উৰ্মিলা মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৰ্মিলা মহন্ত
জন্ম সোণাপুৰ, অসম
পেচা মডেল, অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২-বৰ্তমানলৈকে

উৰ্মিলা মহন্ত (ইংৰাজী: Urmila Mahanta) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰা উৰ্মিলাই বৰ্তমানলৈকে ভালেসংখ্যক নাটক, চুটি চিনেমা আৰু দূৰদৰ্শনৰ ছিৰিজ আদিত অভিনয় কৰিছে। ২০১২ চনত প্ৰথমবাৰৰ বাবে তামিল অপৰাধ থ্ৰিলাৰ ছবি 'Vazhakku Enn 18/9'-ত অভিনয় কৰি উৰ্মিলাই সমালোচকৰ উচ্চ প্ৰশংসা পাবলৈ সক্ষম হয়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

উৰ্মিলা মহন্তৰ জন্ম হৈছিল অসমৰ সোণাপুৰত। তেওঁৰ পিতৃ গিৰিধৰ মহন্ত আৰু মাতৃ ৰমলা মহন্ত। তেওঁৰ তিনিগৰাকী সহোদৰ হ'ল- জুতিকা মহন্ত, মুনমী মহন্ত আৰু মুনীন্দ্ৰ মহন্ত।[1] উৰ্মিলাই সোণাপুৰতে স্কুলীয়া শিক্ষা সাং কৰে আৰু ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[1] ইয়াৰ পিছত তেওঁ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত উচ্চ শিক্ষাৰ বাবে যোগদান কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

উৰ্মিলা মহন্তই শৈশৱৰে পৰা বিভিন্ন নাটক আদিত অভিনয় কৰি প্ৰশংসা তথা বঁটা আদি লাভ কৰিছিল।[1] পৰৱৰ্ত্তীকালত তেওঁ দুৰদৰ্শন (NE) যোগে প্ৰচাৰিত বিভিন্ন ধাৰাবাহিক যেনে 'মাৰ্ডাৰ', 'তেজীমলা' আদিত অভিনয় কৰিছিল।[3] ইয়াৰ লগতে উৰ্মিলাই বিভন্ন চুটি কথাছবিত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰিছে। তেওঁ অভিনয় কৰা 'Aaliya' নামৰ চুটি কথাছবিখনে ২০১২ চনৰ মুম্বাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমালোচকৰ বিশেষ বঁটা (Special Critic Award) লাভ কৰে।[3] তেওঁ অসমীয়া গায়িকা তৰালি শৰ্মাৰ 'হেঙুলীয়া' নামৰ গীতৰ এলবামটো অভিনয় কৰিছে।

গোৱাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উৰ্মিলা মহন্ত তামিল চলচ্চিত্ৰ পৰিচালক বালাজী শক্তিভেল (Balaji Sakthivel)-ৰ চকুত পৰে। ইয়াৰ পিছত প্ৰায় দুবছৰজুৰি চলা নিৰ্বাচন প্ৰক্ৰিয়াত কেইবাটাও অডিশ্যনৰ শেষত তেওঁ ভালেসংখ্যক প্ৰাৰ্থীৰ মাজৰ পৰা উৰ্মিলা মহন্তক তেওঁ পৰিচালনা কৰা থ্ৰিলাৰ বোলছবি 'Vazhakku Enn 18/9'-ৰ[2][4] বাবে নিৰ্বাচন কৰে। উৰ্মিলাই এই বোলছবিত শ্লামসমূহত বাস কৰা জ্যোতি নামৰ ঘৰৰ বন কৰাৰ মহিলা এগৰাকীৰ চৰিত্ৰটোত কৰা বলিষ্ঠ অভিনয়ৰ বাবে উচ্চ প্ৰশংসা লাভ কৰে।[5] এই বোলছবিখনে চিনেমাৰ জগতত বহুলভাৱে প্ৰশংসা লাভ কৰে।[6][7] সমালোচকৰ দৃষ্টিত এই বোলছবিখন প্ৰশংসনীয়,[8] নিশ্চিতভাৱে চাবলগীয়া[9] আৰু বছৰটোৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ[5] হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পিছত তেওঁ পৰিচালক অজিতা সুচিত্ৰা ৱীৰা (Ajita Suchitra Veera)ৰ 'Ballad of Rustom' ('Rustom Ki Dastaan') নামৰ চলচ্চিত্ৰখনত সহ-অভিনয় কৰে। এই বোলছবিখনে ইতিমধ্যে ১২তম Osian's Cinefan Festival of Asian and Arab Cinema ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে।[1] শেহতীয়াকৈ এই চলচ্চিত্ৰখনে অস্কাৰ বঁটাৰ বাবে মনোনীত (short-listed) হোৱা চলচ্চিত্ৰসমূহৰ তালিকাত স্থান পাইছে।[10]

