীয় বৰ্ণালীৰ ব্যাখ্যাত ইয়াৰ প্ৰয়োগ কৰিছিল।
  • ১৯৪৬ - বিনোদ খান্না, বলীউড অভিনেতা আৰু প্ৰযোজক।

মৃত্যু[সম্পাদনা কৰক]

ছুটী আৰু দিৱস[সম্পাদনা কৰক]

  • বিশ্ব মহাকাশ সপ্তাহৰ তৃতীয় দিন।(৪ ৰ পৰা ১০ অক্টোবৰলৈ পালন কৰা হয়)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


তথ্য সূত্ৰ[সম্পাদনা কৰক]