সমললৈ যাওক

আকিৰা (২০১৬ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আকিৰা
পৰিচালক এআৰ মুৰুগাডছ
ৰচনা কৰণ সিং ৰাথোৰ
(সংলাপ)
চিত্ৰনাট্য এআৰ মুৰুগাডছ
(অতিৰিক্ত চিত্ৰনাট্য)
সান্থা কুমাৰ
(মূল চিত্ৰনাট্য)
কাহিনী সান্থা কুমাৰ
প্ৰযোজক এআৰ মুৰুগাডছ
ফক্স ষ্টাৰ ষ্ট'ডিঅছ
অভিনয়ত সোনাক্ষী সিন্‌হা
কংকণা সেন শৰ্মা
অনুৰাগ কাশ্যপ
চিত্ৰগ্ৰহণকাৰী আৰ. ডি. ৰাজাশেখৰ
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক গীত:
বিশাল–শেখৰ[1][2]
পৃষ্ঠভূমি কৃতিত্ব:
জন ষ্টেৱাৰ্ট এডুৰি
প্ৰযোজনা
কোম্পানী
পৰিবেশক ফক্স ষ্টাৰ ষ্টুডিঅছ
মুক্তি
 ছেপ্টেম্বৰ ২০১৬ (2016-09-02)
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ৩০ কোটি[3]
সৰ্বমুঠ আয় ৪৬.১৯ কোটি[4]

আকিৰা (ইংৰাজী: Akira) হৈছে এআৰ মুৰুগাডছৰ দ্বাৰা সহ-লিখিত, পৰিচালিত আৰু প্ৰযোজিত ২০১৬ চনৰ এখন এক্সন ড্ৰামাৰ হিন্দী চলচ্চিত্ৰ।[5] এই চলচ্চিত্ৰখন ২০১১ চনত মুক্তি লাভ কৰা তামিল চলচ্চিত্ৰ মৌৱা গুৰুৰ পুনৰ নিৰ্মাণ,[6][7] আৰু নায়িকা হিচাপে সোনাক্ষী সিন্‌হাই অভিনয় কৰিছে।[8]

মূল চিত্ৰৰূপাংকণ ২০১৫ চনৰ মাৰ্চত আৰম্ভ কৰা হৈছিল আৰু ২০১৬ চনৰ ২ ছেপ্তেম্বৰত ছবিখন বিশ্বব্যাপি মুক্তি লাভ কৰিছিল।[5][9] ছবি খনৰ ১৬ আগষ্ট, ২০১৬ত মুক্তি প্ৰাপ্ত সংগীতাংশৰ নিৰ্মাণ বিশাল-শেখৰৰ।

আকিৰা শৰ্মা, মাক - দেউতাকৰ সৈতে সুখত এখন সৰু চহৰত বাস কৰা এজনি সৰু ছোৱালী। এদিন, তাই কেইজন মান অসভ্য যুৱকে এজনী ছোৱালীৰ মুখত এচিড ঢলা এটা অপৰাধৰ সাক্ষী দিবলগীয়া হয়। আকিৰাই অপৰাধীজনৰ চিনাক্তকৰণত আৰক্ষীক সহায় কৰি দিছিল কিন্তু পিছত অপৰাধীজনে তাৰ বাবে আকিৰাৰ ওপৰত প্ৰতিশোধ লয়। আকিৰাৰ দেউতাকে আত্মৰক্ষাৰ প্ৰয়োজনীয়তা বুজি পাই আৰু আকিৰাক আত্মৰক্ষাৰ শ্ৰেণীত ভৰ্তী কৰি দিয়ে। এদিত অকিৰা ঘৰলৈ আহি থাকোঁতে, অপৰাধী দলটোৰ এজনক অন্য এজনী ছোৱালীক অপদস্থৰ চেষ্টা কৰি থকা দেখে। তাই সিহঁতক মাৰধৰ কৰে কিন্তু এজনে হঠাৎ এবটল এচিড আকিৰালৈ দলিয়াই দিয়ে কিন্তু তাৰ নিজৰ মুখতে পৰে। আকিৰাক এচিড দলিওৱাৰ অপৰাধত জুভেনাইল জেইললৈ প্ৰেৰণ কৰা হয়।

