অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত
অৱয়ব
(অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ পৰা পুনঃনিৰ্দেশিত)
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত | |
---|---|
চমু নাম | ASFFDC |
প্ৰতিষ্ঠা | ৪ ছেপ্টেম্বৰ ১৯৭৪ |
সক্ৰিয়তা | সক্ৰিয় |
প্ৰধান কাৰ্যালয় | পাঞ্জাবাৰী, গুৱাহাটী, অসম |
মুখ্য ব্যক্তি | সভাপতি: সীমান্ত শেখৰ উপ-সভাপতি: অলেক্ষ্য বৰুৱা |
ৱেবছাইট | filmfinance |
অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত (ইংৰাজী: Assam State Film (Finance and Development) Corporation Ltd.}) বা চমুকৈ ASFFDC হৈছে অসমৰ চলচ্চিত্ৰৰ প্ৰসাৰ আৰু উন্নয়নৰ লক্ষ্যৰে গঠিত অসম চৰকাৰৰ অধীনস্থ এটা সংস্থা। কোম্পানী আইন ১৯৫৬ৰ আধাৰত ১৯৭৪ চনৰ ৪ চেপ্তেম্বৰৰ দিনা অসম চৰকাৰে ইয়াক গঠন কৰিছিল।[1]
ASFFDC-এ বিগত বৰ্ষবোৰত অন্য প্ৰযোজনা সংস্থাৰ সৈতে যুটীয়াভাবে জাহ্নু বৰুৱাৰ 'বান্ধোন' (২০১২), ৰজনী বসুমতাৰীৰ 'ৰাগ' (২০১৪) আদিকে ধৰি বহুকেইখন অসমীয়া ছবিৰ প্ৰযোজনা কৰিছে।[2][3]
কাৰ্যাৱলী
[সম্পাদনা কৰক]ASFFDC-এ নিম্নোক্ত কাৰ্যাৱলী সম্পাদন কৰে।
- অসমীয়া ছবি প্ৰযোজনা কৰিবলৈ বিত্তৰ যোগান
- শিল্পী কল্যাণ নিধি যোগে চলচ্চিত্ৰৰ সৈতে জড়িত শিল্পী, কলা-কুশলীলৈ আৰ্থিক সহযোগিতা আগবঢোৱা
- চলচ্চিত্ৰ সংগ্ৰহালয় যোগে চলচ্চিত্ৰ সম্পৰ্কীয় সামগ্ৰী, নথি আদিৰ সংৰক্ষণ, প্ৰদৰ্শন।
- ফিল্ম আৰ্কাইভত ছবিৰ প্ৰিণ্ট সংৰক্ষণ
- ভাৰাৰ বিনিময়ত ১০০জনীয়া আসনৰ বাতানুকুল প্ৰেক্ষাগৃহৰ ব্যৱস্থা কৰা
- ভাৰাৰ বিনিময়ত শ্বুটিং জেনেৰেটৰ ভেনৰ যোগান[4]
প্ৰযোজনা কৰা ছবিৰ তালিকা
[সম্পাদনা কৰক]মুক্তিৰ বৰ্ষ | ছবিৰ নাম | সহযোগী প্ৰযোজক | পৰিচালক | বঁটা-বাহন |
---|---|---|---|---|
২০০০ | নিষিদ্ধ নদী | - | বিদ্যুৎ চক্ৰৱৰ্তী | ২০০৫ৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা |
২০১৩ | বান্ধোন | - | জাহ্নু বৰুৱা | শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
২০১৪ | ৰাগ | ৰজনী বসুমতাৰী | ৰজনী বসুমতাৰী | |
২০১৪ | পানী | যদুমণি দত্ত | যদুমণি দত্ত | |
২০১৪ | শৃংখল | প্ৰবীন হাজৰিকা, প্ৰীতি শইকীয়া | প্ৰবীণ হাজৰিকা | |
২০১৪ | টি আৰ পি আৰু | জে আৰ এ্ণ্টাৰপ্ৰাইজ | মৃদুল গুপ্তা | |
২০১৬ | সাত নম্বৰৰ সন্ধানত | - | আব্দুল মজিদ | |
২০১৬ | দিকচৌ বনত পলাশ | উৎপল দাস (কেনভাস্ক'প) | সঞ্জীৱ সভাপণ্ডিত | |
২০১৭ | তুমি আহিবানে | প্ৰেৰণা ক্ৰিয়েচন | প্ৰেৰণা বৰবৰুৱা | |
২০১৭ | সোণাৰ বৰণ পাখি | বসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱা | ববী শৰ্মা বৰুৱা[5] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "ASFFDC - Right To Information". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304120405/http://asffdc.in/rti.html। আহৰণ কৰা হৈছে: 4 January 2016.
- ↑ "Post 'Baandhon', ASFFDC plans to revive Assam film industry". Business Standard. Press Trust of India (Panaji). 21 November 2012. http://www.business-standard.com/article/pti-stories/post-baandhon-asffdc-plans-to-revive-assam-film-industry-112112100506_1.html। আহৰণ কৰা হৈছে: 4 January 2016.
- ↑ "Film body works on returns". The Telegraph (Guwahati). 27 November 2014. http://www.telegraphindia.com/1141127/jsp/northeast/story_19090879.jsp#.Voyob_l97Dc। আহৰণ কৰা হৈছে: 6 January 2016.
- ↑ "Functions and Objectives". THE ASSAM STATE FILM (FINANCE AND DEVELOPMENT) CORPORATION. https://filmfinance.assam.gov.in/about-us/detail/functions-and-objectives-28। আহৰণ কৰা হৈছে: 18 May 2020.
- ↑ "List of Feature Films Produced/Co-produced by ASFFDC". DEPARTMENT OF CULTURAL AFFAIRS, ASSAM GOVT.. https://filmfinance.assam.gov.in/information-services/feature-films। আহৰণ কৰা হৈছে: 18 May 2020.
|