সমললৈ যাওক

জ্যোতিপ্ৰসাদ আগৰৱালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰূপকোঁৱৰ
জ্যোতিপ্ৰসাদ আগৰৱালা
জন্ম ১৭ জুন, ১৯০৩[1]
তামোলবাৰী চাহ বাগিছা, ডিব্ৰুগড়, অসম
মৃত্যু ১৭ জানুৱাৰী, ১৯৫১ (৪৭ বছৰ)
জ্যোতি ভাৰতী, তেজপুৰ, অসম
পেচা গীতিকাৰ,
সুৰকাৰ,
নাট্যকাৰ,
লেখক আৰু
প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা
সক্ৰিয় হৈ থকা সময় ১৯৩২-১৯৫১
দাম্পত্যসঙ্গী দেৱযানী ভূঞা
পিতৃ-মাতৃ পৰমানন্দ আগৰৱালা
কিৰণময়ী আগৰৱালা
সন্তান চিন্ময় আগৰৱালা
বিশ্বেন্দু আগৰৱালা
জয়শ্ৰী
জ্ঞানশ্ৰী
সত্যশ্ৰী
হেমাশ্ৰী
মনশ্ৰী
স্বাক্ষৰ

জ্যোতিপ্ৰসাদ আগৰৱালা (ইংৰাজী: Jyotiprasad Agarwala; ১৯০৩ – ১৯৫১) অসমৰ এগৰাকী গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা।[2] অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক "ৰূপকোঁৱৰ" বুলি কোৱা হয়। জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতত আধুনিকতাৰ প্ৰৱৰ্তক। ১৯৩৪ চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰে। ১৯৩৫ চনত 'জয়মতী' ৰ মুক্তি লাভ। তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক "শিল্পী দিৱস"ৰূপে পালন কৰা হয়।[3][4][5] জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷ তেখেতে কৈছিল-‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’।

ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহবাগিচা স্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান
পকী হিচাপে জনাজাত জ্যোতি ভাৰতী, তেজপুৰত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহ

১৯০৩ চনৰ ১৭ জুনত উজনি অসমডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়।[1][6] তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা। 'প্ৰতিমাৰ খনিকৰ' চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল। তেখেতৰ পূৰ্বপুৰুষ নৱৰংগৰাম আগৰৱালা ১৮২৮ চনত ১৭ বছৰ বয়সত ৰাজস্থানমাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল। তেখেতৰ বৰপুত্ৰ আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই অসমীয়া ধৰ্মগ্ৰন্থ সমূহ যেনে - কীৰ্তন, গুণমালা আদি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷[7]

চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰ পৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেশ্যনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে। তাৰপাছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে। ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।[8]

অন্যান্য

[সম্পাদনা কৰক]

ঘৰলৈ উভতি আহি জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে। শিলচৰ জে’লত টাইফইড ৰোগত ভোগা সত্ত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে। ১৯৩৩ চনৰ শেষৰ ফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ' স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। লক্ষ্মীনাথ বেজবৰুৱাজয়মতী কুঁৱৰী নাটৰ আধাৰত নিৰ্মিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।[6][8][9] জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।[10] ১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে । ১৯৪২ চনৰ ভাৰত‌ ত্যাগ আন্দোলনত‌ তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।[11]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৩৬ চনত দেৱযানী ভূঞাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়।[2]

১৯৫১ চনৰ ১৭ জানুৱাৰীত তেজপুৰৰ পকীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কৰ্কট ৰোগত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৪৮ বছৰ। [12] তেখেতৰ মৃত্যুত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল৷ [12][1]

সাহিত্য-চৰ্চা

[সম্পাদনা কৰক]
  • ৰূপহী
  • বগীতৰা
  • সোণতৰা
  • সোণটি
  • যুঁজাৰু
  • সতীৰ সোঁৱৰণি
  • সন্ধ্যা
  • শিলাকুটি
  • নীলাচৰাই আদি।

