সমললৈ যাওক

ধৰ্মেশ্বৰী দেৱী বৰুৱানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধৰ্মেশ্বৰী দেৱী বৰুৱানী
জন্ম ১৮৯২ চন
পঞ্চৱতী আশ্ৰম,
গুৱাহাটী, অসম
মৃত্যু ৯ মাৰ্চ ১৯৬০
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
জনা যায় ৰমন্যাসিক কাব্যধাৰাৰ কবি
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী দুগ্ধনাথ বৰুৱা
পিতৃ-মাতৃ যজ্ঞেশ্বৰ দেৱশৰ্মা (পিতৃ)

ধৰ্মেশ্বৰী দেৱী বৰুৱানী (ইংৰাজী: Dharmeswari Devi Baruani) (১৮৯২-১৯৬০)[1] অসমীয়া সাহিত্যৰ ৰমন্যাসিক কাব্যধাৰাৰ এগৰাকী প্ৰতিভাশালী কবি আছিল। তেওঁ গুৱাহাটীৰ পঞ্চৱতী আশ্ৰমত ১৮৯২ চনত জন্মগ্ৰহণ কৰিছিল। ধৰ্মেশ্বৰী দেৱীৰ পিতৃৰ নাম আছিল যজ্ঞেশ্বৰ দেৱশৰ্মা[2]অসমত সেই সময়ত স্ত্ৰী-শিক্ষাৰ বিশেষ প্ৰসাৰ নথকা হেতুকে আহোম ৰাজত্বৰ শেষ স্বৰ্গদেউ কন্দৰ্পেশ্বৰ সিংহৰ মোক্তাৱ যজ্ঞেশ্বৰ শৰ্মাই, ঘৰতেই কন্যাৰ শিক্ষাৰ সু-ব্যৱস্থা কৰি দিছিল।

সাহিত্য-চৰ্চা

[সম্পাদনা কৰক]

বাঁহী’, ‘ঘৰ-জেউতি’ আদি আলোচনীত প্ৰকাশিত হোৱা কবিতাবোৰৰে ‘ফুলৰ শৰাই’ নামৰ তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ১৯২৯ চনত প্ৰকাশ পায়[1][3]। পোন্ধৰটা কবিতা সন্নিৱিষ্ট “প্ৰাণৰ পৰশ’’ গ্ৰন্থখন ঘাইকৈ ১৯৪৩ চনত স্বামীৰ মৃত্যুৰ পিছৰ পৰা তেওঁৰ স্বামীৰ স্মৃতি আৰু ব্যক্তিগত দুখ-কষ্টৰ ভিত্তিত ৰচনা কৰা কবিতাৰে ১৯৫২ চনত ছপা হৈ ওলায়।[3]প্ৰাণৰ পৰশ’ তেওঁৰ দ্বিতীয় কাব্য-গ্ৰন্থ[1]ড॰ মহেশ্বৰ নেওগ, ড॰ সত্যেন্দ্ৰ নাথ শৰ্মা আদিৰ দৰে সাহিত্যিকেও কবিগৰাকীৰ কবিতাৰ উচ্চমানৰ প্ৰশংসা কৰি থৈ গৈছে[4]। ‘অশ্ৰুধাৰা আৰু জীৱনতৰী’ নামৰ তৃতীয় আৰু চতুৰ্থ কাব্যগ্ৰন্থ দুখন কবিৰ মৃত্যুৰ পিছতহে ১৯৬৩ চনত একেলগে প্ৰকাশ পায়।[1]

‘জীৱনতৰী’ৰ ৰূপকাত্মক কবিতাসমূহৰ তুলনাত ‘অশ্ৰুধাৰা’ৰ কবিতাসমূহ ‘ফুলৰ শৰাই’ আৰু ‘প্ৰাণৰ পৰশ’ৰ দৰেই ৰহস্যধৰ্মী। তেখেতৰ ইপ্সিত চিৰসুন্দৰজনৰ পৰা অসম, ভাৰত তথা মাতৃ জাতিলৈকে সকলোৱে তেওঁৰ কবিতাসমূহত স্থান পাইছে। ‘জীৱনতৰী’ৰ কবিতাত তেওঁ ভগৱানক সৰ্বস্ব সপি দি ভৱসিন্ধু পাৰ কৰি নিয়াৰ প্ৰাৰ্থনা জনাইছে। ‘মোৰ ই জীৱনতৰী পাৰ কৰা তুমি হৰি পখীৰূপে হৈ কৰ্ণধাৰ[2]। ’

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গুৱাহাটীৰ উজানবজাৰৰ ৰাধানাথ চিৰস্তাদাৰৰ পুত্ৰ ব্যৱসায়ী দুৰ্গানাথ বৰুৱাৰ সৈতে ১৯০৪ চনত ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ বিবাহ হয়[1][3] কিন্তু বিবাহৰ কিছুবছৰ পিছৰেপৰা শাৰীৰিক ভাৱে অক্ষম হৈ পৰে। ইয়াৰ পিছত তেওঁ ৰোগশয্যাত পৰি থাকিয়ে সাহিত্য সাধনা কৰিবলৈ লয়।[4]

১৯৫৬ চনত অসম সাহিত্য সভাই ধৰ্মেশ্বৰী দেৱী বৰুৱানীক কাব্য ভাৰতী উপাধিৰে বিভূষিত কৰে[1][2]

একৈশ বছৰ ধৰি ৰোগশয্যাৰ পৰাই কাব্য চৰ্চা কৰা কবি গৰাকীৰ, ১৯৬০ চনৰ ৯ মাৰ্চত ৬৮ বছৰ বয়সত মৃত্যু হয়[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]