সমললৈ যাওক

মেঘনাদ সাহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মেঘনাদ সাহা

মেঘনাদ সাহা
জন্ম ৬ অক্টোবৰ,১৮৯৩
সাউৰাতলি, ঢাকা, বংগ প্ৰেচিডেঞ্চি, ব্ৰিটিছ ইণ্ডিয়া (বৰ্তমানৰ বাংলাদেশ)
মৃত্যু ১৬ ফেব্ৰুৱাৰি,১৯৫৬
নতুন দিল্লী, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান ঢাকা কলেজ
কলকাতা বিশ্ববিদ্যালয়
জনা যায় তাপীয় আয়নীকৰণ
সাহা আয়নীকৰণ সমীকৰণ
ক্ষেত্ৰ পদাৰ্থবিজ্ঞান
কৰ্মস্থান এলাহাবাদ বিশ্ববিদ্যালয়
কলকাতা বিশ্ববিদ্যালয়
লণ্ডনৰ ইম্পিৰিয়েল কলেজ
বিজ্ঞান-চৰ্চাৰ অৰ্থে ভাৰতীয় সংঘ(Indian Association for the Cultivation of Science)
শৈক্ষিক পৰামৰ্শদাতা জগদীশ চন্দ্ৰ বসু
প্ৰফুল্ল চন্দ্ৰ ৰায়
ডক্তৰেল বিদ্যাৰ্থী দৌলত সিং কোঠাৰী
স্বাক্ষৰ

মেঘনাদ সাহা (৬ অক্টোবৰ ১৮৯৩–১৬ ফেব্ৰুৱাৰি ১৯৫৬) এজন ভাৰতীয় জ্যোতিপদাৰ্থবিজ্ঞানী।[1][2] মেঘনাদ সাহাৰ জীৱনৰ অনন্য কৃতি হৈছে সাহা আয়নীকৰণ সমীকৰণ যিটো সূত্ৰৰ দ্বাৰা নক্ষত্ৰৰ ৰাসায়নিক আৰু ভৌতিক অৱস্থা ব্যাখ্যা কৰিব পাৰি। এইটো সূত্ৰৰ জ্যোতিপদাৰ্থবিজ্ঞানত উল্লেখনীয় গুৰুত্ব আছে।[3] তাপগতিবিজ্ঞান আৰু পৰমাণুতত্ত্বৰ সহায় লৈ তেওঁ সূৰ্য আৰু অন্যান্য জ্যোতিষ্কবিলাকৰ উষ্ণতা, আয়নীকৰণ আদিৰ সম্পৰ্ক গাণিতিকভাৱে উপস্থাপন কৰিছিল।[4] নক্ষত্ৰৰ বৰ্ণালী আৰু উষ্ণতাৰ মাজত সম্পৰ্ক স্থাপন কৰা মেঘনাদ সাহাই হৈছে প্ৰথমজন বিজ্ঞানী। ৰাজনৈতিকভাৱে সক্ৰিয় মেঘনাদ সাহাক ১৯৫২ চনত ভাৰতীয় সংসদলৈ নিৰ্বাচিত কৰা হয়।[5]

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

বৰ্তমানৰ বাংলাদেশৰ ঢাকাস্থিত সাউৰাতলি নামৰ এখন গাঁৱত মেঘনাদ সাহাৰ জন্ম হৈছিল। দেউতাকৰ নাম আছিল জগন্নাথ সাহা আৰু মাতৃ আছিল ভুৱনেশ্বৰী দেৱী।[4] মেঘনাদ এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হোৱা হেতুকে জীৱনত যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁক ঢাকা কলেজিয়েট স্কুলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। [6] তেওঁৰ দেউতাকৰ আৰ্থিক অৱস্থা একেবাৰেই শোচনীয় আছিল। দেউতাকৰ দোকানত সা-সামগ্ৰী বিক্ৰী কৰিয়েই তেওঁ প্ৰাথমিক পৰীক্ষা পাছ কৰিছিল আৰু সাতমাইল আঁতৰত থকা ইংৰাজী বিদ্যালয়ত নাম লগাইছিল। পঢ়া-শুনাত তেও বৰ চোকা আছিল। তেওঁৰ প্ৰতিভাত বিমুগ্ধ হৈ অনন্ত কুমাৰ দাস নামৰ স্কুলৰ ওচৰৰ এজন লোকে মেঘনাদক নিজৰ ঘৰতে খোৱা আৰু থকাৰ ব্যৱস্থা কৰি দিলে। তেওঁৰ ঘৰত থাকিয়েই মেঘনাদে ১৯০৫ চনত ঢাকা অঞ্চলৰ পৰা প্ৰথম হৈ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু এটা বৃত্তিও লাভ কৰে। ১৯০৯ চনত তেওঁ ঢাকাৰে আন এখন স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা দিয়ে আৰু ঢাকা বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়। তাৰপিছত তেওঁ ঢাকা কলেজৰ বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু তাৰ দুবছৰৰ পিছত তৃতীয় স্থান লাভ কৰি ইণ্টাৰমিডিয়েট পৰীক্ষা পাছ কৰে। তাৰ পিছত তেওঁ বি.এছ.চি পঢ়িবলৈ কলিকতাৰ প্ৰেচিডেঞ্চি কলেজলৈ আহে।[4]

