লী ক'ৰবাজিয়ে
লী ক'ৰবাজিয়ে | |
---|---|
![]() লী ক'ৰবাজিয়ে | |
নাম | Charles-Édouard Jeanneret |
জন্ম | অক্টোবৰ ৬ , ১৮৮৭ La Chaux-de-Fonds, Switzerland |
মৃত্যু | আগষ্ট ২৭ , ১৯৬৫ (৭৭ বছৰ) Roquebrune-Cap-Martin, France |
দেশ | Swiss / French (from 1930) |
বঁটা | AIA Gold Medal (1961) |
চাৰ্লছ-এডৱাৰ্ড জিয়েনেৰেট-গ্ৰীজ (ইংৰাজী: Charles-Édouard Jeanneret-Gris),যাক প্ৰধানকৈ লী ক'ৰবাজিয়ে (ইংৰাজী: Le Corbusier) (French: [lə kɔʁbyzje];৬ অক্টোবৰ, ১৮৮৭– ২৭ আগষ্ট, ১৯৬৫) নামেৰে জনা যায়, এগৰাকী খ্যাতনাম স্থপতিবিদ, শিল্পী আৰু লেখক৷ তেওঁক আধুনিক স্থপতিবিদ্যাৰ জনকসকলৰ মাজত অন্যতম বুলি গণ্য কৰা হয়৷ ইউৰোপ, ভাৰত, আমেৰিকাৰ বিভিন্ন অঞ্চলত সিঁচৰিত হৈ থকা বিভিন্ন অট্টালিকাসমূহ তেওঁৰ পাঁচটা দশক জোৰা স্থপতিবিদ্যাৰ নিদৰ্শন৷
জীৱন[সম্পাদনা কৰক]
লী ক'ৰবাজিয়েৰ জন্ম হৈছিল ৬ অক্টোবৰ, ১৮৮৭ চনত ছুইজাৰলেণ্ডৰ এখন সৰু চহৰত ৷ শৈশৱৰে পৰা তেওঁ স্থপতিবিদ্যাত আগ্ৰহী হৈ উঠিছিল৷ তেওঁ বুডাপেষ্ট আৰু পেৰিছত উচ্চশিক্ষা লাভ কৰে৷ ১৯০৮ চনত তেওঁ ভিয়েনাত স্থপতিবিদ্যা অধ্যয়ন কৰে৷ ১৯১০-১৯১১ তলী ক'ৰবাজিয়েই বাৰ্লিনত প্ৰখ্যাত স্থপতিবিদ পিটাৰ বেহৰেনছ (Peter Behrens)ৰ অধীনত কাম কৰিবলৈ লয়৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ চাৰিবছৰ জুৰি ছুইজাৰলেণ্ডত আধুনিক স্থপতিবিদ্যাৰ অধ্যয়ন কৰে৷ [1] পৰৱৰ্ত্তীকালত তেওঁ স্বাধীনভাৱে কাম কৰিবলৈ লয়৷
১৯১৮ চনত তেওঁ চিত্ৰশিল্পী 'Amédée Ozenfant' সৈতে মিলি কাম আৰম্ভ কৰে 'Purism' নামৰ এটা নতুন চিত্ৰশিল্পৰ আন্দোলনৰ জন্ম দিয়ে৷ ১৯২০ চনত তেওঁ পেৰিছৰ শিল্পীসকলৰ মাজত প্ৰচলিত জনপ্ৰিয় ট্ৰেণ্ড অনুসৰি নিজৰ নামটো লী ক'ৰবাজিয়ে লৈ সলনি কৰে৷
ব্যক্তিগত জীৱন[সম্পাদনা কৰক]
লী ক'ৰবাজিয়েই 'Yvonne Gallis' নামৰ এগৰাকী ফেশ্বন মডেলৰ স'তে বিবাহ পাশত আবদ্ধ হয়৷ কিন্তু ১৯৫৭ চনত তেওঁৰ মৃত্যু হয়৷ বিবাহ-বৰ্ইভূতভাৱে লী ক'ৰবাজিয়েৰ 'Marguerite Tjader Harris' নামৰ এগৰাকী মহিলাৰ সৈতে বহুদিনিয়া সম্পৰ্ক থকাৰ কথা জনা যায়৷
১৯৩০ চনত লী ক'ৰবাজিয়েই ফ্ৰান্সৰ নাগৰিকত্ব গ্ৰহণ কৰে৷[1]
১৯৬৫ চনৰ ২৭ আগষ্ট তাৰিখে ক'ৰাবজিয়ে ডাক্তৰৰ পৰামৰ্শ আওকাণ কৰি সাগৰলৈ সাঁতুৰিবলৈ যায়৷ সিদিনাই সাগৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়৷ হৃদযন্ত্ৰ বিকল হৈ তেওঁৰ মৃত্যু হ'ল বুলি ধাৰণা কৰা হয়৷
অৱদান[সম্পাদনা কৰক]
- ১৯২৩: Villa La Roche, পেৰিছ
- ১৯২৫: Villa Jeanneret, পেৰিছ
- ১৯২৮: Villa Savoye, Poissy-sur-Seine, ফ্ৰান্স
- ১৯২৯: Cité du Refuge, Armée du Salut,পেৰিছ
- ১৯৩১: Palace of the Soviets, মস্কো
- ১৯৩১: Immeuble Clarté, ছুইজাৰলেণ্ড
- ১৯৩৩: Tsentrosoyuz, মস্কো
- ১৯৪৭: Unité d'Habitation, ,ফ্ৰান্স
- ১৯৪৯-১৯৫২: United Nations headquarters, নিউয়ৰ্ক
- ১৯৫০-১৯৫৪: Chapelle Notre Dame du Haut, ফ্ৰান্স
- ১৯৫১: Maisons Jaoul, Neuilly-sur-Seine, ফ্ৰান্স
- ১৯৫১: আহমেদাবাদৰ বিভিন্ন অট্টালিকা
- ১৯৫১: Sanskar Kendra Museum,আহমেদাবাদ
