শীলা বৰঠাকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শীলা বৰঠাকুৰ
জন্ম ১৯৩৫
যোৰহাট, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ২১ জুন ২০২০
বামুণীমৈদাম, গুৱাহাটী, অসম
শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়
পেচা সমাজসেৱী
অধ্যাপিকা
জনা যায় সদৌ অসম লেখিকা সমাৰোহ সমিতি
দাম্পত্যসঙ্গী ষড়ানন বৰঠাকুৰ
পিতৃ-মাতৃ নবীন শৰ্মা
প্ৰিয়লতা দেৱী
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী, ২০০৮

শীলা বৰঠাকুৰ (১৯৩৫ - ২১ জুন ২০২০) এগৰাকী ভাৰতীয় সমাজসেৱী আৰু লেখিকা। অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে স্থাপন কৰা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তেওঁ প্ৰতিষ্ঠাপক আছিল।[1] ১৯৭৪ চনৰ পৰা ১৯৭৬ চনলৈ, ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈ আৰু ১৯৯৩ চনৰ পৰা ১৯৯৪ চনলৈ তেওঁ তিনিটা কাৰ্যকাল এই সংগঠনৰ সভানেত্ৰী আছিল। ১৯৭৬ চনৰ পৰা ১৯৯০ চনলৈ তেওঁ দুটা কাৰ্যকাল সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকাও আছিল।[2]

২০০৮ চনত ভাৰত চৰকাৰে তেওঁৰ সমাজসেৱামূলক অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৩৫ চনত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত অসম প্ৰদেশৰ যোৰহাটত শীলা বৰঠাকুৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ নবীন শৰ্মা আৰু মাতৃ প্ৰীতিলতা দেৱী। তেওঁ বাল্যকাল বৰ্তমান বাংলাদেশৰ ৰাজধানী ঢাকা চহৰত কটাইছিল।[3] প্ৰাথমিক শিক্ষা ঢাকাত আৰম্ভ হ’লেও পৰৱৰ্তী সময়ত তেওঁ যোৰহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। তাৰপিছত তেওঁ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। নৃত্যশিল্পী ষড়ানন বৰঠাকুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছত তেওঁ তেজপুৰ চৰকাৰী উচচতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত শিক্ষকতা বৃত্তিৰে কৰ্মজীৱনৰ পাতনি মেলিছিল।

গীত-নৃত্যত ৰাপ থকা শীলা বৰঠাকুৰে ১৯৬১ চনত লক্ষ্ণৌৰ ভাটখাণ্ডে বিদ্যাপীঠৰ পৰা ‘চেতাৰ বিভাগ’ত প্ৰথম শ্ৰেণী লাভ কৰি ‘সংগীত বিশাৰদ’ উপাধি লাভ কৰিছিল।

শিক্ষকতা[সম্পাদনা কৰক]

শিক্ষকতাৰ কৰি থাকোঁতে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু অসমৰ সামাজিক পৰিবৰ্তনৰ ওপৰত গৱেষণা কৰি ১৯৯৩ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ তেজপুৰদৰং মহাবিদ্যালয়ত দৰ্শন বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰে।[4] ১৯৭৯ চনত তেজপুৰৰ প্ৰথম মহিলা মহাবিদ্যালয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয় স্থাপন হোৱাত তেওঁ ইয়াৰ প্ৰথম অধ্যক্ষা হিচাপে যোগদান কৰে।

সমাজসেৱা[সম্পাদনা কৰক]

তেওঁ দৰং মহাবিদ্যালয়ত অধ্যাপনা কৰি থাকোঁতে অসমত মহিলাৰ বাবে এক সাহিত্যিক সংগঠন গঠন কৰাৰ সপোন পুহি ৰাখিছিল। পিছলৈ তেওঁ ১৯৭৪ চনত অসমৰ লেখিকা সকলৰ সামাজিক আৰু সাংস্কৃতিক উত্থানৰ বাবে সদৌ অসম লেখিকা সমাৰোহ সমিতি গঠন কৰিছিল।[5] ইয়াৰ লগতে পঢ়া-শুনা এৰি দিয়া প্ৰাপ্তবয়স্ক সকলৰ বাবে তেওঁ তেজপুৰত পাঁচটা শিক্ষা প্ৰগ্ৰেম গঠনত অহোপুৰুষাৰ্থ কৰিছিল। তেওঁ নলিনীবালা দেৱী, ধৰ্মেশ্বৰী দেৱী বৰুৱানী আৰু স্নেহ দেৱীৰ তিনিখন গ্ৰন্থৰ সম্পাদনাও কৰিছিল।[3] ২০০৮ চনত ভাৰত চৰকাৰে তেওঁৰ সমাজসেৱামূলক অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[6]

সাহিত্য কীৰ্তি[সম্পাদনা কৰক]

শীলা বৰঠাকুৰে আঠখন গ্ৰন্থ আৰু নখন বিশেষ গ্ৰন্থৰ সম্পাদনা কৰিছিল। তেওঁৰ প্ৰকাশিত নিজা গ্ৰন্থসমূহৰ ভিতৰত প্ৰবন্ধ পুথি হ’ল– ‘দৃষ্টি আৰু দৃষ্টান্ত’, ‘সংস্কৃতিৰ সন্ধানত’, ‘লেখকৰ সৃষ্টিত নাৰী’, ‘সাৰস্বত’। সেইদৰে গল্প পুথিসমূহ হ’ল– ‘অনন্যা’, ‘অন্তৰা’, ‘আইতালৈ চিঠি’।