চৈধ বছৰৰ পাছত আকিৰাক সাহসী আৰু শক্তিশালী যুৱতী হিচাপে চিনেমাখনত দেখা যায় কিন্তু অবাঞ্চিতভাৱে তেতিয়ালৈকে তাইৰ দেউতাকৰ মৃত্যু হয়। আকিৰা আৰু তাইৰ মাকক বিয়া পাতি ঘৰ এৰি যোৱা ককায়েকে আহি মুম্বাইলৈ লৈ যায়। আকিৰাই হ'লি ক্ৰছ কলেজত নাম ভৰ্তী কৰে আৰু ছাত্ৰীৱাসত থাকিবলৈ লয়, মাকে ককায়েকৰ ঘৰতে থাকে আৰু নাতিয়েকক চোৱাচিতা কৰে। কলেজত কিছুমান শিক্ষাৰ্থীয়ে আকিৰাক হেয় পতিপন্ন কৰিবলৈ চেষ্টা কৰে কিন্ত তাইৰ হাতত উচিত শিক্ষা লাভ কৰে। এদিন কলেজৰ এজন প্ৰাধ্যপকক সেই অঞ্চলৰ আৰক্ষী পৰিদৰ্শকে মাৰপিত কৰে। থানাত এই বিষয়ে এজাহাৰ গ্ৰহণ নকৰাৰ বাবে কলেজৰ শিক্ষাৰ্থী সকলে প্ৰতিবাদ কৰি আয়ুক্তক অভিযোগ দাখিল কৰাৰ সিদ্ধান্ত লয়, পুলিছে প্ৰতিবাদকাৰী সকলৰ ওপৰত লাঠীচালনা আৰু কন্দোৱা গেছ ব্যৱহাৰ কৰে, সকলো ছাত্ৰ-ছাত্ৰী ছত্ৰভংগ দিয়ে কিন্তু আকিৰা শেষলৈকে তাত থাকে আৰু আয়ুক্তক অভিযোগ দাখিল কৰি প্ৰতিবাদ সফল কৰি তোলে।

কিছুদিনৰ পিছত, প্ৰাধ্যাপকক মাৰপিত কৰা পুলিছজনক টকাৰ বাবে এজন মানুহক হত্যা কৰা দেখা যায়। তেওঁ সেই ঘটনা সম্পৰ্কে ফোনত কিছু গোপনীয় কথা পাতি থাকোঁতে তেওঁৰ ৰক্ষিতাই সেইটো কেমেৰাত ৰেকৰ্ড কৰে। তাই এই ভিডিঅ' তাইৰ দুজন বন্ধুক দেখুৱাই আৰু টকা ঘটাৰ আঁচনি কৰে কিন্তু অন্তিম মুহূৰ্তত কেমেৰাটো কোনোবাই চুৰ কৰি লৈ যায়। কোনোবাই সেই ভিডিঅ'টোৰ কথা কৈ পুলিছ উপ-পৰিদৰ্শক জনক ফোনেৰে ভাবুকি দিয়ে, পুলিছজন শতাশাগ্ৰস্থ হৈ নিজৰ ৰক্ষিতাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে আৰু কেমেৰাৰ অনুসন্ধানত লাগি যায়। আনফালে ৰক্ষিতাজনীৰ আত্মহত্যাৰ বিষয়ে এচিপি ৰাবিয়াই অনুসন্ধান কৰে আৰু তাক হত্যাকাণ্ডবুলি নিশ্চিত হয়। এদিন আকিৰাই তাইৰ কোঠাৰ সন্মুখত এটা গৰাকীবিহীন মোনা দেখা পায়, তাই সেই মোনাটোৰ ভিতৰত এটা কেমেৰাৰ লগতে ছাত্ৰীৱাসৰ চুৰিহোৱা বহুতো সামগ্ৰী দেখে কিন্তু তেতিয়াই তাইক দুজন পুলিছে অপহৰণ কৰি লৈ যায় আৰু তাইক হত্যা কৰাৰ সিদ্ধান্ত লয়। পুলিছ কেইজনে তাইৰ সন্মুখতে পুলিছ উপ-পৰিদৰ্শকৰ ৰক্ষিতাৰ বন্ধু দুজনক হত্যা কৰে আৰু আকিৰাক হত্যা কৰিবলৈ লওঁতেই গম পায় যে ফোনত ভাবুকি প্ৰদান কৰাজনী আকিৰা নাছিল, তেওঁলোকে ভুলতে আকিৰাক অপহৰণ কৰিলে। যিকি নহওক কিবা প্ৰকাৰে আকিৰা তাৰ পৰা পলাই সাৰে আৰু কলেজৰ অধ্যক্ষৰ ওচৰত উপস্থিত হৈ সকলো কথা বিৱৰি কয়, অধ্যক্ষই তাইক ৰাতিপুৱা সহায় কৰিব পাৰিম বুলি কয়। তাৰপৰা তাই ককায়েকৰ ঘৰলৈ গুছি যায়।