কলিকতাৰ শিক্ষা-জীৱন

[সম্পাদনা কৰক]
বাৰ্লিনত সাহা, ১৯২১

কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত বি.এছ.চি আৰু এম.এছ.চি পঢ়োঁতে তেওঁ লগ পাইছিল বংগদেশৰ আন এজন খ্যাতনামা পদাৰ্থবিদ সত্যেন্দ্ৰনাথ বসুক। দুয়োয়ে গণিতত অনাৰ্ছ লৈছিল আৰু একেলগে ফলিত গণিত অধ্যয়ন কৰিছিল। মেঘনাদে দুয়োটা পৰীক্ষাতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পাইছিল। অৱশ্যে সকলো সময়তে কেৱল পঢ়াৰ মাজতে আৱদ্ধ হৈ নাথাকি মেঘনাদে সামাজিক কৰ্মবোৰতো আগভাগ লৈছিল। সেই সময়ত ভাৰতত দেখা দিয়া স্বদেশী আন্দোলনতো মেঘনাদ জড়িত হৈ পৰিছিল। বংগদেশৰ অন্যতম বিপ্লৱী বাঘা যতীন তেওঁৰ অন্তৰংগ বন্ধু আছিল। কলিকতাত তেওঁ প্ৰসিদ্ধ বিজ্ঞানী জগদীশ চন্দ্ৰ বসু আৰু প্ৰফুল্ল চন্দ্ৰ ৰায়কো লগ পায়। তেওঁলোক আছিল মেঘনাদৰ শিক্ষক। সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আছিল ছাৰ আশুতোষ মুখাৰ্জী। তেঁৱেই মেঘনাদক ১৯১৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ সদ্যপ্ৰতিষ্ঠিত 'ইউনিভাৰ্ছিটি কলেজ অৱ চায়েন্স'ত পদাৰ্থবিজ্ঞানৰ অধ্যাপক হিচাপে নিয়োগ কৰে। [4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

সাহাৰ প্ৰথমটো বৈজ্ঞানিক প্ৰবন্ধ ১৯১৭ চনত প্ৰকাশ পায়, ব্ৰিটেইনৰ বিখ্যাত 'ফিল'ছফিকেল মেগাজিন'ত। ১৯১৮ চনত বিদ্যুৎ চুম্বকীয় তত্ত্বৰ বিষয়ে কৰা কেতবোৰ কামৰ বাবে তেওঁক স্বীকৃতি দি কলিকতা বিশ্ববিদ্যালয়ে ডি.এছ.চি. উপাধি প্ৰদান কৰে। ১৯১৯ চনত 'হাৰ্ভাৰ্ড ক্লাছিফিকেশ্যন অব্ ষ্টেলাৰ স্পেট্ৰা' নামৰ এখন গৱেষণা গ্ৰন্থৰ বাবে তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেমচান্দ-ৰায়চা্ন্দ বৃত্তি লাভ কৰে। কিন্তু তেওঁক বিশ্বৰ বিজ্ঞান সমাজত অধিক জনপ্ৰিয় কৰি তোলে ১৯২০ চনত ফিল'ছফিকেল মেগাজিন'ত প্ৰকাশিত অইন এটা নিবন্ধইহে। তেওঁৰ তেতিয়া বয়স মাথোন সাতাইছ বছৰ। তেওঁৰ সেই আৱিষ্কাৰটো আছিল তাপীয় আয়নীকৰণ তত্ত্ব অৰ্থাৎ Theory of Thermal Ionisation.(। ) এই তত্ত্বক আধাৰ হিচাপে লৈয়েই তেওঁ সাহা আয়নীকৰণ সূত্ৰৰ ভেটি নিৰ্মাণ কৰিছিল। সাহাৰ এই সূত্ৰটোৰ সহায়ত নক্ষত্ৰ-সৃষ্টিৰ নানানটা উপাদানৰ আয়নীকৰণ অৱস্থাৰ বতৰা লোৱাটো সম্ভৱপৰ হৈছিল। মেঘনাদ সাহাৰ এই কামটো পৰৱৰ্তী পৰ্যায়ত ৰাল্ফ এইচ্ছ. ফাউলাৰ আৰু এডৱাৰ্ড আৰ্থাৰ মিলেনেই পৰিৱৰ্ধন কৰিছিল। [7]

