সমললৈ যাওক

গৌতম কলিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৌতম কলিতা
 শৰীৰচৰ্চাবিদ 
ব্যক্তিগত তথ্য
জন্ম নগাওঁ, অসম
উচ্চতা  ফুট  ইঞ্চি (১.৬০ মিটাৰ)
ওজন ৬০ কিলোগ্ৰাম
পেচাদাৰী জীৱন
সৰ্বশ্ৰেষ্ঠ বিজয় মিষ্টাৰ ৱৰ্ল্ড, ২০০৭

গৌতম কলিতা (ইংৰাজী: Gautam Kalita) অসমৰ এগৰাকী প্ৰসিদ্ধ শৰীৰচৰ্চাবিদ।[1] তেওঁ ২০০৭ বৰ্ষত লছ এঞ্জেলেছত অনুষ্ঠিত ESPN-Musclemania World নামৰ আন্তৰ্জাতিক দেহশ্ৰী প্ৰতিযোগিতাত মিষ্টাৰ ৱৰ্ল্ড খিতাপ লাভ কৰে। [2]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

গৌতম কলিতাৰ পিতৃৰ নাম গোলক কলিতা আৰু মাতৃৰ নাম সবিতা কলিতা। তেওঁৰ জন্ম হৈছিল নগাঁৱত[1] তেওঁ বিশ বছৰ বয়সত শৰীৰচৰ্চাৰ জগতত প্ৰৱেশ কৰে। বৰ্তমান তেওঁ নগাঁৱত নগাঁও হেল্‌থ ক্লাব নামৰ শৰীৰচৰ্চাৰ কেন্দ্ৰ পৰিচালনা কৰে।[1]

কৃতিত্ব

[সম্পাদনা কৰক]
  • মিষ্টাৰ নগাঁও (১৯৮৯-৯০)
  • মিষ্টাৰ অসম (১৯৯৪-৯৮), পাঁচবাৰ
  • মিষ্টাৰ নৰ্থ-ইষ্ট (২০০১-২০০২-২০০৩), তিনিবাৰ
  • মিষ্টাৰ ইণ্ডিয়া (২০০৪-২০০৫-২০০৭)
  • মিষ্টাৰ ৱৰ্ল্ড (২০০৭)[1]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]