বৰ্তমান উৰ্মিলা মহন্তই পৰিচালক দিলীপ কে মুখাৰিয়া (Dilip K. Mukharia)-ৰ সৈতে মুখ্য ভূমিকাত অভিনীত বলিউডৰ প্ৰথমখন বোলছবিৰ বাবে কাম কৰি আছে।[1]

অৱদান[সম্পাদনা কৰক]

চলচ্চিত্ৰ
বৰ্ষ চলচ্চিত্ৰ অভিনয় ভাষা টোকা
২০১২ Vazhakku Enn 18/9 Jyothi তামিল SIIMA Award for Best Actress in a Supporting Role
Nominated—1st South Indian International Movie Awards|SIIMA Award for Best Female Debutant
২০১২ Ballad of Rustom হিন্দী[10]
২০১৪ Chirodini Tumi Je Amar 2 Jyoti বঙালী
২০১৪ Gram Pareshanpur[11] হিন্দী
চমু চলচ্চিত্ৰ
  • Aaliya
  • Their Story
  • Seng Kurthy
দুৰদৰ্শনৰ ধাৰাবাহিক
  • Murder
  • Tejimola
  • Crime Patrol

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "The Sentinel". Sentinelassam.com. Archived from the original on 2015-04-09. https://web.archive.org/web/20150409111758/http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&ppr=2&dtP=2012-05-14। আহৰণ কৰা হৈছে: 2012-12-31. 
  2. 2.0 2.1 "Vazhakku was the best decision I ever made: Urmila Mahanta - Entertainment - DNA". Dnaindia.com. 2012-05-21. http://www.dnaindia.com/entertainment/report_vazhakku-was-the-best-decision-i-ever-made-urmila-mahanta_1691595। আহৰণ কৰা হৈছে: 2012-12-31. 
  3. 3.0 3.1 "The Sentinel". Sentinelassam.com. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402142318/http://www.sentinelassam.com/sunday/melange_cover_story.php?sec=7&subsec=0&id=1162&dtP=2012-05-14&ppr=2#1162। আহৰণ কৰা হৈছে: 2012-12-31. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2012-04-23. https://web.archive.org/web/20120423123818/http://www.deccanchronicle.com/channels/showbiz/kollywood/urmila-fresh-face-kollywood-337। আহৰণ কৰা হৈছে: 2014-01-29. 
  5. 5.0 5.1 "Vazhakku Enn 18/9 movie review: Wallpaper, Story, Trailer at Times of India". Timesofindia.indiatimes.com. http://timesofindia.indiatimes.com/entertainment/regional/tamil/movie-reviews/Vazhakku-Enn-18/9/movie-review/12995387.cms। আহৰণ কৰা হৈছে: 2012-12-31. 
  6. "Vazhakku Enn 18 / 9 Tamil Movie Review - cinema preview stills gallery trailer video clips showtimes". IndiaGlitz. 2012-05-03. Archived from the original on 2011-04-26. https://web.archive.org/web/20110426094015/http://www.indiaglitz.com/channels/tamil/review/12103.html। আহৰণ কৰা হৈছে: 2012-12-31. 
  7. "Premalo Padithe Movie Review @ 3/5". Aplive.Net. 2012-05-04. http://aplive.net/?p=30733। আহৰণ কৰা হৈছে: 2012-12-31. 
  8. "Movie Review:Vazhakku Enn 18/9". Sify.com. http://www.sify.com/movies/vazhakku-enn-18-9-review-tamil-14997788.html। আহৰণ কৰা হৈছে: 2012-12-31. 
  9. "Review: Vazhakku En 18/9 is a must-watch - Rediff.com Movies". Rediff.com. 2012-05-04. http://www.rediff.com/movies/review/south-review-vazhakhu-is-a-must-watch/20120504.htm। আহৰণ কৰা হৈছে: 2012-12-31. 
  10. 10.0 10.1 http://www.thehindu.com/news/cities/Hyderabad/ballad-of-rustom-for-oscars/article5542283.ece
  11. Ashish Roy & Barkha Mathur (26 December 2013). "Now, rustic charm of the region draws Hindi filmmakers too". The Times of India. TNN (Nagpur). Archived from the original on 10 January 2014. https://web.archive.org/web/20140110112548/http://articles.timesofindia.indiatimes.com/2013-12-26/nagpur/45592146_1_film-crew-raj-zutshi-ramtek। আহৰণ কৰা হৈছে: 10 January 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]