কলিকতা বিশ্ববিদ্যালয়ত কেইগৰাকীমান বিজ্ঞানীৰ সৈতে

সত্যেন্দ্ৰনাথ বসুৰ লগ লাগি তেওঁ তাপবিজ্ঞান সম্পৰ্কে এটি মূল্যৱান নিবন্ধ লিখি উলিয়াইছিল। সেই সূত্ৰটো গেছীয় পদাৰ্থৰ অৱস্থা সম্পৰ্কে আছিল-যাক সাহা-বোস অৱস্থা সমীকৰণ(Saha-Bose Equation of State) বুলি জনা যায়। ইয়াৰ উপৰিও তেওঁলোকে দুয়ো মিলি আইনষ্টাইনৰ আপেক্ষিকতাবাদ সম্পৰ্কীয় একাধিক মৌলিক নিবন্ধ জাৰ্মানীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিছিল। [4]

সৌৰ ৰশ্মিৰ ওজন আৰু চাপ জুখিবৰ বাবে সাহাই এক বিশেষ ধৰণৰ আহিলা উদ্ভাৱন কৰি উলিয়াইছিল। যন্ত্ৰটোৰ নাম আছিল চাইক্ক'ট্ৰন।[4] কেইবাখনো বিজ্ঞান অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়াৰ আঁৰতো মেঘনাদ সাহাৰ অনবদ্য ভূমিকা আছে। তাৰ ভিতৰত অন্যতম হৈছে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগ আৰু কলিকতাৰ নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান। বিজ্ঞান আৰু সংস্কৃতি(Science and Culture) নামৰ পত্ৰিকাখন তেওঁৱেই পোনপ্ৰথমে প্ৰকাশ কৰিছিল। মৃত্যুৰ সময়লৈকে তেওঁ সেই পত্ৰিকাখনৰ সম্পাদক আছিল। সেইসময়ৰ কেইবাখনো বিজ্ঞান-মঞ্চ, সভা প্ৰতিষ্ঠা কৰাৰ মূল প্ৰেৰণা আছিল মেঘনাদ সাহা। তাৰ ভিতৰত ১৯৩০ চনত স্থাপিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী, ১৯৩৪ চনত স্থাপিত হোৱা ভাৰতীয় পদাৰ্থবিজ্ঞান সমাজ আৰু ১৯৩৫ চনত স্থাপিত হোৱা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অন্যতম। বিজ্ঞান-চৰ্চাৰ অৰ্থে ভাৰতীয় সংঘনামৰ বহুজনসমাদৃত মঞ্চখনত তেওঁ সঞ্চালকৰ (১৯৫৩-১৯৫৬) পদত অধিষ্ঠিত হৈছিল। ১৯৪৩ চনত কলিকতাত স্থাপিত হোৱা সাহা নিউক্লিয়াৰ পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান এইজনা বিজ্ঞানীৰেই দীৰ্ঘস্থায়ী কীৰ্তিস্তম্ভ। [8].

'বিজ্ঞান-চৰ্চাৰ অৰ্থে ভাৰতীয় সঙ্ঘ'ৰ প্ৰাংগনত সাহাৰ আবক্ষ মূৰ্তি
বিজ্ঞান,প্ৰযুক্তিবিদ্যা আৰু কৃষি বিশ্ববিদ্যালয় কলেজত সাহাৰ মূৰ্তি
বিৰলা উদ্যোগিক আৰু প্ৰযুক্তিবিদ্যা সংগ্ৰাহালয়ত সাহাৰ আবক্ষ মূৰ্তি

