২১ জানুৱাৰী
Jump to navigation
Jump to search
২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী[সম্পাদনা কৰক]
- অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা, বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল ১৯৮১ চনৰ আজিৰ দিনটোতে।
- গজেন বৰুৱা। নৃত্যশিল্পীৰূপে ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা, প্ৰথম অসমীয়া কথাছবি "জয়মতী"ৰ অভিনেতা ‘‘শোণিতকোঁৱৰ’’ৰ মৃত্যু হৈছিল ১৯৭৭ আজিৰ দিনটোতে।
- উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা হৈছিল ২০০৮ বৰ্ষৰ আজিৰ দিনটোতে।
- উত্তৰ-পূৱ ভাৰতৰ এখন ৰাজ্য, যাৰ ৰাজধানী ইম্ফল, সেই মণিপুৰ ৰাজ্য প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
- ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম এখন ৰাজ্য ত্ৰিপুৰাৰ প্ৰতিষ্ঠা হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে।
- ১৯৭২ চনৰ আজিৰ দিনটোতে ‘‘নেফা’’ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত কেন্দ্ৰীয় শাসিত অঞ্চললৈ পৰিৱৰ্তিত হৈ শাসনভাৰ এজন মুখ্য-আয়ুক্তৰ হাতত অৰ্পিত হয়।
- আজিৰ দিনটোতে ১৯৯৪ চনত কাছাৰৰ শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
- ভাৰতত কপিৰাইট আইন প্ৰৱৰ্তন কৰা হৈছিল ১৯৫৮ চনৰ আজিৰ দিনটোতে।
- ১৭৯৩ চনৰ আজিৰ দিনটোতে ফৰাচী সম্ৰাট ষোড়শ লুইক গিলোটিনত মৃত্যুদণ্ড বিহা হৈছিল।
- ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
- প্লুটু গ্ৰহ আৱিষ্কাৰ হৈছিল ১৯৩০ চনৰ আজিৰ দিনটোতে।
- ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল ১৯৫০ চনৰ আজিৰ দিনটোতে।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ২১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউয়ৰ্ক টাইমচ, এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
|