বেণুধৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেণুধৰ শৰ্মা
জন্ম ১৬ নৱেম্বৰ, ১৮৯৪
চাৰিং, শিৱসাগৰ, অসম
মৃত্যু ২৬ ফেব্ৰুৱাৰী, ১৯৮১
পেচা সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তিযোদ্ধা, গৱেষক, বুৰঞ্জীবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
উল্লেখনীয় কৰ্মৰাজি কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৬০)
পদ্মভূষণ (মৰণোত্তৰ ভাবে)

বেণুধৰ শৰ্মা (ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি।[1] ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল।[2] ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।[3] তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ' আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক 'বুৰঞ্জী সূৰ্য' আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।[4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

জন্ম[সম্পাদনা কৰক]

বেণুধৰ শৰ্মাই ১৮৯৪ চনৰ ১৫ নৱেম্বৰত অসমশিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয় তুলসী দেৱী[5]

শিক্ষা আৰু কৰ্মজীৱন[সম্পাদনা কৰক]

বেণুধৰ শৰ্মাই শিৱসাগৰৰ চাৰিঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত ১৯১৫ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হয়। উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁৰ উচ্চ শিক্ষা আধৰুৱা হৈ ৰয়। বেণুধৰ শৰ্মাই কিছুদিনৰ বাবে শিৱসাগৰৰ ফুলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাটৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল। তেওঁ হাতী মহলাত কাম কৰাৰ পৰা দোকান দিয়ালৈকে বিভিন্ন কাম কৰি তেওঁ জীৱন যুঁজত আগবাঢ়িছিল। ইয়াৰ মাজতে ঘৰফলীয়া কংগ্ৰেছ নামেৰে এটা ৰাজনৈতিক দল খুলি ৰাজনীতিৰো কিছুদিন সোৱাদ লৈছিল। তেওঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা তৰুণ অসমৰো তেওঁ সম্পাদক আছিল।[4]

  • ১৯০১ চনত তেওঁ চমাৰগাঁও পাঠশালাত ভৰ্তি হয়।
  • ১৯০৫ চনত তেওঁ শিৱসাগৰ গৱৰ্ণমেণ্ট হাইস্কুলত নাম ভৰ্তি কৰে।
  • ১৯১৫ চনত মেট্ৰিকুলেছন পৰীক্ষাত উৰ্ত্তীৰ্ণ হয়।

মৃত্যু[সম্পাদনা কৰক]

১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু ঘটে।

সাহিত্যৰাজি[সম্পাদনা কৰক]

গ্ৰন্থ সংকলন

  • ৰবিনচন ক্ৰূচ (১৯১৮)
  • কংগ্ৰছ গাইড (১৯২৬)
  • জৱহৰলাল নেহেৰুৰ জীৱনী (১৯৩৫),
  • ৰাংপতা (১৯৪৩)
  • মঙ্গলতিৰ কণ্ঠমালা (১৯৪৬)
  • সাতাৱন ছাল (১৯২৭)
  • গঙ্গাগোবিন্দ ফুকন (১৯৫০)
  • মণিৰাম দেৱান (১৯৫০)
  • বেজবৰুৱাৰ ধনঞ্জয় বায়ু,
  • অসম দেশ,
  • হাড় কাটোনৰ দেশ,
  • অসমত সোণ কমোৱা ব্যৱসায়,
  • অসমীয়া লো আৰু হিলৈ,
  • অসমীয়া টাইপ ৰাইটাৰ,
  • কটকী চৰিত্ৰ,
  • অসমীয়া চাহৰ গুৰি কথা,
  • অসমত ইছলামৰ সূত্ৰপাত,