হঠাৎ, আকিৰা আৰু বহুকেইজন শিক্ষাৰ্থীক পুলিছে আটক কৰি লৈ যায়, আকিৰাৰ বাদে সকলোকে এৰি দিয়া হয়। আকিৰাক আটক কৰাটো সকলোৱে গম পোৱা বাবে তাইক হত্যা কৰিব নোৱাৰি মানসিক চিকিৎসক এজনৰ সহযোগত তাইক বিদ্যুৎ শ্বক প্ৰদান কৰি মানসিক ৰোগী সজোৱাৰ ব্যৱস্থা কৰে আৰু মানসিক চিকিৎসালয়ত ভৰ্তী কৰায়। তাৰপৰাও তাই অন্য এজন ৰোগী, ৰাণীৰ সহযোগত পলায় আহে। তাই নিজকে নিৰ্দোষী প্ৰতিপন্ন কৰিবলৈ এজন পুলিছ বিষয়াক অপহৰণ কৰে কিয়নো তেওঁ সকলোৰে আগত সঁচা কথা কলেহে সকলো পতিয়ন যাব কিন্তু উপ-পৰিদৰ্শকজনে তাইক ধৰা পেলায় আৰু ৰাণীক গুলিয়াই হত্যা কৰে। আনফালে এচিপি ৰাবিয়াই অনুসন্ধান কৰি সকলো তথ্য উদ্ধাৰ কৰে আৰু পুলিছ বিষয়া কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ ওলাই যায়। অপৰাধী পুলিছকেইজনে আকিৰাক হত্যা কৰিবলৈ লওঁতেই ৰাবিয়া উপস্থিত হয় আৰু উপ-পৰিদৰ্শকসহ পুলিছকেইজনক আটক কৰিবলৈ লয়। সেই সময়তে আয়ুক্তৰ ফোন আহে আৰু তেওঁলোকক আটক নকৰি আকিৰাক কিবা ব্যৱস্থা লগাবলৈ কয় কিয়নো পুলিছকেইজনে আত্মসাৎ কৰা টকাখিনি এটা পূজা পালনৰ বাবে আছিল আৰু এই ঘটনাটো পোহৰলৈ আহিলে এটা ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈ অলেখ লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে। আকিৰাক কিছুদিনৰ বাবে মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয়, ৰাবিয়াই ভৱিষ্যতে আকিৰাক সহায় কৰাৰ কথা দি তাৰ পৰা গুছি আহে। কিন্তু আকিৰাই কেওজন দুৰ্নীতিগ্ৰস্থ বিষয়াক হত্যা কৰে আৰু শেষত মানসিক চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত লয়। কিছুদিনৰ পিছত আকিৰাক মুকলি কৰি দিয়া হয়।

