সমললৈ যাওক

স্নেহ দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা


স্নেহ দেৱী

স্নেহ দেৱী
জন্ম ১৯১৬
ভাৰত যোৰহাট, অসম
মৃত্যু ৫ অক্টোবৰ, ১৯৯০
ৰাষ্ট্ৰীয়তা ভাৰতীয়

স্নেহ দেৱী এগৰাকী অসমীয়া সাহিত্যিক।

জন্ম আৰু প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯১৬ চনত যোৰহাটত স্নেহ দেৱীৰ জন্ম হয়। এখেতৰ পিতৃৰ নাম আছিল নন্দধৰ বৰুৱা আৰু মাতৃৰ নাম আছিল কিৰণময়ী দেৱী। মাত্ৰ পঞ্চম শ্ৰেণীতে তেখেতে আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰি সৰু কালতে বিবাহপাশত আৱদ্ধ হয়।

সাহিত্য

[সম্পাদনা কৰক]

১৯৫৩ চনত ‘জোৱাৰৰ পাছত’ নামেৰে এটা গল্প লিখি ৰামধেনুৰ যোগেদি স্নেহ দেৱীয়ে পোনপ্ৰথমবাৰৰ বাবে সাহিত্য জগতত আত্মপ্ৰকাশ কৰে।

প্ৰকাশিত গল্প সংকলন

[সম্পাদনা কৰক]
  • কৃষ্ণা দ্বিতীয়াৰ জোনাক (১৯৫৮)
  • স্নেহ দেৱীৰ একুকি গল্প (১৯৮৭)

১৯৯০ চনত এখেতক মৰোণোত্তৰভাবে সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হয়।[1]

১৯৯০ চনৰ ৫ অক্টোবৰ তাৰিখে যোৰহাটত স্নেহ দেৱীয়ে ইহলীলা সম্বৰণ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]