গজেন বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গজেন বৰুৱা
জন্ম ১৯১৫
ডেকাসুন্দৰ গাঁও, জামুগুৰিহাট, শোণিতপুৰ, অসম
মৃত্যু ২১ জানুৱাৰী. ১৯৭৭
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজী বাৰেচহৰীয়া ভাওনা উত্তৰোত্তৰ শ্ৰীবৃদ্ধি

গজেন বৰুৱা এজন অসমীয়া নৃত্যশিল্পী আৰু সাংস্কৃতিক কৰ্মী। ১৯১৫ চনত শোণিতপুৰ জিলাতেজপুৰ মহকুমাৰ জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁৱত গজেন বৰুৱাৰ জন্ম হয়৷ নৃত্যশিল্পীৰূপে তেখেত ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰাৰ লগতে তেখেতে প্ৰথম অসমীয়া কথাছবি "জয়মতী"ত অভিনয় কৰিছিল। বিশাল সাংস্কৃতিক অৱদানৰ বাবে তেখেতক 'শোণিতকোঁৱৰ' উপাধিৰে অলংকৃত কৰা হৈছিল।[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

১৯৩৫ চনৰ শেষৰফালে নিজৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ অজ্ঞাতে ঘৰৰ পৰা হঠাত ওলাই গৈ গজেন বৰুৱাই কলিকতাশান্তি নিকেতনত উপস্থিত হৈ চিত্ৰাংকনৰ শিক্ষা লয়। তাৰপিছত কলিকতা এৰি লাহোৰৰ 'কেপিটেল চিনে ষ্টুডিঅ'ত সহকাৰী শিল্পী হিচাপে বৰুৱাই যোগদান কৰে আৰু সেই প্ৰতিষ্ঠানতে চিত্ৰকলাৰ এটা বিশেষ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে৷ পিছত লাহোৰ এৰি দিল্লীলৈ আহি বিখ্যাত নৃত্যবিদ গোপালকৃষ্ণনৰ লগত কাম কৰে৷ সত্ৰীয়া নৃত্যৰ লাস্যময়তাত সন্মোহিত হৈ গোপালকৃষ্ণনে বৰুৱাক তেওঁৰ "অৰিয়েণ্টেল বেলেট" নামৰ নৃত্য দলত অন্তৰ্ভুক্ত কৰে আৰু এই নৃত্যদলৰ পৰাই তেওঁ এগৰাকী ৰাষ্ট্ৰীয় মানবিশিষ্ট নৃত্যশিল্পী হিচাপে সমাদৃত হয়৷ দিল্লীত থকা সময়ছোৱাৰ ভিতৰত বিশ্ববিশ্ৰুত ফৰাচী নৃত্যপটীয়সী লা মেৰীৰ সৈতে বৰুৱাৰ সংযোগ ঘটে৷ পিছত মেৰীয়ে তেওঁৰ নৃত্যদলৰ লগত বৰুৱাক আদৰি লয় আৰু লাহোৰ, কৰাচী, বোম্বে, বৰোডা, ভূপাল, দিল্লী, কলিকতা, ঢাকা আদি ভাৰতৰ বিভিন্ন ঠাইত নৃত্য প্ৰদৰ্শন কৰে৷[1]


লা মেৰী ফ্ৰান্সলৈ যোৱাৰ পিছত বৰুৱাই মাদ্ৰাজলৈ গৈ বিশ্বনাথন আৰু মাধৱ মেননৰ দৰে প্ৰসিদ্ধ নৃত্যবিদৰ ওচৰত কথাকলি আৰু অন্যান্য দক্ষিণ ভাৰতীয় নৃত্যধাৰাৰ চৰ্চা কৰে৷ ইয়াৰ পিছত চল্লিশৰ দশকৰ আৰম্ভণিতে "নটৰাজৱসী" নৃত্যদলত যোগদান কৰি অসমীয়া লোকনৃত্য আৰু সত্ৰীয়া নৃত্য পৰম্পৰাক ভাৰতৰ বাহিৰলৈ লৈ যোৱাৰ সুযোগ লাভ কৰে৷ এই অনুষ্ঠানৰ মাধ্যমেৰে তেওঁ ৰেংগুন, থাইলেণ্ড, ছিংগাপুৰ, হানয়, বলিভিয়া আৰু ভূটানৰ নানান ঠাইত নৃত্য পৰিৱেশন কৰে৷ বিদেশ ভ্ৰমণৰ পিছত জব্বলপুৰত নিজাববীয়াকৈ এখন সংগীত বিদ্যালয় খুলি ছাত্ৰ-ছাত্ৰীৰ সহযোগত এটা নতুন নাট্যদলৰ গঠন কৰে৷[1]

সাংস্কৃতিক জীৱন[সম্পাদনা কৰক]