আকিৰা গাৱঁলৈ ঘূৰি যায় আৰু অন্য শিশুক সহায় কৰাৰ দেউতাকে দেখুৱাই যোৱা পথ অনুসৰণ কৰি জীৱন নিৰ্বাহ কৰিবলৈ লয়।

অভিনয়ত

[সম্পাদনা কৰক]
Untitled
বিশাল-শেখৰ কালক্ৰম
চুলতান
(২০১৬)
আকিৰা
(২০১৬)
বেঞ্জ'
(২০১৬)

সকলো সংগীত বিশাল-শেখৰৰ দ্বাৰা নিৰ্মিত।

আকিৰা (অৰিজিনেল মচন পিকচাৰ চাউণ্ডট্ৰেক)
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "ৰজ ৰজ কে" (সংস্কৰণ ১)সোনাক্ষী সিন্‌হা আৰু বিশাল ডাদলানি ৪:২০
2. "পূৰ্জা"  অৰিজিত সিং ৩:৩৫
3. "কেহকাশা তু মেৰি"  শেখৰ ৰবজিয়ানি ৩:০২
4. "ৰজ ৰজ কে" (সংস্কৰণ ২)নাহিদ আফ্ৰিন আৰু বিশাল ডাদলানি ৪:২০
5. "বাদল"  সুনীধি চৌহান ৪:৪৯
6. "ৰজ ৰজ কে" (পুনৰ সংমিশ্ৰণ)নাহিদ আফ্ৰিন আৰু বিশাল ডাদলানি ৪:১৯
মুঠ দৈৰ্ঘ্য:
২৪:২৫

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "'Kaththi' Director AR Murugadoss Gives Anirudh a Bollywood Ticket". International Business Times. 20 November 2014. http://www.ibtimes.co.in/kaththi-director-ar-murugadoss-gives-anirudh-bollywood-ticket-614558 আহৰণ কৰা হৈছে: 21 June 2015.
  2. "Akira is the title for AR Murugadoss-Sonakshi project?". Sify. 17 March 2015. http://www.sify.com/movies/akira-is-the-title-for-ar-murugadoss-sonakshi-project-news-tamil-pdrjCSijdedhe.html আহৰণ কৰা হৈছে: 21 June 2015.
  3. http://www.ibtimes.co.in/akira-day-2-box-office-collection-sonakshi-sinhas-film-witnesses-growth-set-recover-its-cost-692361
  4. http://www.bollywoodhungama.com/box-office/special-features/id/834/
  5. 1 2 "A.R. Murugadoss' next starring Sonakshi Sinha titled Akira". Bollywood Hungama. 26 April 2015. http://www.bollywoodhungama.com/news/5303367/A.R.-Murugadoss-next-starring-Sonakshi-Sinha-titled-Akira আহৰণ কৰা হৈছে: 18 March 2015.
  6. Pathak, Ankur (21 April 2015). "Koko to trade punches with Sona". Mumbai Mirror. http://www.mumbaimirror.com/entertainment/bollywood/Koko-to-trade-punches-with-Sona/articleshow/46993228.cms আহৰণ কৰা হৈছে: 21 April 2015.
  7. "Sonakshi Sinha on sets of her action thriller 'Akira'". Mid Day. 18 March 2015. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225004540/https://www.mid-day.com/articles/sonakshi-sinha-on-sets-of-her-action-thriller-akira/16072193 আহৰণ কৰা হৈছে: 21 April 2015.
  8. Bharadwaj, Rahul Deo (10 June 2016). "The Black Widow of Indian cinema". The Hans India. http://www.thehansindia.com/posts/index/Bollywood/2016-07-10/The-Black-Widow-of-Indian-cinema/240994 আহৰণ কৰা হৈছে: 2016-07-26.
  9. "Sonakshi Sinha-starrer Akira’s teaser poster announces new release date September 2"
  10. "The new B-town birdie". The Tribune India. 24 July 2016. Archived from the original on 29 July 2016. https://web.archive.org/web/20160729092645/http://epaper.tribuneindia.com/c/11948165 আহৰণ কৰা হৈছে: 26 July 2016.

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]