সমললৈ যাওক

মহীচন্দ্ৰ মিৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহীচন্দ্ৰ মিৰি

মহীচন্দ্ৰ মিৰি
জন্ম ১৯০৩
মৃত্যু ১৯৩৯
যোৰহাট, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা বন সংৰক্ষক, শিক্ষাবিদ
জনা যায় অসমৰ বন্যকৰ্মী
সন্তান উৎপল মিৰি, মৃণাল মিৰি

মহীচন্দ্ৰ মিৰি (জন্ম: ১৯০২ - মৃত্যু: ১৯৩৯) অসমৰ প্ৰথম মুখ্য বন সংৰক্ষক ( চীফ কন্‌জাৰভেটৰ অব ফৰেষ্টচ)আছিল (প্ৰায় ১৯৩৫ চনত)। অনুসূচিত জনজাতি মিৰি সম্প্ৰদায়ৰ এই শিক্ষিত ডেকাজনে সেই সময়তে অসমৰ বন্যজীৱনৰ ৰক্ষাৰ হেতুকে কাম আৰম্ভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানএশিঙিয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতৰ হেতুকেই বিশ্ব অৱগত হয়। কথিত আছে তেখেতে কাজিৰঙাৰ অৰণ্যত এটা টিলাৰ ওপৰত বহি বাইন'কুলাৰ আৰু বন্দুক লৈ অৰণ্যৰ তদাৰক কৰিছিল। তেখেতৰ পত্নী আছিল প্ৰসিদ্ধ অসমীয়া শিক্ষাবিদ ইন্দিৰা মিৰি আৰু সন্তান উৎপল মিৰি , চপলা মিৰি আৰু মৃণাল মিৰি। মহীচন্দ্ৰ মিৰি কেৱল এগৰাকী সুদক্ষ চৰকাৰী কৰ্মচাৰীয়েই নহয় তেওঁ এজন নিষ্ঠাবান সমাজ সেৱক আৰু কৃতি সাহিত্যিক আছিল।[1]

১৯০২ চনৰ ২১ জুলাইত ঢকুৱাখনাৰ খেৰকটা নদীৰ পাৰত অৱস্থিত আলিমূৰ মিচিং গাঁৱত মহি চন্দ্ৰ মিৰিৰ জন্ম হয়।[1]তেওঁৰ দেউতাকৰ নাম দলে মিৰি আৰু মাকৰ নাম পঞ্চমী মিৰি আছিল।[1]

মহীচন্দ্ৰ মিৰিয়ে ১৯২৩ চনত অংকত ডিষ্টিংচন্সসহ শিৱসাগৰ হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কটন কলেজত নাম ভৰ্তি কৰে।[1] কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত মেজৰ সহ ১৯২৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ কেৱল পঢ়াতেই ভাল নাছিল কৃতি খেলুৱৈয়ো আছিল। চুটিং, মাছ মৰা, হাতীৰ পিঠিত উঠা, সাপ ধৰা আদিত তেওঁ পাকৈত আছিল।[1] ১৯২৯ চনত মহী মিৰি আৰু মাধব ভট্টাচাৰ্য্যক ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ বাবে বাচনি কৰা হয় আৰু ৰেংগুনৰ ফৰেষ্ট কলেজত প্ৰশিক্ষণৰ বাবে পঠোৱা হয়। সন্মানীয় ইম্পিৰিয়েল ফৰেষ্ট চাৰ্ভিচৰ পদৰ বাবে বাচনী কৰা তেওঁলোক দুজনেই প্ৰথম অসমীয়া।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰেংগুনৰ প্ৰশিক্ষণৰ পাচত মহী মিৰিক ১৯৩১ চনত গুৱাহাটীত এক্সট্ৰা এচিষ্টেণ্ট কনজাৰভেটৰ অফ ফৰেষ্ট হিচাবে নিযুক্তি দিয়া হয়। ১৯৩৪ চনৰ আশে পাশে তেওঁক গোলাঘাটত হেডকোৱাৰ্টাৰ স্থিত তেতিয়াৰ "Kaziranga game sanctuary"-ৰ বাগৰী ৰেঞ্জলৈ বদলি কৰা হয়।[2]


ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৩২ চনত মহী মিৰিয়ে সোণাধৰ সেনাপতিৰ জ্যেষ্ঠা জীয়ৰী ইন্দিৰা সেনাপতিক (পিছলৈ ইমদিৰা মিৰি) বিয়া কৰায়।

পৰৱৰ্তী কালত তেওঁ যোৰহাটত চাকৰি কৰিছিল আৰু তাতেই ১৯৩৯ চনৰ ২৯ জুলাই তাৰিখে [1]ক'লাজ্বৰত আক্ৰান্ত হৈ মৃত্যু হয়।

স্বীকৃতি

[সম্পাদনা কৰক]

চৰকাৰী বন বিষয়া ৰূপে বাগৰিত যোগদান কৰাৰ পিছত মহীচন্দ্ৰ মিৰিয়ে কাজিৰঙাৰ দক্ষিণ দিশত অৱস্থিত মিকিৰ পাহাৰৰ এটি টিলাত বহি হাতত বাইন'কুলাৰ লৈ প্ৰায়ে অৰণ্যৰ গতি-বিধি লক্ষ্য কৰিছিল। ২০০৩ চনৰ কাজিৰঙা বন-মহোৎসৱত অসম চৰকাৰে এই টিলাটো চৰকাৰী ভাৱে 'মহি মিৰি টিলা' নামেৰে নামংকন কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 নবীন টায়ে (মাৰ্চ,২০০৫). বৰেণ্য ব্যক্তিত্ব. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৬৮-১৭৭ পৃষ্ঠা. 
  2. 2.0 2.1 MISHINGRENAISSANCE. "The Man Behind Kaziranga National Park: Mahi Chandra Miri [ Great Mising Personality "]. http://mishingrenaissance.blogspot.in/2008/11/man-behind-kaziranga-national-parkmahi.html। আহৰণ কৰা হৈছে: 16 মাৰ্চ 2014.