শিশু-সাহিত্য

[সম্পাদনা কৰক]

তেখেতে তেৰটামান শিশু-উপযোগী কবিতা লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে "কুম্পুৰ সপোন"।

কলা-সংস্কৃতিলৈ অৱদান

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
"জয়মতী"ৰ সম্পাদনাৰ কাম কৰি থকা অৱস্থাত আগৰৱালা

জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।[13] তেখেতে একক প্ৰচেষ্টাৰে প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।

জ্যোতিপ্ৰসাদে প্ৰায় ৩০০ মান গীত ৰচনা কৰি নিজে সুৰ দিছিল। সেইবোৰক জ্যোতি সংগীত বুলি কোৱা হয়।[11]

জ্যোতি প্ৰসাদ আগৰৱালাৰ "লভিতা" নাটকৰ দৃশ্য-শ্ৰাব্য অংশ

অতিৰিক্ত তথ্য

[সম্পাদনা কৰক]

অসমীয়া সাহিত্য আৰু বোলছবি জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুন তাৰিখে ভাৰত চৰকাৰে আগৰৱালাৰ এটা স্মৃতিৰক্ষামূলক এটা ডাকটিকট মুকলি কৰে। এই টিকটটোৰ মূল্য পাঁচ টকা।[14]

