মৌচুমী কন্দলী
| মৌচুমী কন্দলী | |
|---|---|
| জন্ম | অসম |
| পেচা | লেখিকা, অধ্যাপক |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ধৰণ | অসমীয়া সাহিত্য |
| উল্লেখনীয় কৰ্মৰাজি | লাম্বাদা নাচৰ শেষত তৃতীয়ত্বৰ গল্প মকড্ৰিল এক ধীমানৰ আত্মজীৱনী |
| উল্লেখযোগ্য বঁটা |
|
মৌচুমী কন্দলী (ইংৰাজী: Moushumi Kandali) এগৰাকী অসমীয়া সাহিত্যিক, কলা সমালোচক, অনুবাদক আৰু অধ্যাপক। ১৯৯৮ চনত প্ৰকাশিত তেওঁৰ লাম্বাদা নাচৰ শেষত নামৰ প্ৰথমখন গল্প সংকলনৰ বাবে কন্দলীয়ে ২০০০ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল।[1] তেওঁ গল্পৰ লগতে শিল্প কলাৰো গৱেষক আৰু লেখক।[2] তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ কালচাৰেল ষ্টাডিজ বিভাগৰ সহকাৰী অধ্যাপক।[3]
২০২২ চনত পেংগুইন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত দ্য ব্লেক মেজিক ৱ’মেন গল্প গ্ৰন্থৰ বাবে ২০২৩ চনত কন্দলীয়ে সৰ্বভাৰতীয় স্তৰত ‘ছাউথ এছিয়া লাড্লী মেডিয়া বঁটা’ লাভ কৰিছিল। এই কিতাপখন ভেলী অৱ ৱৰ্ডচ্ সাহিত্য সন্মানৰ বাবেও মনোনীত হৈছিল।[4]
শিক্ষা
[সম্পাদনা কৰক]কন্দলীয়ে গুৱাহাটীৰ কটন মহাবিদ্যালয়ত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিসয়ত সোণৰ পদকসহ স্নাতকোত্তৰ উপাধি লাভ কৰে। ইয়াৰ পিছত ২০০১ চনত তেওঁ বৰোদাৰ এম এছ বিশ্ববিদ্যালয়ৰ পৰা কলাৰ ইতিহাস আৰু নন্দনতত্ব বিষয়তো স্নাতকোত্তৰ উপাধি লাভ কৰে।[2] তেওঁ উক্ত বিশ্ববিদ্যালয়ৰপৰাই চাৰুকলা বিষয়ত ডক্টৰেট উপাধিও লাভ কৰে।[3]
কৰ্মৰাজি
[সম্পাদনা কৰক]১৯৯৩ চনত কটন কলেজত পঢ়ি থাকোঁতে অসমীয়া আলোচনী প্ৰান্তিকত কন্দলীৰ জোনাকত ঢেঁকীয়াবোৰ শীৰ্ষক প্ৰথমটো গল্প প্ৰকাশিত হৈছিল। ১৯৯৮ চনত লাম্বাদা নাচৰ শেষত নামৰ তেওঁৰ প্ৰথমখন গল্প সংকলন প্ৰকাশ পায়। তেওঁ জাৰ্মানীৰ ফ্ৰেংকফ'ৰ্ট, বাৰ্লিন, মিউনিখ, লাইপজিগ, হালে, আউচবাৰ্গ আদি ঠাইত গল্প পাঠ কৰাৰ লগতে অসম আৰু ভাৰতৰ কলা-সংস্কৃতি, সাহিত্য আদি বিষয়ত আলোকপাত কৰিছে। কন্দলীৰ কলা সম্পৰ্কীয় বহুসংখ্যক প্ৰবন্ধ বিভিন্ন ৰাষ্ট্ৰীয় আৰু অসমীয়া ভাষাৰ স্থানীয় কাকত-আলোচনীত প্ৰকাশিত হৈছে।[2] তেওঁ কৰা চালভাদ'ৰ দালিৰ গ্ৰন্থ Diary of A Genius-ৰ অনুবাদ এক ধীমানৰ আত্মজীৱনী নামেৰে প্ৰকাশ পায়। ২০০৮ চনত সাহিত্য অকাডেমীয়ে প্ৰকাশ কৰা মিচিং লোক কবিতাৰো তেওঁ ইংৰাজী অনুবাদ (Listen My Flower-bud : Mishing Oral Poetry of Assam) কৰিছে।[5] তেওঁৰ গল্প ইংৰাজীৰ লগতে জাৰ্মান, হিন্দী, বাংলা, নেপালী, উড়িয়া, কাচী আদি ভাষালৈ অনুদিত হৈছে। ২০২২ চনত The Black Magic Women নামেৰে তেওঁৰ গল্পৰ ইংৰাজী অনুবাদ পেংগুইনৰ বেনাৰত প্ৰকাশিত হয়।[6]
প্ৰকাশিত গ্ৰন্থসমূহ
[সম্পাদনা কৰক]গল্প[3]
|
প্ৰবন্ধ[3]
|
অনুবাদ[3]
|
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- মুনীন বৰকটকী বঁটা[1], ২০০০ (লাম্বাদা নাচৰ শেষত)
- যুৱ পুৰস্কাৰ[5], ভাৰতীয় ভাষা পৰিষদ , ২০০৫
- ছাউথ এছিয়া লাড্লী মেডিয়া বঁটা[4], ২০২৩ (দ্য ব্লেক মেজিক ৱ’মেন)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 মৌচুমী কন্দলী (২০০৭). লাম্বাদা নাচৰ শেষত. মা সৰস্বতী প্ৰকাশন. পৃষ্ঠা. প্ৰচ্ছদ.
- ↑ 2.0 2.1 2.2 মৌচুমী কন্দলী (২০০৭). তৃতীয়ত্বৰ গল্প. লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. প্ৰচ্ছদ. ISBN 81-7331-138-2.
- ↑ 3.0 3.1 3.2 3.3 3.4 "Moushumi Kandali". Tezpur University. http://www.tezu.ernet.in/dtcaf/profile/23। আহৰণ কৰা হৈছে: 30 April 2022.
- ↑ 4.0 4.1 মৌচুমী কন্দলী (জানুৱাৰী, ২০২৫). কলা বীক্ষণ. প্ৰকাশক গুৱাহাটী: বান্ধৱ. পৃষ্ঠা. শেষ পৃষ্ঠা. ISBN 978-93-94594-63-0.
- ↑ 5.0 5.1 "ART of being". www.thehindu.com. 14 August 2013. https://www.thehindu.com/features/friday-review/art/art-of-being/article5022298.ece। আহৰণ কৰা হৈছে: 16 July 2022.
- ↑ "The Black Magic Women (Stories from North-east India)". penguin.co.in. https://penguin.co.in/book/black-magic-women/। আহৰণ কৰা হৈছে: 30 April 2022.