উল্লেখযোগ্য সন্মান আৰু স্বীকৃতি

[সম্পাদনা কৰক]
  1. ১৯৩০,'৩৭, '৩৯.'৪০,'৫১,'৫৫ চনত পদাৰ্থ বিজ্ঞানত ন'বেল বঁটাৰ বাবে একাধিকবাৰ নাম প্ৰস্তাৱ। কিন্তু ন'বেল সমিতিয়ে সেই প্ৰস্তাৱক 'প্ৰায়োগিক দিশ আছে,কিন্তু এইয়া উদ্ভাৱন নহয়' বুলি কৈ প্ৰত্যেকবাৰেই প্ৰত্যাখ্যান কৰে।[9]
  2. ১৯২৭ চনত ৰয়েল ছ'ছাইটিৰ সভ্য।
  3. ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ত 'খাইৰা প্ৰফেচাৰ' পদ।
  4. ১৯৫২ চনত লোকসভাৰ সাংসদ নিৰ্বাচিত।
  5. আমেৰিকা আৰু ফ্ৰান্সৰ 'জ্যোতিৰ্বিজ্ঞান সন্থা'ৰ সদস্য।
  6. 'আমেৰিকান একাডেমী অব্ ছায়েন্স'ৰ আজীৱন সদস্য।
  7. ১৯০৩ চনত 'এছিয়াটিক ছ'চাইটি'ৰ সভ্য। দুবছৰ সভাপতি।
  8. ১৯৩৮ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ সন্মানীত সভ্য।
  9. ১৯২৬ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ পদাৰ্থ বিজ্ঞান আৰ গণিত শাখাৰ সভাপতিত্ব।
  10. ১৯৩৪ চনত 'ভাৰতীয় বিজ্ঞান কংগ্ৰেছ'ৰ মূল সভাৰ সভাপতিত্ব।[4]

ধৰ্মীয় বিচাৰধাৰা

[সম্পাদনা কৰক]

মেঘনাদ সাহাই ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰা নাছিল। তেওঁ এজন নাস্তিক আছিল। [10][11]

এইজনা স্মৰণীয় বিজ্ঞান-মনিষীৰ ১৯৫৬ চনৰ ১৬ ফেব্ৰুৱাৰিত নতুন দিল্লীত পৰলোকপ্ৰাপ্তি ঘটে। দিল্লীৰ পৰিকল্পনা আয়োগৰ কাৰ্যালয়লৈ গৈ থকা সময়ত তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰে আৰু তেওঁ মৃত্যুক সাবটি লয়। [4][12] মৃত্যুৰ সময়ত মেঘনাদ সাহাৰ বয়স আছিল ৬৩ বছৰ। তাৰ পিছদিনা কলিকতাৰ কেউৰাতলা শ্মশানস্থলীত তেখেতৰ দেহ সৎকাৰ কৰা হয়। [13]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.britannica.com/biography/Meghnad-N-Saha
  2. http://physicstoday.scitation.org/doi/10.1063/PT.3.3267
  3. http://www.sciencehistory.org/distillations/magazine/a-forgotten-star
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 বৰ্মন, ড॰ শিৱনাথ (২০১২). বিশ্বৰ বৰেণ্য বিজ্ঞানী. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২২০-২২৪. 
  5. http://www.sciencehistory.org/distillations/magazine/a-forgotten-star
  6. http://en.banglapedia.org/index.php?title=Saha,_Meghnad
  7. John B. Hearnshaw, The Analysis of Starlight: Two Centuries of Astronomical Spectroscopy (2014) p.136
  8. Anderson, Robert S. (2010). Nucleus and Nation Scientists, International Networks, and Power in India. Chicago: University of Chicago Press. ISBN 9780226019772
  9. http://www.shaker.de/de/content/catalogue/index.asp?lang=de&ID=8&ISBN=978-3-8440-2654-2
  10. Chatterjee, Santimay; Chatterjee, Enakshi (1984). Meghnad Saha, scientist with a vision. National Book Trust, India. p. 5. Even though he later came to be known as an atheist, Saha was well-versed in all religious texts— though his interest in them was purely academic.
  11. Robert S. Anderson (2010). Nucleus and Nation: Scientists, International Networks, and Power in India. University of Chicago Press. p. 602. ISBN 9780226019758. a self-described atheist, saha loved swimming in the river and his devout wife loved the sanctity of the spot. swimming and walking were among the few things they could do together.
  12. "Nation Mourns Meghnad Saha". The Indian Express. 17 February 1956. pp. 1, 7.
  13. "Saha's Remains Cremated". The Indian Express. 18 February 1956.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]