জ্যোতিপ্ৰসাদ আগৰৱালা সম্পৰ্কে বিভিন্নজনৰ অভিমত

[সম্পাদনা কৰক]
  • বিষ্ণুপ্ৰসাদ ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাক ‘আজীৱন ৰূপতীৰ্থৰ যাত্ৰী’ আজীৱন ৰূপতীৰ্থৰ সাধক, আমৰণ ঝঞ্জাবিজয়ী আত্মাৰ গৰাকী, নৱ-নৱোন্মেষশালিনী আৰু বহু প্ৰতিভাৰে উদ্ভাসিত শিল্পী’ বুলি আখ্যা দিছে৷[15]
  • সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে— অসমৰ সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনত জ্যোতিপ্ৰসাদে যি মহান বিপ্লৱী শিল্পীৰ ভূমিকা গ্ৰহণ কৰি গৈছে তাৰ তুলনা দিবলৈ দ্বিতীয় এজন ব্যক্তি হয়তো বিচাৰি পোৱা টান হ’ব৷[16]
  • হেমাংগ বিশ্বাসে ‘ব্যক্তি জীৱনৰ সততা, সাহস, সত্যিনষ্ঠা আৰু সংগ্ৰামশীলতাৰ লগত সাহিত্য, শিল্প আৰু সংগীতৰ এনে সুসংগতি এই যুগৰ সংস্কৃতি জগতত দুৰ্লভ’ বুলি আখ্যা দিছে৷[17]
  • হোমেন বৰগোহাঞিৰ মতে জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ মাজৰ এজন ৷[18]
  • ইমৰান শ্বাহে কৈছে— কঠোৰ ব্ৰতৰ ধৰ্ম পিন্ধি লক্ষ্যৰ বাবে শত বিঘিনি উপেক্ষা কৰি, ত্যগৰ অগ্নিত নিজকে পুৰি সাধনাৰ বন্তি হাতত লৈ জগতখনকে সম্বুধিবলৈ জ্যোতিপ্ৰসাদ প্ৰস্তুত হৈছে৷[19]
  • শিৱনাথ বৰ্মনৰ মতে— জ্যোতিপ্ৰসাদ প্ৰণালীবদ্ধ চিন্তাবিদ আছিল। নিজৰ স্বীকাৰোক্তি-মতেই তেওঁ পণ্ডিত নাছিল, তেওঁ আছিল মনে-প্ৰাণে শিল্পী৷ কিন্তু শিল্প তেওঁৰ বাবে নাছিল পংকময় পাৰ্থিৱ জগতৰ বহু ওপৰৰ শুকুলা ডাৱৰৰ আঁৰে-আঁৰে উটি-বুৰি ফুৰা কল্পনাৰ বিলাস৷ ই আছিল তেওঁৰ বাবে বাস্তৱৰ নিৰ্যাস।[20]
  • আনন্দ বৰমুদৈৰ মতে জ্যোতিপ্ৰসাদৰ জীৱন এগৰাকী সংগ্ৰামী শিল্পীৰ জীৱন৷ নিজে সৃষ্টিশীল প্ৰতিভাৰ গৰাকী আছিল বাবে আনৰো শ্ৰম আৰু সৃষ্টি প্ৰতিভাৰ প্ৰতি তেওঁৰ সহানুভূতিশীল শ্ৰদ্ধা আছিল৷ তেওঁৰ জীৱনৰ আৰু ব্যক্তিত্বৰ আটাইতকৈ উজ্জ্বল দিশটো হৈছে জনগণৰ ওপৰত আস্থা, জনগণৰ প্ৰতি দৰদ আৰু জনগণৰ মাজত তেওঁ দেখা পোৱা ইতিহাস সলনি কৰিব পৰা শক্তি৷[21]
  • অনুৰাধা শৰ্মাৰ মতে— জ্যোতিপ্ৰসাদ৷ যাৰ নামেই প্ৰকাশ কৰে পোহৰৰ প্ৰসন্নতা৷ কিন্তু পৰিয়াল প্ৰদত্ত নামটোৰ বাবেই নহয়, নামৰ পৰা কামলৈ তেওঁৰ সমগ্ৰ শিল্পৰূপৰ মাজত শক্তিশালী ৰূপত স্থিতি লাভ কৰা জ্যোতি চেতনাই তেওঁৰ নাম, ব্যক্তিত্ব আৰু দৰ্শনক একাকাৰ কৰি তুলিছে৷ তেওঁৰ সমস্ত ৰচনাত ব্যাপ্ত হৈ আছে আন্ধাৰৰ বিৰুদ্ধে আলোকৰ সংগ্ৰাম৷[22]
  • জ্যোতিপ্ৰসাদ শইকীয়াই ‘জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা’ গ্ৰন্থত লিখিছে— তেখেত মাথোঁ ৰূপৰ কোঁৱৰ নহয়, গুণৰ কোঁৱৰো৷[23]
  • মৌচুমী কন্দলীয়ে লিখিছে— জ্যোতিপ্ৰসাদৰ দৰে সৌন্দৰ্য্য আৰু কলাৰ সুকীয়া ধ্যান-ধাৰণাৰে পুষ্ট চিন্তাশীল ব্যক্তি অসমৰ শিল্পচিন্তাৰ নিস্তেজ পৰিমণ্ডলত সঁচাকৈয়ে অনন্য৷[24]
  • জয়ন্ত কুমাৰ বৰাৰ মতে— জ্যোতিপ্ৰসাদৰ ব্যক্তিত্ব আৰু প্ৰতিভা আধুনিক অসমীয়া সংস্কৃতিৰ এক দুৰ্লভ শক্তি৷ বিংশ শতিকাৰ যি কেইগৰাকী মহাপ্ৰয়ান অসমীয়াই জাতীয় জীৱনক আপোন যোগ্যতাৰে মহীয়ান কৰি তুলিছিল, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ অন্যতম৷[25]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 असम के सांस्कृतिक जगत के साधक. প্ৰকাশক नुनमाटि, गुवाहाटी: असम जातिय विद्यालय, न्यास. 2020. পৃষ্ঠা. 39.
