ৰীতা চৌধুৰী
ড॰ ৰীতা চৌধুৰী | |
---|---|
![]() | |
জন্ম | ১৭ আগষ্ট, ১৯৬০ নামপং, টিৰাপ, অৰুণাচল প্ৰদেশ |
পেচা | ঔপন্যাসিক, কবি, প্ৰবক্তা |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ![]() |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এম.এ., এল.এল.বি., পি.এইচ.ডি. |
সময় | ১৯৮১-বৰ্তমানলৈ |
সাহিত্যিক বিপ্লৱ | অসম আন্দোলন |
উল্লেখনীয় কৰ্মৰাজি | দেও লাংখুই মাকাম |
উল্লেখযোগ্য বঁটা | অসম সাহিত্য সভা বঁটা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা (২০০৬), সাহিত্য অকাডেমি বঁটা (২০০৮)[1] |
দাম্পত্যসংগী | চন্দ্ৰমোহন পাটোৱাৰী |
ৱেবছাইট | ritachowdhury.in |
ড॰ ৰীতা চৌধুৰী (জন্ম:১৭ আগষ্ট,১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক।[2][3] মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেখেতৰ উল্লেখযোগ্য সাহিত্যিক অৱদান । তেখেতে ২০১৫ চনৰ জুলাই মাহৰ পৰা ২০২০ চনৰ জানুৱাৰী মাহলৈ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।[4] তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত । পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে ।
প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]
ৰীতা চৌধুৰীয়ে উজনি হাফলং প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পিছত মাৰ্ঘেৰিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ে। ১৯৮০ চনত চৌধুৰীৰ পৰিয়াল গুৱাহাটীলৈ উঠি আহে।[5] তেখেতে অসমীয়া আৰু ৰাজনীতি বিজ্ঞান দুয়োটাতে স্নাতক উপাধি লাভ কৰে। তদুপৰি তেখেতে আইনৰ এল.এল.বি. গ্ৰহণ কৰাৰ লগতে ৰাজনীতি বিজ্ঞানত পি.এইচ.ডি.ও কৰে।
অসম আন্দোলনৰ সময়ছোৱাত তেখেত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত জড়িত আছিল। আন্দোলনৰ কাৰ্য-কলাপৰ বাবে তেখেতে গুৱাহাটীত দুবাৰ আৰু ডিব্ৰুগড়ত তিনিবাৰ কাৰাবাস খাটিছিল।[5]
সাহিত্যকৃতি[সম্পাদনা কৰক]
চৌধুৰীৰ জীৱনৰ প্ৰথমখন উপন্যাস আছিল ১৯৮১ চনত লিখা "অবিৰত যাত্ৰা"।[3] ইয়াৰ বাবে তেখেত অসম সাহিত্য সভাই আয়োজন কৰা উপন্যাসৰ পাণ্ডুলিপি প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে। অসম আন্দোলনৰ সময়ত আত্মগোপন কৰি থকা অৱস্থাত তেখেতে এই উপন্যাসখন লিখি উলিয়াইছিল। ২০০১-২০০২ বৰ্ষত তেখেত "আধাৰশিলা"ৰ সম্পাদকো আছিল। ২০০৫ চনত তেখেতৰ "দেও লাংখুই উপন্যাসখন প্ৰকাশিত হয় আৰু সেইখনৰ বাবেই ২০০৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে । তাৰ পিছত চৌধুৰীৰ ২০১০ চনত প্ৰকাশিত উপন্যাস "মাকামে" বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত তিনিচুকীয়া জিলাৰ মাকুমৰ পৰা বন্দী কৰি ৰাজস্থানলৈ লৈ যোৱা ১৫০০ জন চীনা-ভাৰতীয় লোকৰ দুখ-দুৰ্দশাৰ কাহিনী ইয়াত বৰ্ণিত হৈছে। ইতিমধ্যে ইয়াৰ আধাৰত চলচ্চিত্ৰৰ পৰিকল্পনাও কৰা হৈছে।[6]
উপন্যাস[সম্পাদনা কৰক]

- অবিৰত যাত্ৰা (১৯৮১)
- তীৰ্থভূমি (১৯৮৮)
- মহা জীৱনৰ আধাৰশিলা (১৯৯৩)
- নয়না, তৰালী, সুজাতা (১৯৯৬)
- পপীয়া তৰাৰ সাধু (১৯৯৮)
- ৰাগ মালকোশ (১৯৯৯)
- জল পদ্ম (১৯৯৯)
- হৃদয় নিৰুপায় (২০০৩)
- দেও লাংখুই (২০০৫)
