নীলমণি ফুকন (জ্যেষ্ঠ)
এই প্ৰবন্ধটো (বা অংশবিশেষ) সম্ভৱত ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি লিখা হোৱা নাই। এই প্ৰবন্ধৰ মান উন্নত কৰিবলৈ কিছু সম্পাদনা অথবা পুণৰাই লিখাৰ প্ৰয়োজন হৈছে, এই কামত ইচ্ছা কৰিলে আপুনিও সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত কিছু পৰামৰ্শ থাকিব পাৰে, অনুগ্ৰহ কৰি চাই লয় যেন। |
নীলমণি ফুকন (জ্যেষ্ঠ) | |
---|---|
![]() নীলমণি ফুকনৰ প্ৰতিকৃতি | |
জন্ম | জুন ১৮৮০ ডিব্ৰুগড়, অসম, ভাৰত |
মৃত্যু | ১৯৭৮ |
পেচা | সাহিত্যিক, ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী |
অসমীয়া সাহিত্যত ককা উপনামেৰে জনাজাত নীলমণি ফুকন হৈছে এগৰাকী প্ৰাতঃস্মৰণীয় সাহিত্যিক, তথা একাধাৰে এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, কথা-সাহিত্যক, সম্পাদক আৰু ব্যৱসায়ী। তেওঁৰ ভাষাৰ ওজস্বীতা আৰু বাগ্মীতাৰ বাবে বাগ্মীবৰ পোছাকী সম্ভাষণ দিয়া হৈছিল। তেওঁৰ কবিতাসমূহত ৰহস্য সন্ধানী ভাবৰ পৰিচয় ঘটাৰ লগতে মানৱ প্ৰেম তথা সৌন্দৰ্য অনুভূতিৰ প্ৰকাশো দেখা পোৱা যায়। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল ছনেট গঢ়ী।
জন্ম[সম্পাদনা কৰক]
১৮৮০ জুন মাহ ডিব্ৰুগড়। পিতৃ লম্বোদৰ ফুকন। মাতৃ চন্দ্ৰাৱলী। শিক্ষা ডিব্ৰুগড়ৰ বঙলা স্কুলৰ পৰা এণ্ট্ৰেন্স (১৯০০)
শিক্ষা[সম্পাদনা কৰক]
কলিকতাতৰ প্ৰেচিডেন্সি কলেজ,কটন কলেজৰ পৰা এফ এ (১৯০৫)। কোচবিহাৰ ভিক্টোৰিয়া কলেজৰ পৰা বি এ (১৯০৭), কলিকতাতৰ পৰা অসমাপ্ত আইন শিক্ষা
কৰ্মজীৱন[সম্পাদনা কৰক]
ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ প্ৰধান শিক্ষক (১৯১১-১৯২৫), আসাম লেজিছলেটিভ কাউন্সিলৰ সভ্য(১৯২১-১৯২৭),অসম এছেম্বলীৰ সভ্য (১৯৪৮-৫৭), নীলমণি চাহ বাগিচা (১৯২৮),সম্পাদক সাদিনীয়া বাতৰি (১৯৩১-৩৬)। ন জোন(১৯৩৪),আলোচনী, অসমীয়া
ৰচনা[সম্পাদনা কৰক]
জ্যোতিকণা(১৯৩৮), সাহিত্যকলা(১৯৪০), জয়াতীৰ্থ(১৯৪১), চিন্তামনি(১৯৪২), মানসী(১৯৪৩), গুটিমালী(১৯৫০), জিঞ্জিৰি(১৯৫১), মহাপুৰুষীয়া ধৰ্ম, অমিত্ৰা(১৯৫২), সন্ধানী(১৯৫৩), শতধাৰা(১৯৬২), মৰ্মবাণী(১৯৬৩), আহুতি, তৰুণ অসম, মৰা ডালত কুঁহিপাত, তুমিনো নোহোৱা কি?
সন্মান আৰু স্বীকৃতি[সম্পাদনা কৰক]
- অসম সাহিত্য সভাৰ শিৱসাগৰ (১৯৪৪) আৰু ডিব্ৰুগড় (১৯৪৭) অধিৱেশনৰ সভাপতি[1]।
- দিল্লী সাহিত্য অকাডেমিৰ জলপানী (১৯৭৩), সাহিত্য সভাৰ সহস্য মহত্তম (১৯৭২)
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডি .লীট উপাধি
- নলবাৰী সঞ্জীৱনী সভাৰ দ্বাৰা সাহিত্য ৰত্ন লাভ
মৃত্যু[সম্পাদনা কৰক]
১৯৭৮ চন
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- অসমীয়া কবি আৰু কবিতা (নন্দ তালুকদাৰ)
- সঞ্চয়ন