বেংছতা
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বেংছতা | |
---|---|
লেখক | অপূৰ্ব কুমাৰ শইকীয়া |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | গল্প-সংকলন |
প্ৰকাশ | নৱেম্বৰ, ২০১৬, (আঁক-বাক প্ৰকাশন) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৭৫ |
আই.এচ.বি.এন. | ৯৩-৮৫৯৩৪-২১-৬ |
বেংছতা (ইংৰাজী: Bengsata) হৈছে অসমীয়া গল্পকাৰ-সাহিত্যিক অপূৰ্ব কুমাৰ শইকীয়াৰ দ্বাৰা লিখিত এখন গল্পৰ সংকলন। গ্ৰন্থখন পোনপ্ৰথমবাৰৰ বাবে ২০১৬ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত হৈছিল। প্ৰকাশন গোষ্ঠী আছিল আঁক-বাক। গ্ৰন্থখনে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হয়।[1] গল্প-সংকলনখনিত মুঠতে ঊনৈশটা গল্প সন্নিৱিষ্ট হৈছে।[2]
গল্পকাৰৰ চমু পৰিচয়
[সম্পাদনা কৰক]অপূৰ্ব কুমাৰ শইকীয়া বৃত্তিগতভাৱে এগৰাকী চিকিৎসক। তেখেতৰ জন্ম হয় ১৯৬২ চনত। জন্ম স্থান নগাঁও। তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। তেখেতৰ গ্ৰন্থ সমূহ হৈছে: ১) গল্প সংকলন : ব্যৰ্থ নায়ক (১৯৯৮), বিষয়ঃ প্ৰেমৰ সংবিধান (২০০০),মাটি আখৰা (২০০৩),বজাৰত এদিন (২০০৭), লিংগমুক্ত পৃথিৱীৰ সাধু এটা (২০১১), বেংছতা (২০১৬), চ’তৰ উৰহী (২০১৯) ২) প্ৰৱন্ধ সংকলন : অসমীয়া মানুহৰ জিন (২০১৬)
৩) সম্পাদনা : দেশী-বিদেশী গল্প সম্ভাৰ(২০২১)
গ্ৰন্থৰ চমু পৰিচিতি
[সম্পাদনা কৰক]বেংছতাত ভিন্ন বিষয়ৰ মুঠতে ঊনৈশটা গল্প সন্নিৱিষ্ট হৈছে।[2] সেইকেইটা হৈছে-
- বেংছতা
- ওলমা বাদুলী
- নীলা চৰাই
- বিচ্ছিন্নতাবাদৰ গল্প
- হৃদয়
- এটা গল্পৰ জন্ম বৃত্তান্ত
- তৰা দ্বীপ ইত্যাদি
- বান্দৰ
- বাঁও বাট
- ব্ৰহ্মাণ্ড-সংগীত
- ৰোগ
- জীৱনৰ জ্যামিতি
- এটা সন্দেহৰ দাম
- মোট
- প্ৰভু তুমি প্ৰথম পুৰুষ
- বিজ্ঞাপনৰ পৃথিৱী
- মই
- দেহ ব্যৱসায়
- জুমুঠি
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "‘বেংছতা’ৰ স্ৰষ্টা অপূৰ্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমি বঁটা". নিউজ লাইভ. https://newslivetv.com/sahitya-academy-award-to-apurba-kumar-saikia/। আহৰণ কৰা হৈছে: 29 April 2021.
- ↑ 2.0 2.1 "BENGSATA বেংছতা : অপূৰ্ব কুমাৰ শইকীয়া (AANK-BAAK)". https://www.scientiabooks.in/product/bengsata/। আহৰণ কৰা হৈছে: 29 April 2021.
|