অৰবিন্দ ত্ৰিবেদী
অৰবিন্দ ত্ৰিবেদী | |
|---|---|
| সংসদৰ সদস্য, লোকসভা | |
| কাৰ্যকাল ১৯৯১ – ১৯৯৬ | |
| পূৰ্বসূৰী | মগনভাই পাটেল |
| উত্তৰসূৰী | নিশা চৌধুৰী |
| সমষ্টি | চাবৰকন্থা, গুজৰাট |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৮ নৱেম্বৰ, ১৯৩৮ ইন্দৰ, ইন্দৰ ৰাজ্য, বৃটিছ ভাৰত (বৰ্তমান মধ্যপ্ৰদেশ, ভাৰত) |
| মৃত্যু | ৬ অক্টোবৰ, ২০২১ (৮২ বছৰ) মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| দাম্পত্যসঙ্গী | নলিনী ত্ৰিবেদী |
| সম্বন্ধীয় | উপেন্দ্ৰ ত্ৰিবেদী (ভাতৃ) |
| পেচা | অভিনেতা, ৰাজনীতিবিদ |
অৰবিন্দ ত্ৰিবেদী (ইংৰাজী: Arvind Trivedi; ৮ নৱেম্বৰ ১৯৩৮ – ৬ অক্টোবৰ ২০২১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ৪০ বছৰৰো অধিক কাল ধৰি গুজৰাটী চলচ্চিত্ৰত কাম কৰিছিল। ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰি তেওঁ অধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷[1][2] তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে গুজৰাটৰ চাবৰকন্থাৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল।
ৰাজনৈতিক কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৯১ চনত অৰবিন্দ ত্ৰিবেদীয়ে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে চাবৰকন্থা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল আৰু ১৯৯৬ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
স্বীকৃতি
[সম্পাদনা কৰক]গুজৰাট চৰকাৰে প্ৰদান কৰা গুজৰাটী চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনয়ৰ বাবে তেওঁ সাতটা বঁটা লাভ কৰিছিল।[3]
চলচ্চিত্ৰপঞ্জী
[সম্পাদনা কৰক]| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
|---|---|---|---|---|
| ১৯৭১ | পৰায়া ধন | হিন্দী | ||
| ১৯৭১ | জেচাল তোৰাল | জেচাল | গুজৰাটী | |
| ১৯৭২ | জঙ্গল মেঁ মঙ্গল | হিন্দী | ||
| ১৯৭৩ | আজ কী তাজা খবৰ | ইনস্পেক্টৰ | হিন্দী | credited as "Arvind Trivadi" |
| ১৯৮৪ | কুনৱাৰবি নু মমেৰুন | নাৰছিন মেহতা | গুজৰাটী | |
| ১৯৭৪ | ত্ৰিমূৰ্তি | বলৰাম | হিন্দী | প্ৰধান খলনায়ক |
| ১৯৭৪ | হোথান পদ্মিনি | গুজৰাটী | ||
| ১৯৭৫ | জোগিদাস খুমন | গুজৰাটী | ||
| ১৯৭৫ | শেতাল নে কানথে | গুজৰাটী | ||
| ১৯৭৬ | সন্তু ৰাঙিলী | গুজৰাটী | ||
| ১৯৭৭ | পাইছো বোলে চেহ | গুজৰাটী | ||
| ১৯৭৮ | ভগত গোৰা কুম্ভাৰ | গুজৰাটী | ||
| ১৯৭৯ | হম তেৰে আশিকি হেঁ | বলৰাম | হিন্দী | |
| ১৯৮০ | মণিয়াৰো | গুজৰাটী | ||
| ১৯৮২ | ঢলি | গুজৰাটী | ||
| ১৯৮৯ | সাতি তোৰাল | গুজৰাটী | ||
| ১৯৮৯ | দাদা নে ভাহলি দিক্ৰি | গুজৰাটী | ||
| ১৯৯৮ | দেশ ৰে জয়া দাদা পৰদেশ জয়া | দাদাজী | গুজৰাটী |
টেলিভিচন
[সম্পাদনা কৰক]| বৰ্ষ | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ১৯৮৫ | বিক্ৰম ঔৰ বেতাল | যোগী | ডিডি নেশ্যনেল | |
| ১৯৮৭ | ৰামায়ণ | ৰাৱণ, ঋষি বিশ্ৰবা | ||
| ১৯৯৫ | বিশ্বমিত্ৰ | সত্যব্ৰত ত্ৰিশনকু |
মৃত্যু
[সম্পাদনা কৰক]২০২১ চনৰ ৬ অক্টোবৰ তাৰিখে পুৱা প্ৰায় ৯:৩০ বজাত তেওঁ হাৰ্ট এটেকৰ ফলত মৃত্যুবৰণ কৰে। মুম্বাইত থকা তেওঁৰ কান্দিৱালী বাসগৃহত তেওঁৰ মৃত্যু হয়।[4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Actor Arvind Trivedi, the Ravana in 'Ramayan', passes away; Modi pays tribute". The Economic Times. 6 October 2021. https://economictimes.indiatimes.com/magazines/panache/actor-arvind-trivedi-the-ravana-in-ramayan-passes-away/articleshow/86800741.cms। আহৰণ কৰা হৈছে: 6 October 2021.
- ↑ "Behind the scenes: Dress designers to actors & deities". The Tribune. 20 April 2003. http://www.tribuneindia.com/2003/20030420/spectrum/main5.htm.
- ↑ উদ্ধৃতি ত্ৰুটি: অবৈধ
<ref>টেগ;:0নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই - ↑ "Ramayan actor Arvind Trivedi passes away at 82; co-stars Dipika Chikhlia, Arun Govil and more offer condolences". Nirali Kanabar. Times Now. 6 October 2021. https://www.timesnownews.com/entertainment-news/article/ramayan-actor-arvind-trivedi-passes-away-at-82-co-stars-dipika-chikhlia-arun-govil-and-more-offer-condolences/820846। আহৰণ কৰা হৈছে: 6 October 2021.
- ↑ "Arvind Trivedi, Ramayan’s Raavan, dies of heart attack, Sunil Lahiri offers condolences" (en ভাষাত). Hindustan Times. 2021-10-06. https://www.hindustantimes.com/entertainment/tv/arvind-trivedi-lankesh-ramayan-s-raavan-dies-of-heart-attack-sunil-lahiri-offers-condolences-101633481788357.html। আহৰণ কৰা হৈছে: 2021-10-06.