টি আৰ পি আৰু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
টি আৰ পি আৰু

চলচ্চিত্ৰখনৰ প'ষ্টাৰ
পৰিচালক মৃদুল গুপ্তা
চিত্ৰনাট্য মণিমালা দাস
প্ৰযোজক অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম
জে আৰ এণ্টাৰপ্ৰাইজ
অভিনয়ত উৰ্মিলা মহন্ত
গুঞ্জন ভৰদ্বাজ
ফেৰীপ্ৰিয়া আহমেদ
প্ৰিন্স চৌহান
চিত্ৰগ্ৰহণকাৰী ৰক্তিম
সম্পাদনা অমিতাভ
ধনজিৎ দাস
সংগীত পৰিচালক পলাশ গগৈ
মুক্তি
২৮ নৱেম্বৰ, ২০১৪
দেশ  ভাৰত
ভাষা অসমীয়া

টি আৰ পি আৰু (ইংৰাজী: TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰঅসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি। মণিমালা দাসৰ কাহিনীৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে উৰ্মিলা মহন্ত, গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ, প্ৰিন্স চৌহান আদিয়ে।[1]

কাহিনী[সম্পাদনা কৰক]

উত্তৰ-পূৰ্বাঞ্চলত দূৰদৰ্শন উদ্যোগৰ দ্ৰুতগতিত বিকাশ হোৱাৰ লগে লগে বাতৰি চেনেলসমূহৰ মাজত প্ৰতিযোগিতা ক্ৰমান্বয়ে বাঢ়ি আহিছে। টেলিভিছন ৰেটিং পইণ্ট চমুকৈ টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত প্ৰতিটো চেনেলে প্ৰতিসময়তে ব্ৰেকিং নিউজৰ সন্ধানত লাগিছে। ব্ৰেকিং নিউজ সৃষ্টিৰ কাৰণে তেওঁলোকে অতিৰিক্ত ৰহণ সানি বাতৰি পৰিৱেশন কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনেধৰণৰ পৰিৱেশ এটাকে চলচ্চিত্ৰখনত তিনিজন বন্ধুৃৰ (গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ, প্ৰিন্স চৌহান) দৃষ্টিৰে দেখুওৱা হৈছে। তেওঁলোক দুটা শীৰ্ষস্থানীয় বাতৰি চেনেলৰ যুৱ সাংবাদিক। নাৰী ব্যৱসায়ী চক্ৰৰ হাতত পৰা এগৰাকী যুৱতী (উৰ্মিলা মহন্ত), পতিতালয়ৰ অন্ধকাৰ জীৱন, দুটা প্ৰতিষ্ঠিত বাতৰি চেনেলৰ মাজত টি আৰ পিৰ যুদ্ধ আৰু সকলোৰে শেষত সকলো বাধা নেওচি সত্য প্ৰতিষ্ঠা - ইয়াকে লৈ চলচ্চিত্ৰখন নিৰ্মিত।[1][2]

অভিনয়ত[সম্পাদনা কৰক]

  • উৰ্মিলা মহন্ত
  • গুঞ্জন ভৰদ্বাজ
  • ফেৰীপ্ৰিয়া আহমেদ
  • প্ৰিন্স চৌহান[1]
  • দেৱজিত মজুমদাৰ

কলা-কুশলী[সম্পাদনা কৰক]

  • পৰিচালক - মৃদুল গুপ্তা
  • কাৰ্যবাহী প্ৰযোজক - ৰাণুমাই টেৰণপি
  • চিত্ৰনাট্য/সংলাপ - মণিমালা দাস
  • সংগীত পৰিচালক/গীতিকাৰ - পলাশ গগৈ
  • চিত্ৰগ্ৰহণকাৰী - ৰক্তিম
  • সম্পাদক - অমিতাভ, ধনজিৎ দাস[1]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "TRP Aru… to Release on 28th November". Kothasobi. ১২ নৱেম্বৰ, ২০১৪. Archived from the original on 2016-03-05. https://web.archive.org/web/20160305021535/http://www.kothasobi.com/news/trp-aru-to-release-on-28th-november/। আহৰণ কৰা হৈছে: ২৯ নৱেম্বৰ ২০১৪. 
  2. অভিজিৎ ৰয় (২৪ জুলাই, ২০১৪). "Assamese Film “TRP aru…” Directed by Mridul Gupta is Coming Soon". Creativica. Archived from the original on 2014-08-31. https://web.archive.org/web/20140831010622/http://creativica.in/news-n-events/news-events/assamese-film-trp-aru-directed-by-mridul-gupta-is-coming-soon। আহৰণ কৰা হৈছে: ২৯ নৱেম্বৰ, ২০১৪. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]