বিষ্ণুপ্ৰসাদ ৰাভা আৰু ইৰাণীসেন হাজৰিকাৰ সৈতে গজেন বৰুৱা

সৰু কালৰে পৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ শিল্প-চেতনা আৰু কৰ্ম আঁচনিয়ে বৰুৱাক গভীৰভাৱে আকৃষ্ট কৰে আৰু তেওঁলোকৰ সান্নিধ্য আৰু সংস্পৰ্শলৈ অহাৰ লগে লগে বৰুৱাৰ সন্মুখত সৃষ্টিশীল প্ৰতিভা প্ৰকাশৰ পথ উন্মোচিত হৈ পৰে৷ তেওঁৰ সুন্দৰ চেহেৰা আৰু মধুৰ আচৰণৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক মুগ্ধ কৰে৷ সেয়ে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ "ৰাজকোঁৱৰ"ৰ চৰিত্ৰাভিনয়ৰ বাবে বৰুৱাক নিৰ্বাচন কৰে৷ বৰুৱাৰ সফল চৰিত্ৰ ৰূপায়ন আৰু তেওঁৰ জাপি নৃত্যজয়মতীৰ জয়যাত্ৰাত এক যোগাত্মক মাত্ৰা প্ৰদান কৰে৷ ১৯৪৪ চনত বৰুৱাদেৱে কলিকতাত 'কামৰূপ কলা ভৱন' নামেৰে এটি নৃত্য-চৰ্চা কেন্দ্ৰ স্থাপন কৰি কামৰূপী, সত্ৰীয়া আৰু অন্যান্য জনগোষ্ঠীয় নৃত্য-শিক্ষাৰ ব্যৱস্থা কৰে৷ ১৯৪৬-৪৭ চনত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ ভালেমান ঠাইত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও জনগোষ্ঠীয় নৃত্য-কলাৰ পৰম্পৰাও আয়ত্ত কৰে৷[1]

৪০ৰ দশকৰ শেষৰফালে তেখেতে নিজৰ জন্মস্থান জামুগুৰি আৰু ইয়াৰ শ্ৰমজীৱী জনগণৰ গ্ৰাম্য চিন্তা-চেতনা, সমাজিক আচৰণ, ৰীতি-নীতি, পৰম্পৰাগত কৰ্মকাণ্ডৰ প্ৰতি আগ্ৰহাম্বিত হয়৷ ঘৰলৈ আহিয়েই "কৃষ্টি বিকাশ কেন্দ্ৰ" নামৰ অনুষ্ঠান খুলি ভালেসংখ্যক যুৱক-যুৱতীক অনুপ্ৰাণিত কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন ঠাইত নৃত্য-গীত পৰিৱেশন কৰে৷ জামুগুৰীহাটত "বাপুজী ভৱন ৰংগমঞ্চ"ৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ যোৱা ব্যক্তিজনে[2] জীৱনৰ শেষত ১৮-২০ বছৰ বৰুৱাদেৱে শংকৰী নাট-ভাওনা সংস্কৃতি প্ৰদৰ্শন কৰা বাৰেচহৰীয়া ভাওনাৰ জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সমস্ত চিন্তা-ভাৱনা আৰু কৰ্ম নিয়োজিত কৰে৷[3] তেওঁ বাৰেচহৰীয়া ভাওনাৰ বাবে থলী নিৰ্মাণৰ লগতে সুন্দৰ পট আঁকি উলিওৱাৰ লগতে বাৰেচহৰীয়া ভাওনাৰ আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, নন্দনতাত্তিক মূল্যায়ন সম্পৰ্কীয় ভালেমান তথ্যগধূৰ নিবন্ধ লিখি ইংৰাজী আৰু হিন্দী ভাষাত সৰ্বভাৰতীয় শীৰ্ষস্থানীয় সংবাদ-পত্ৰত প্ৰকাশ কৰি ভাৰতৰ ভিতৰে-বাহিৰে বিশ্বৰ এই সাংস্কৃতিক পৰম্পৰাক জনাজাত কৰি তুলিলে৷[1]

মৃত্যু[সম্পাদনা কৰক]

এই শিল্পীগৰাকীয়ে ১০৩৪-৩৫ চনৰপৰা ১৯৭৩-৭৪ চন পৰ্যন্ত বিৰামহীনভাৱে সৰ্বভাৰতত অসমীয়া নৃত্যকলাৰ উৎকৰ্ষ, ইয়াৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে উৎসৰ্গিত সেৱা আগবঢ়াই ১৯৭৭ চনৰ ২১ জানুৱাৰীৰ দিনা ৬২ বছৰ বয়সত মৃত্যুক সাৱটি লয়৷[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 অসমীয়া প্ৰতিদিন, ভবেন বৰা, ২২ জানুৱাৰী ২০১২
  2. অসমীয়া প্ৰতিদিন, দীপ্তিমান বৰঠাকুৰ, ২৩ জানুৱাৰী ২০১২
  3. Anjana Mahanta (October 30, 2003). "Return to indigenous culture". The Telegraph. http://www.telegraphindia.com/1031030/asp/northeast/story_2512905.asp। আহৰণ কৰা হৈছে: February 20, 2013.