- মাকাম (২০১০)
- এই সময় সেই সময়
- ৰাজীৱ ঈশ্বৰ
- জাহ্নবী
- মায়াবৃত্ত (২০১২)
- বিভ্ৰান্ত বাস্তৱ
- মৰে অসম, জীয়ে কোন (২০২১)
কবিতা[সম্পাদনা কৰক]
- সুদূৰ নক্ষত্ৰ (১৯৮৯)
- বনৰীয়া বতাহৰ সুঁহুৰি (১৯৯৬)
- অলপ পোহৰ অলপ আন্ধাৰ (১৯৯৭)
- বগা মাটিৰ তুলসী (১৯৯৯)
বঁটা[সম্পাদনা কৰক]
- অসম সাহিত্য সভা বঁটা, ১৯৮১[3]
- কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা, ২০০৬[3] (দেও লাংখুই)
- সাহিত্য অকাডেমি বঁটা, ২০০৮[2][7][8] (দেও লাংখুই)
- অসম উপত্যকা সাহিত্য বঁটা (২০১৭)[9]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ 2.0 2.1 "Literary feats lauded". The Assam Tribune. (Monday, December 29, 2008). http://www.assamtribune.com/scripts/details.asp?id=dec2908/City2। আহৰণ কৰা হৈছে: 2009-10-22.
- ↑ 3.0 3.1 3.2 3.3 "Chowdhury, Narzary given Akademi award". The Assam Tribune. (Wednesday, February 18, 2009). http://www.assamtribune.com/scripts/details.asp?id=feb1809/at05। আহৰণ কৰা হৈছে: 2009-10-22.
- ↑ "Chowdhury new NBT Director". 2015-07-16. http://www.telegraphindia.com/1150717/jsp/northeast/story_32029.jsp#.VakPljMclvF। আহৰণ কৰা হৈছে: 2015-07-17.
- ↑ 5.0 5.1 "The heart yearns for days of yore". The Telegraph. (Saturday, January 17, 2009). http://www.telegraphindia.com/1090117/jsp/guwahati/story_10399209.jsp। আহৰণ কৰা হৈছে: 2011-09-15.
- ↑ "Silver screen aspires to immortalise Makam". The Telegraph. (Saturday, December 4, 2010). http://www.telegraphindia.com/1101204/jsp/northeast/story_13255012.jsp। আহৰণ কৰা হৈছে: 2011-09-15.
- ↑ Editor, Assam Times (2008-12-23). "Sahitya Academy award to 2 Assamese litterateurs". http://www.assamtimes.org/knowledge-development/2474.html। আহৰণ কৰা হৈছে: 2009-08-02.
- ↑ "Sahitya Adademi Awards for Choudhury, Narzary". 2008-12-23. http://www.highbeam.com/doc/1P3-1617166911.html। আহৰণ কৰা হৈছে: 2009-07-08.
- ↑ "সনন্ত তাঁতী, ৰীতা চৌধুৰী আৰু য়েছে দৰজে ঠংচিলৈ অসম উপত্যকা সাহিত্য বঁটা". জনমভূমি. ৪ ফেব্ৰুৱাৰী, ২০১৮. https://janambhumi.in/VFZSak5FMVVSVDA9/%E0%A6%B8%E0%A6%A8%E0%A6%A8%E0%A7%8D%E0%A6%A4-%E0%A6%A4%E0%A6%BE%E0%A6%81%E0%A6%A4%E0%A7%80,-%E0%A7%B0%E0%A7%80%E0%A6%A4%E0%A6%BE-%E0%A6%9A%E0%A7%8C%E0%A6%A7%E0%A7%81%E0%A7%B0%E0%A7%80-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%AF%E0%A6%BC%E0%A7%87%E0%A6%9B%E0%A7%87-%E0%A6%A6%E0%A7%B0%E0%A6%9C%E0%A7%87-%E0%A6%A0%E0%A6%82%E0%A6%9A%E0%A6%BF%E0%A6%B2%E0%A7%88-%E0%A6%85%E0%A6%B8%E0%A6%AE-%E0%A6%89%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A6%BE-%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%AC%E0%A6%81%E0%A6%9F%E0%A6%BE.html। আহৰণ কৰা হৈছে: 28 April 2020.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|
|