নাহিদ আফ্ৰিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নাহিদ আফ্ৰিন

নাহিদ আফ্ৰিন
জন্ম ১৩ ডিচেম্বৰ, ২০০১ (২২ বছৰ)
বিশ্বনাথ চাৰিআলি, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা দ্বাদশ
পেচা নেপথ্য সংগীত শিল্পী
সক্ৰিয় হৈ থকা সময় ২০১৫ - বৰ্তমানলৈ


নাহিদ আফ্ৰিন এগৰাকী ভাৰতীয় নেপথ্য সংগীত শিল্পী। তেওঁ ২০১৬ চনত বলীউড ছবি 'আকিৰা'ত প্ৰথমটো নেপথ্য সংগীতত কণ্ঠদান কৰে। তেওঁ প্ৰথমে ২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰ সংস্কৰণত অংশগ্ৰহণৰে গায়িকা হিচাপে স্বীকৃতি লাভ কৰে।[1] ২০১৩ চনত লিটিল চেম্পছ নৰ্থ-ইষ্টত ৰিয়েলিটি শ্ব'ত তেওঁক দেখা গৈছিল আৰু ইয়াত তেওঁ ৰানাৰ্ছ আপ হৈছিল।[2]


প্ৰাথমিক জীৱন[সম্পাদনা কৰক]

নাহিদ আফ্ৰিনৰ জন্ম হৈছিল অসমৰ বিশ্বনাথ চাৰিআলিত। নাহিদৰ মাক ফাতেমা আনছাৰী আৰু দেউতাক আনোৱাৰ আনছাৰী। ২০০১ চনৰ ১৩ ডিচেম্বৰত নাহিদে জন্মগ্ৰহণ কৰে। নাহিদৰ ভাতৃৰ নাম ফৈজ আনোৱাৰ। ৩ বছৰ বয়সৰ পৰাই নাহিদে গান গাবলৈ আৰম্ভ কৰিছিল। নাহিদে তেওঁৰ প্ৰথম গুৰু "বিবলী ভাগৱতী"ৰ পৰা সংগীত শিকিছিল। পিছত তেওঁ অসমৰ ভাটখাণ্ডে কলা কেন্দ্ৰত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। বিশ্বনাথ চাৰিআলিৰ লিটিল ষ্টাৰ স্কুলৰ পৰা দশম শ্ৰেণীৰ বৰ্ড পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁৰ পিতৃয়ে ডি আৰ ডি এত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰে।

টেলিভিছনৰ পৰ্দাত ভূমুকি মৰাৰ পূৰ্বে নাহিদে ৰাজ্যৰ কেইবাটাও স্থানত অনুষ্ঠান পৰিৱেশন কৰিছিল। হিন্দী, অসমীয়া, পশ্চিমীয়া, বাংলা আৰু আন বহুতো স্থানীয় ভাষাকে ধৰি বিভিন্ন ভাষাত তেওঁ গান গাব পাৰে।[2]

সংগীত কেৰিয়াৰ[সম্পাদনা কৰক]

২০১৫ চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰৰ সংস্কৰণত আফ্ৰিন প্ৰথম ৰানাৰ্ছ আপ হৈছিল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি আকিৰাত গায়িকা হিচাপে অভিষেক ঘটায়।[1][2]

ইউনিচেফৰ যুৱ অধিবক্তা[সম্পাদনা কৰক]

২০১৮ চনৰ ডিচেম্বৰ মাহত ইউনিচেফ ইণ্ডিয়াই শিশু অধিকাৰৰ বাবে যুঁজিবলৈ আফ্ৰিনক উত্তৰ-পূব অঞ্চলৰ প্ৰথমজন 'যুৱ অধিবক্তা' হিচাপে নিযুক্তি দিছে।[3]

বঁটা[সম্পাদনা কৰক]

  1. "শোণিত কুঁ‌ৱৰী" উপাধিৰে সন্মানিত,
  2. "এচিভাৰ বঁটা ২০১৫"- প্ৰতিদিন টাইমছ,
  3. "NEEDS EXCELLENCE AWARD 2015" যুব আইকন (সংগীত) হিচাপে,
  4. "প্ৰেৰণা বঁটা" ২০১৭ চনৰ বাবে আশাব্যঞ্জক শ্ৰেষ্ঠ গায়িকা,
  5. "গণ অধিকাৰী আশাব্যঞ্জক শিল্পী বঁটা" ২০১৭ বৰ্ষ,
  6. "শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকা" ধুনীয়া জোন গীতটিৰ বাবে - প্ৰাইড ইষ্ট বঁটা ২০১৭,
  7. " সপ্তম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০১৮ " - আকুলি-বিকুলি গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা,
  8. "প্ৰাগ চিনে বঁটা ২০১৯" - চিলা শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা,
  9. "প্ৰতিমা বৰুৱা পাণ্ডে বঁ‌টা" নিজানৰ গান ছবিৰ নতুন এজাক শীৰ্ষক গীতৰ বাবে শ্ৰেষ্ঠ নেপথ্য গায়িকা-২০১৮

বঁঁটা বিতৰ্ক[সম্পাদনা কৰক]

অষ্টম অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ শিতানত ২০১৮ বৰ্ষৰ বঁটা লাভক লৈ কণ্ঠশিল্পী নাহিদ আফ্ৰিন বঁ‌টা বিতৰ্কত সোমাই পৰে। নাহিদ আফ্ৰিনক যিটো গীতৰ বাবে বঁটাটো প্ৰদান কৰা হৈছিল, সেই গীতটো গাইছিল ৰূপজ্যোতি দেৱীয়ে। ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা-ভাকু’ গীতটোৰ বাবে নাহিদক এই বঁটা প্ৰদান কৰা হৈছিল বুলি প্ৰকাশ হৈছিল। এই সন্দৰ্ভত নাহিদ আফ্ৰিনে স্পষ্টীকৰণ দিয়ে। বিষয়টোকলৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হয় আৰু একাংশই নাহিদে এই বঁ‌টা ঘূৰাই দিব লাগে বুলি সামাজিক মাধ্যমত দাৱী উত্থাপন কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থ দিনা এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই গীতৰ নাম ভুল হোৱা বুলি কৈ উক্ত বঁ‌টা নাহিদে গোৱা নতুন এজাক গীতৰ বাবে প্ৰদান কৰা হৈছিল বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি জুৰি ব'ৰ্ডেও বিষয়টোৰ বাবে দুঃখ প্ৰকাশ কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]