আনন্দ বৰমুদৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দ বৰমুদৈ
জন্ম ১৯৪৯
অসম
পেচা অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
ধৰণ সমালোচনা সাহিত্য
সহযোগী পূৰবী বৰমুদৈ
সন্তান অৰ্ণৱ বৰমুদৈ

আনন্দ বৰমুদৈ (ইংৰাজী: Ananda Barmudoi) হৈছে এগৰাকী অসমীয়া লেখক, সমালোচক, অধ্যাপক, সম্পাদক৷[1] তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰপৰা অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছে৷ অসমীয়া সমালোচনা সাহিত্যত বৰমুদৈয়ে বহুকেইখন মূল্যবান গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে ভাষা-সাহিত্য, সমালোচনা সাহিত্য, তত্ত্ব বিষয়ক বহুকেইখন গ্ৰন্থ লিখিছে আৰু সম্পাদনা কৰিছে৷[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

তেখেতৰ জন্ম হয় ১৯৪৯ চনৰ ২৭ আগষ্টত, দৰং জিলাৰ কোঠাইচুক গাঁৱত৷ পিতৃৰ নাম ৰতিৰাম বৰমুদৈ আৰু মাতৃৰ নাম প্ৰমিলা বৰমুদৈ৷ ১৯৭৫ চনত পূৰবী বৰমুদৈৰ সৈতে তেখেতৰ বিবাহ হয়৷ তেখেতৰ পত্নী অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত ঔপন্যাসিক।

শিক্ষা[সম্পাদনা কৰক]

তেখেতে ১৯৬৬ চনত শোণিতপুৰ জিলাৰ গহপুৰ হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়৷ দৰং কলেজৰপৰা ১৯৭০ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৭২ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ তেখেতে এম. ফিল (১৯৮৭) আৰু পিএইচ.ডি.(১৯৯৩) ডিগ্ৰী গ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা৷ ডক্টৰেট ডিগ্ৰীৰ বিষয় আছিল "জৰ্জ বাৰ্ণাৰ্ড শ্ব’ আৰু ট্ৰেজিক নাটক"৷

চাকৰি জীৱন[সম্পাদনা কৰক]

তেখেতে যোৰহাটজগন্নাথ বৰুৱা মহাবিদ্যালয় (জে.বি. কলেজ)ত অধ্যাপক হিচাপে চাকৰি জীৱনৰ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰপৰাই ২০১৩ চনত অৱসৰ গ্ৰহণ কৰে৷[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

প্ৰকাশিত গ্ৰন্থ[সম্পাদনা কৰক]

  • সমাজ, সাহিত্য, সমালোচনা, এচিক পাব্লিকেশ্যনছ, ১৯৯৫
  • আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ, অসম সাহিত্য সভা, ১৯৯৮
  • সাহিত্যত মতবাদ, অসম সাহিত্য সভা, ২০০০
  • অসমীয়া সমালোচনা সাহিত্যৰ চমু বুৰঞ্জী, অসম প্ৰকাশন পৰিষদ, ২০০৮
  • আধুনিকতাৰপৰা উত্তৰ আধুনিকতালৈ, বনলতা, ২০১০
  • অসমীয়া কবিতাঃ আধুনিকতাৰপৰা উত্তৰ আধুনিকতালৈ, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০১১
  • অসমীয়া কবিতাৰ সমালোচনা, অসম সাহিত্য সভা, ২০১২
  • সাহিত্য সমালোচনাঃ প্ৰসংগ আৰু অসমীয়া সাহিত্য, অসম পাব্লিচিং কোম্পানী, ২০১৩
  • যুগনায়ক শঙ্কৰদেৱঃ সংগ্ৰহণ আৰু আত্মীকৰণ,অসম পাব্লিচিং কোম্পানী, ২০১৪
  • চন্দ্ৰকুমাৰ আগৰৱালা,ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০১৬
  • নিৰ্বাচিত অসমীয়া কবিতাৰ সমালোচনা,অসম পাব্লিচিং কোম্পানী, ২০১৭
  • Ganesh Chandra Gogoi, Makers of Indian Litersture, সাহিত্য অকাডেমী,২০১৮
  • সাহিত্যতত্ত্ব আৰু সমালোচনা, বনলতা, ২০২৩
  • Mahendra Bora, Makers of Indian Literature,সাহিত্য অকাডেমী,২০২৩
  • সাহিত্য সমালোচনাতত্ত্বৰ চমু পৰিচয়, বনলতা, ২০২৩
  • ট্ৰেজেডি নাটক, অসম পাবলিশিং কোম্পানী, ২০২৩
  • আধুনিক অসমীয়া সাহিত্যৰ ইতিহাস,ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০২৩

অসমীয়ালৈ অনূদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • বংকিমচন্দ্ৰ, নিউ দিল্লী, ১৯৯৯
  • ধুমুহা, অসম সাহিত্য সভা, ২০০০
  • ৰবীন্দ্ৰনাথ, বুক ট্ৰাষ্ট ইণ্ডিয়া, ২০০৬

ইংৰাজীলৈ অনূদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • Santanukulanandan (পূৰৱী বৰমুদৈৰ ‘শান্তনুকুলনন্দন’ গন্থৰ অনুবাদ), সাহিত্য অকাডেমী, ২০১৪
  • Life of Anandaram Dhakial Phukan (পোনা মহন্তৰ সৈতে যুতীয়াভাৱে), অসম প্ৰকাশন পৰিষদ, ২০০৭
  • You and Me on a Journey to Light (চন্দ্ৰপ্ৰসাদ শইকীয়াৰ ‘তোৰে মোৰে আলোকৰে যাত্ৰা’), ২০০৩
  • Man anywhere is a Man (তপন বৰুৱাৰ কবিতাৰ অনুবাদ), ২০০৮
  • A Friend's Letter and Other poems of Intikabur Rahman,অসম পাব্লিশ্বিং কোম্পানী, ২০১৪
  • Agniprova is Going on (সত্যজিৎ গগৈৰ কবিতাৰ অনুবাদ), অসম পাব্লিশ্বিং কোম্পানী, ২০১৫

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • সপ্তদশকৰ কণ্ঠস্বৰঃ উত্তৰ স্বাধীনতা যুগৰ শ্ৰেষ্ঠ অসমীয়া কবিতা, নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়া, ২০০৮
  • কাব্যকোষ, অসম সাহিত্য সভা, ২০১২
  • চাহ-কোষ, অসম সাহিত্য কোষ,২০১৩
  • মহেন্দ্ৰ বৰা ৰচনাৱলী, প্ৰথম খণ্ড, বনলতা, ২০১৬
  • পৰ্বান্তৰৰ পদ্য, অসম পাব্লিশ্বিং কোম্পানী, ২০২০

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • বেণু চিৰিং বঁটা
  • ভৰত চন্দ্ৰ বৰুৱা বঁটা
  • প্ৰথম তীৰ্থনাথ শৰ্মা নিৰ্মলা দেৱী বঁটা
  • সাঁকো জ্ঞানৰত্ন বঁটা-২০২২
  • এনাজৰী জীৱন জোৰা সাধনা বঁটা, ২০২৩

তথ্যসূত্ৰ[সম্পাদনা কৰক]