  2. 1 2 "জ্যোতিপ্ৰসাদ জন্ম-শতবৰ্ষ অৰ্ঘ্য". গৰীয়সী খণ্ড চতুৰ্থ সংখ্যা (দশম বছৰ). জানুৱাৰী ২০০৩.
  3. "Jyoti Prasad Agarwala, Indian Theatre Artist". Indianetzone.com. Archived from the original on 2013-03-30. https://web.archive.org/web/20130330160137/http://www.indianetzone.com/28/jyoti_prasad_agarwala_indian_theatre_artist.htm আহৰণ কৰা হৈছে: 2013-01-31.
  4. "অনলাইন শিৱসাগৰ". Archived from the original on 2023-11-01. https://web.archive.org/web/20231101154723/http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  5. "বিপুলজ্যোতি শইকীয়াৰ ৱেবছাইট". Archived from the original on 2013-05-17. https://web.archive.org/web/20130517064723/http://www.bipuljyoti.in/authors/jyotiprasad/rupkonwar.html আহৰণ কৰা হৈছে: জানুৱাৰী 17, 2014.
  6. 1 2 3 4 5 Chandra Bhushan (1 January 2005). Assam. Gyan Publishing House. পৃষ্ঠা. 150–158. ISBN 978-81-7835-352-4. http://books.google.com/books?id=p_n-naXpdhkC&pg=PA151 আহৰণ কৰা হৈছে: 28 November 2012.
  7. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-2
  8. 1 2 Jyotiprasad Agarawala, www.rupaliparda.com
  9. গোহাঁই, ড° হীৰেন, সম্পা. জ্যোতিপ্ৰসাদ ৰচনাৱলী. গুৱাহাটী: অসম প্ৰকাশন পৰিষদ, ২০০৭. পৃ. ৯০৬, ১০০৬. মুদ্ৰিত.
  10. দাস, অৰুণলোচন (২০০১)। 'এবাৰ উভতি চাওঁ'। শিশুসাৰথি প্ৰকাশন। গুৱাহাটী।
  11. 1 2 ৰূপকোঁৱৰৰপৰা জ্যোতিপ্ৰসাদলৈ, লেখক- লক্ষ্মীনাথ ফুকন লয়াৰ্ছ বুক ষ্টল,পঞ্চম প্ৰকাশ,২০১২, পৃষ্ঠা-১৪৪
  12. 1 2 জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-৩
  13. "Jyoti Prasad Agarwala - Rupkonwar Jyotiprasad Agarwala of Assam". Onlinesivasagar.com. Archived from the original on 2023-11-01. https://web.archive.org/web/20231101154723/http://onlinesivasagar.com/movies/jyotiprasad-agarwala.html আহৰণ কৰা হৈছে: 2013-01-31.
  14. "Remembering Assam's Cultural Icon Jyoti Prasad Agarwala on His 72nd Death Anniversary". G PlusGuwahati Plus. https://m.guwahatiplus.com/article/remembering-assams-cultural-icon-jyoti-prasad-agarwala-on-his-72nd-death-anniversary/23072 আহৰণ কৰা হৈছে: 2025-04-19.[সংযোগবিহীন উৎস]
  15. বিষ্ণুৰাভা, জ্যোতি প্ৰতিভা, পৃষ্ঠা-২৮
  16. সত্যেন্দ্ৰনাথ শৰ্মা, জ্যোতিপ্ৰসাদ ৰচনৱালী, ২য় সংস্কৰণ,১৯৮৬, পৃষ্ঠা-ভূমিকা,০৩
  17. হেমাংগ বিশ্বাস, জ্যোতি প্ৰতিভা, পৃষ্ঠা-২৮
  18. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-২
  19. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-৫
  20. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-৬৪
  21. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-৭৮
  22. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-১০১
  23. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-পাতনি
  24. শিল্পীৰ আলোক যাত্ৰা, পৃষ্ঠা-২০৬
  25. জ্যোতিপ্ৰসাদৰ সৃষ্টি আৰু চেতনা, সম্পাদক-জ্যোতিপ্ৰসাদ শইকীয়া, পৃষ্ঠা-১৩৫

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনীৰ বিষয় ৰচনা[সংযোগবিহীন উৎস]