সমললৈ যাওক

আমি অসমীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আমি অসমীয়া ডট কমৰ পৰা পুনঃনিৰ্দেশিত)
আমি অসমীয়া
Type of site
অসমীয়া অনলাইন আলোচনী।
Available in
Headquarters অসম
Owner ‘আমি অসমীয়া’ সংগঠন।
URL [1][সংযোগবিহীন উৎস] আৰু amiasomiya.org[সংযোগবিহীন উৎস]
Commercial অব্যৱসায়িক
Launched ০১ ফেব্ৰুৱাৰী, ২০১২

আমি অসমীয়া অসমীয়া ভাষাৰ এখন মাহেকীয়া অনলাইন আলোচনী। ২০১২ চনৰ ১ ফেব্ৰুৱাৰী তাৰিখে এই আলোচনীখন প্ৰথম সংখ্যাটি প্ৰকাশ হয়। ফেচবুকৰ ‘আমি অসমীয়া’ নামৰ এটি গোটৰ জৰিয়তে এই আলোচনীখনে আত্মপ্ৰকাশ কৰিছিল[1]। আলোচনীখনক ১৮৬০ চনৰ "Societies Act XXI" অনুসৰি ২০১২-২০১৩-ৰ বাবে KAM(M)/263-A/196 নম্বৰত পঞ্জীয়ন কৰা হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

ইতিবৃত্ত

[সম্পাদনা কৰক]

২০১০ চনৰ ৩১ অক্টোবৰত ফে'চবুকত "আমি অসমীয়া" নামৰ গোটটোৱে আত্মপ্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ মৃদুপৱন বৰুৱাই এই গোটতোৰ জন্ম দিয়ে। বৰ্তমানে এই গোটত ১১০০০ত কৈও অধিক সদস্য আছে। প্ৰায় এবছৰ কাল ফে'চবুক গোট হিচাপেই ভাষা-সাহিত্যৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পিছত ২০১২ চনৰ ১ ফেব্ৰুৱাৰীত তাৰিখে “আমি অসমীয়া” ই- আলোচনী এটি ব্লগ (www.amiasomiya.wordpress.com) হিচাপে প্ৰকাশ পায়। ১ এপ্ৰিল, ২০১২ সংখ্যাৰ “আমি অসমীয়া” নিজা ড'মেইনেৰে www.amiasomiya.org Archived 2014-12-16 at the Wayback Machine ৰূপে প্ৰকাশ পায়। ১১ জুলাই, ২০১২ তাৰিখে সৰ্বসন্মতিক্ৰমে ‘আমি অসমীয়া’ক এটি বেচৰকাৰী সংস্থা হিচাপে পঞ্জীকৰণ কৰোৱা হয়। উপদেষ্টা, সম্পাদক, তত্বাবধায়ক সমন্বিতে বিভিন্ন কাৰ্য্যৰ উদ্দেশ্যে কেইবাজনকৈয়ো সদস্যৰে আলোচনীখনৰ এখন সম্পাদনা সমিতি আছে।

উদ্দেশ্য আৰু লক্ষ্য

[সম্পাদনা কৰক]

অসমীয়া ভাষা-সাহিত্যক ইউনিক’ডৰ সহায়ত ই-বিশ্বত উপস্থাপন কৰা, সাহিত্যচৰ্চাৰ প্ৰতি আগ্ৰহী নতুন প্ৰজন্মক এক প্লেটফৰ্মৰ আগবঢ়োৱা আদি আলোচনীখনৰ মুখ্য উদ্দেশ্য। ফেচবুকৰ ‘আমি অসমীয়া’ গোটটোৰ উদ্দেশ্য হৈছে অসমীয়া লোকসকলক একত্ৰিত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া ভাষাটোক আৰু অসমীয়া সংস্কৃতিক জীয়াই ৰখাৰ কাৰণে এক অভিযান আৰম্ভ কৰা। এই গোটৰ উদ্যোগত আলোচনীখন পাঠকৰ উদ্দেশ্যে আগবঢ়োৱা হৈছে[2]

আলোচনীখনৰ বিভিন্ন দিশ

[সম্পাদনা কৰক]

অসমীয়া ব্যাকৰণ পাঠৰ ব্যৱস্থা, অসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ সাক্ষাত্‍কাৰ, গ্ৰন্থ পৰ্যালোচনা আদি আলোচনীখনত উপলদ্ধ বিভিন্ন দিশ।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. এই মাহৰ ৱেবছাইট, সাতসৰী, হিমজ্যোতি তালুকদাৰ,(মাহ, বছৰ?)
  2. {{cite web | url=https://www.facebook.com/amiasomiyaofficial/ | title=আমাৰ সংকল্প |

youtube:[1]

  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; amiasomiya1 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই