ব্ৰজেন বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্ৰজেন বৰা
জন্ম অসম শিৱসাগৰ।
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেতা, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ

ব্ৰজেন বৰা (ইংৰাজী: Brajen Borah) অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক, অভিনেতা, নাট্যকাৰ। তেওঁৰ জন্ম হৈছিল শিৱসাগৰত।১৯৮২ চনত সাদৰী নামে অসমীয়া চলচ্চিত্ৰখনৰ যোগেদি তেখেতে চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে বৰ্তমানলৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা আৰু অভিনয় কৰিছে। অভিনেতা হিচাপে তেওঁ প্ৰধানকৈ এক্সনধৰ্মী চৰিত্ৰত অভিনয় কৰি আহিছে। চলচ্চিত্ৰত অভিনয় কৰা উপৰিও তেওঁ এজন অনাঁতাৰ শিল্পী হিচাপে গুৱাহাটী আৰু ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত নাটকত কণ্ঠ দিছে। "এটা নতুন পথেৰে" আৰু "কুকুৰনেছীয়া বাঘৰ দৰে" নাটকৰ বাবে "অল ইণ্ডিয়া ৰেডিঅ"ই তেওঁক পুৰস্কৃত কৰিছিল[উদ্ধৃতিৰ প্ৰয়োজন]

পৰিচালিত চলচ্চিত্ৰ[সম্পাদনা কৰক]

ব্ৰজেন বৰাই পৰিচালনা কৰা চলচ্চিত্ৰসমূহ হৈছে:-

ছবিৰ নাম বৰ্ষ টোকা
গৰম বতাহ ৩১ অক্টোবৰ, ২০০১[1]
ৰঙা নদী ২৮ ডিচেম্বৰ, ১৯৯০[1]
শ্ৰীমান মাইমন ১৯৯৩[1]

অভিনীত চলচ্চিত্ৰ[সম্পাদনা কৰক]

ব্ৰজেন বৰাই অভিনয় কৰা চলচ্চিত্ৰসমূহ হৈছে:-

ছবিৰ নাম বৰ্ষ টোকা
ৰণাংগন ১৯ এপ্ৰিল, ২০১৩
সমীৰণ বৰুৱা আহি আছে ৩০ মাৰ্চ, ২০১২[2]
সত্যম শিৱম সুন্দৰম ২৬ ছেপ্টেম্বৰ, ২০০৩[1]
প্ৰিয়জন ১৯৯৩
জীৱন সুৰভি ১৯৮৪
প্ৰতিদান ১৯৮৭
পূজা ১৯৮৫
সূৰুজ ১৯৮৫
পানী ১৯৯৫
বহাগৰ দুপৰীয়া ১৯৮৫
সেন্দূৰ ১৯৮৪
সাদৰী ১৯৮২

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Released Assamese Films". enajori.com. Archived from the original on 2012-03-08. https://web.archive.org/web/20120308071902/http://enajori.com/released-movies/। আহৰণ কৰা হৈছে: 2013-02-27. 
  2. "In mid March "Samiran Baruah Ahi Ase" (সমীৰণ বৰুৱা আহি আছে) - Assamese Film and Theatre | News Post". Newslivetv.com. 2013-01-22. http://www.newslivetv.com/assamese-film-and-theatre/in-mid-march-samiran-baruah-ahi-ase.html। আহৰণ কৰা হৈছে: 2013-02-27. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]