- ১৯৫১: ATMA House
- ১৯৫১: Villa Sarabhai, আহমেদাবাদ
- ১৯৫১: Villa Shodhan, আহমেদাবাদ
- ১৯৫২: Unité d'Habitation of Nantes-Rezé, ফ্ৰান্স
- ১৯৫২-৫৯: চণ্ডীগড়ৰ বিভিন্ন অট্টালিকা
- ১৯৫২: Punjab and Haryana High Court
- ১৯৫২: Government Museum and Art Gallery
- ১৯৫৩:Secretariat Building (Chandigarh)
- ১৯৫৩:Governor's Palace (Chandigarh)
- ১৯৫৫: Palace of Assembly (Chandigarh)
- ১৯৫৯: Government College of Art (GCA) and the Chandigarh College of Architecture
- ১৯৫৭: Maison du Brésil,পেৰিছ
- ১৯৫৭-১৯৬০: Sainte Marie de La Tourette, ফ্ৰান্স
- ১৯৫৭: Unité d'Habitation of Berlin-Charlottenburg,বাৰ্লিন
- ১৯৬৪-১৯৬৭: Patrimoine Le Corbusier de Firminy-Vert
- ১৯৬৪: Unité d'Habitation of Firminy, ফ্ৰান্স
- ১৯৬৫: Maison de la culture de Firminy-Vert
- ১৯৬৭: Heidi Weber Museum ছুইজাৰলেণ্ড
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Choay, Françoise, le corbusier (1960), pp. 10-11. George Braziller, Inc. ISBN 0-8076-0104-7.
- Behrens, Roy R. (2005). Cook Book: Gertrude Stein, William Cook and Le Corbusier. Dysart, Iowa: Bobolink Books. ISBN 0-9713244-1-7.
- Brooks, H. Allen (1999) Le Corbusier's Formative Years: Charles-Edouard Jeanneret at La Chaux-de-Fonds, Paperback Edition, University of Chicago Press, ISBN 0-226-07582-6
- Eliel, Carol S. (2002). L'Esprit Nouveau: Purism in Paris, 1918 - 1925. New York: Harry N. Abrams, Inc. ISBN 0-8109-6727-8
- Curtis, William J.R. (1994) Le Corbusier: Ideas and Forms, Phaidon, ISBN 978-0-7148-2790-2
- Frampton, Kenneth. (2001). Le Corbusier, London, Thames and Hudson.
- Jencks, Charles (2000) Le Corbusier and the Continual Revolution in Architecture, The Monacelli Press, ISBN 978-1-58093-077-2
- Jornod, Naïma and Jornod, Jean-Pierre (2005) Le Corbusier (Charles Edouard Jeanneret), catalogue raisonné de l’oeuvre peint, Skira, ISBN 88-7624-203-1
- Von Moos, Stanislaus (2009) Le Corbusier: Elements of A Synthesis, Rotterdam, 010 Publishers.
- Weber, Nicholas Fox (2008) Le Corbusier: A Life, Alfred A. Knopf, ISBN 0-375-41043-0
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
- Fondation Le Corbusier - Official site
- Ben Flatman: "Proportional Systems in the architecture of Le Corbusier"
- Corbusier's Working Lifestyle: 'Working with Corbusier'
- Le Corbusier in Artfacts.Net
- Plummer, Henry. Cosmos of Light: The Sacred Architecture of Le Corbusier. Bloomington: Indiana University Press, 2013.
- "Le Corbusier and the Sun". solarhousehistory.com. http://solarhousehistory.com/blog/2013/10/28/le-corbusier-and-the-sun.