ভ্ৰমণ কাহিনী হ’ল– ‘আপ্লান্তা’ আৰু ‘ভ্ৰমণ বীথিকা’। আনহাতে বিভিন্ন ক্ষেত্ৰত সম্পাদিত পুথিসমূহ হ’ল– ‘লেখিকা’ৰ তেৰটা সংখ্যা, ‘লেখিকাৰ জীৱনীৰ প্ৰথম খণ্ড’, ‘লেখিকাৰ জীৱনীৰ দ্বিতীয় খণ্ড’, ‘কাব্য ভাৰতীৰ ধৰ্মেশ্বৰী বৰুৱানী ৰচনা সম্ভাৰ’, ‘মহাশ্বেতা’ (প্ৰবন্ধাৱলী), ‘নলিনীবালা দেৱীৰ ৰচনা সম্ভাৰ’, ‘লেখিকাৰ গ্ৰন্থ পঞ্জী’, ‘ৰূপতীৰ্থ’ (প্ৰবন্ধ সংকলন), ‘অৰ্ঘয’ (প্ৰবন্ধ সংকলন) আৰু ‘দৃশদ্বতী’।[7]

অন্যান্য[সম্পাদনা কৰক]

সৰুৰে পৰা তেওঁৰ নৃত্য-গীত আৰু অভিনয়ৰ প্ৰতি ৰাপ আছিল। ছাত্ৰী অৱস্থাতেই তেওঁ ‘মাৰ্জিয়ানা’ নাটকত মূল চৰিত্ৰত অভিনয় কৰিছিল। তদুপৰি তেওঁ ফাগুনে উলটি চায়’ নামৰ এটি শ্ৰব্য কেছেটত কণ্ঠ নিগৰাইছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক অনুষ্ঠানত এখন নৃত্য-নাটিকা নিজে ৰচনা আৰু পৰিচালনা কৰি ৰাইজৰ সমাদৰ লাভ কৰিছিল।[7]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

তেওঁ ২০০৩ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। ২০০৪ চনত তেওঁ যোৰহাট লেখিকা সমাৰোহ সমিতিৰ দ্বাৰা ‘কৰ্মপ্ৰাণা’ উপাধি লাভ কৰে। ২০০৫ চনত লেখিকা সমাৰোহ সমিতিৰ তেজপুৰ শাখাৰ দ্বাৰা ‘তেজস্বিনী’ উপাধি লাভ কৰিছিল। ২০০৫ চনত অসম সাহিত্য সভাই তেওঁক ‘বাসন্তী বৰদলৈ বঁটা’ৰ আগবঢ়ায়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০০৮ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।[7]

মৃত্যু[সম্পাদনা কৰক]

২০২০ চনৰ ২১ জুন তাৰিখে ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত গুৱাহাটীত শীলা বৰঠাকুৰে ইহলীলা সম্বৰণ কৰে।[8]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "About the Institution". Sadou Asom Lekhika Samaroh Samity. 2016. http://sadouasomlekhikasamarohsamity.org/about_us.html। আহৰণ কৰা হৈছে: 9 February 2016. 
  2. "President and general secretary of Sadou Asom Lekhika Samaroh Samiti". Sadou Asom Lekhika Samaroh Samity. 2016. http://sadouasomlekhikasamarohsamity.org/President_N_GeneralSecteries.html। আহৰণ কৰা হৈছে: 9 February 2016. 
  3. 3.0 3.1 "Interview with Sheela Barthakur, founder of women's literary organisation, 2004". Network of Women in Media, India. 2016. http://www.nwmindia.org/newsmaker/interview-with-sheela-barthakur-founder-of-women-s-literary-organisation-2004। আহৰণ কৰা হৈছে: 9 February 2016. 
  4. "List of Pension Cases forwarded to Accountant General". Directorate of Higher Education, Assam. 2016. http://www.dheassam.gov.in/d-list.asp। আহৰণ কৰা হৈছে: 9 February 2016. 
  5. "Celebrating womanhood". 19 October 2002. http://www.telegraphindia.com/1021019/asp/northeast/story_1302739.asp। আহৰণ কৰা হৈছে: 9 February 2016. 
  6. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 3 January 2016. 
  7. 7.0 7.1 7.2 "পদ্মশ্ৰী শীলা বৰঠাকুৰৰ দেহাৱসান". দৈনিক জনমভূমি. 22 June 2020. https://janambhumi.in/VGxSRk1VOVVSVDA9/পদ্মশ্ৰী-শীলা-বৰঠাকুৰৰ-দেহাৱসান.html। আহৰণ কৰা হৈছে: 23 June 2020. 
  8. "Padma Shri Dr. Sheela Borthakur passes away in Guwahati". The Sentinel. 22 June 2020. https://www.sentinelassam.com/north-east-india-news/assam-news/padma-shri-dr-sheela-borthakur-passes-away-in-guwahati-484224। আহৰণ কৰা হৈছে: 22 June 2020.