  • দূৰবীণ (১৯৫১)
  • অসম সাহিত্য সভাৰ বুৰঞ্জী শাখাৰ অভিভাষণ (১৯৫৩)
  • অসম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ (১৯৫৬)
  • কংগ্ৰছৰ কাঁচিয়ালি ৰ’দত (১৯৫৯)[6]
  • লাতুমণি (১৯৫৯)
  • দুনৰি (১৯৫৯)
  • অৰ্ঘ্যাৱলী (১৯৬৭)
  • অসম বুৰঞ্জীৰ উপকৰণ,
  • মোগল খেদাৰ আখৰা,
  • তুৰ্বক সেনাৰ প্ৰেতাত্মা,
  • গদাধৰ সিংহৰ ব্ৰহ্মোত্তৰ দান,
  • লাচিত বৰফুকৰনৰ প্ৰশস্তি প্ৰস্তৰ,
  • দেশদ্ৰোহী কোন বদন নে পূৰ্ণানন্দ?
  • বুৰঞ্জীৰ মৰণোত্তৰ পৰীক্ষা জয়মতী কুঁৱৰী
  • আহোমৰ দিনৰ বিদ্যা,
  • বয়সে মানুহক বুঢ়া নকৰে,
  • বাগিচা চাহাবৰ প্ৰকৃতি,

  • দক্ষিণপাট সত্ৰ (১৯৬৮)
  • ফুল চন্দন (১৯৬৮)
  • মৰমৰ কাৰেং (১৯৬৮)
  • চটাই-চ’ৰাৰ কথা (১৯৬৯)
  • হেমচন্দ্ৰ গোস্বামীৰ ৰচনাৱলী (১৯৭১)
  • হেমচন্দ্ৰ গোস্বামীৰ জীৱনী (১৯৭১)
  • মণিৰাম দেৱানৰ গীত (১৯৭৬)
  • বিহু সম্ভাষণ,
  • বিহু আৰু হুঁচৰি,
  • বহাগ বিহুৰ বৈশিষ্ট্য,
  • বিহুৰ পুৰণি জিলিঙণি,
  • সেই বুৰঞ্জী প্ৰসিদ্ধ ৰঙালী বিহুতে,
  • বুৰঞ্জীৰ মৌ কোঁহ,
  • অসমত ফিৰিঙি,

গ্ৰন্থ সংকলন (ইংৰাজী)

  • Rebellion of 1857,
  • via a vis Assam (১৯৫৭)
  • Wadis Account of Assam (১৯২৭ )

সাংবাদিকৰূপে বেণুধৰ শৰ্মা[সম্পাদনা কৰক]

  • ১৯০৫ চনৰ পৰাই তেওঁ 'অসম বন্তি', 'অসম বিলাসিনী, অসমীয়া, 'অমৃতবজাৰ পত্ৰিকা, 'ষ্টেটছমেন' আৰু 'পায়নীয়াৰ' আদি কাককত লিখিবলৈ আৰম্ভ কৰিছিল।
  • ১৯৩৫ চনৰ পৰা ডেৰ বছৰ তেওঁ 'দৈনিক বাতৰি'ৰ সহকাৰী সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯৩৭ চনৰ পৰা দুবছৰ ধৰি 'তৰুণ অসম' কাকত তেওঁ সম্পাদনা কৰিছিল[7]

মুক্তিযোদ্ধাৰূপে বেণুধৰ শৰ্মা[সম্পাদনা কৰক]


অন্যান্য কৰ্মৰাজী[সম্পাদনা কৰক]


বঁটা[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা(পৃষ্ঠা নং- ১৭)
  3. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা Archived 2013-01-29 at the Wayback Machine অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২
  4. 4.0 4.1 ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃষ্ঠা. ৭৮,৭৯. 
  5. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক :- সমীন কলিতা(পৃষ্ঠা নং- ২১)
  6. Amaresh Datta (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃষ্ঠা. 273–. ISBN 978-81-260-1803-1. http://books.google.com/books?id=ObFCT5_taSgC&pg=PA273। আহৰণ কৰা হৈছে: 28 November 2012. 
  7. সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া, লিখক: সমীন কলিতা (পৃষ্ঠা নং- ২০)