কনকলতা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কনকলতাৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


কনকলতা বৰুৱা

কনকলতাৰ প্ৰস্তৰ মূৰ্তি, বৰঙাবাৰী
জন্ম ২২ ডিচেম্বৰ, ১৯২৪
বৰঙাবাৰী, গহপুৰ, দৰং জিলা (বৰ্তমান শোণিতপুৰ জিলা)
মৃত্যু ২০ ছেপ্টেম্বৰ, ১৯৪২
গহপুৰ থানাৰ প্ৰাঙ্গন, গহপুৰ
বংশদ্ভূত অসমীয়া
জনা যায় প্ৰথম মহিলা শ্বহীদ
ৰাজনৈতিক আন্দোলন ভাৰতীয় স্বাধীনতা আন্দোলন

কনকলতা বৰুৱা আছিল এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্ৰিটিছৰ গুলিত তেওঁ ছহিদ হয়।[1] তেওঁ অসমৰ প্ৰথম মহিলা শ্বহীদ।

জন্ম[সম্পাদনা কৰক]

গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত জন্ম। পিতৃ বগাৰাম বৰুৱা আছিল এজন খেতিয়ক। কনকলতা সৰু থাকোঁতেই তেখেত ঢুকায়।[2]

স্বাধীনতা সংগ্ৰামলৈ অৱদান[সম্পাদনা কৰক]

তেজপুৰত অৱস্থিত কনকলতা উদ্যানত থকা বৰ্ণনাত্মক ভাস্কৰ্য

কনকলতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 'মৃত্যু বাহিনী'ত[2] যোগ দি ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছঅসম শাখাই প্ৰত্যেক থানাত উত্তোলিত হৈ থকা ব্ৰিটিছৰ পতাকা নমাই তাৰ ঠাইত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ আঁচনি গ্ৰহণ কৰিছিল। তাৰ বাবে মৃত্যুপণ বাহিনী তৈয়াৰ কৰা হৈছিল। গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যুপণ বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল কনকলতা বৰুৱা। থানাৰ দ্বাৰৰ সন্মুখত ৰৈ থানালৈ সোমাবলৈ চেষ্টা কৰাৰ সময়ত অন্যান্য স্বাধীনতা সংগ্ৰামীৰ লগতে পুলিচৰ লগত কনকলতাৰো টনা-আজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি থাকোঁতেই চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকুলৈ লক্ষ্য কৰি গুলি এৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সম্মুখতে শ্বহীদ হয়।[3] উল্লেখ্য যে, কনকলতা বাগৰি পৰাৰ পিছতে মুকুন্দ কাকতিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাখন তুলি ল'বলৈ চেষ্টা কৰোঁতে পুলিচৰ গুলীত তেওঁ একে স্থানতে শ্বহীদ হয়। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সম্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব মূৰ্তি যুগল প্ৰতিস্থিত হৈ আছে।

গহপুৰ থানাৰ সম্মুখত প্ৰতিস্থিত শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ ব্ৰঞ্জেৰে নিৰ্মিত যুগল ভাস্কৰ্য

মৃত্যু[সম্পাদনা কৰক]

১৯৪২ চনৰ ২০ চেপ্তেম্বৰ।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Pathak, Guptajit (2008). Assamese Women in Indian Independence Movement: With a Special Emphasis on Kanaklata Barua. প্ৰকাশক New Delhi: Mittal Publications. পৃষ্ঠা. 52. ISBN 9788183242332. https://books.google.com/books?id=6igd9NaJFlUC&q=Kanaklata+Barua&pg=PA52. 
  2. 2.0 2.1 শিৱনাথ বৰ্মন, অসমীয়া জীৱনী অভিধান, ছ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা:লি:, ১৯৯২, পৃষ্ঠা-৪০
  3. শ্ৰী সৰ্বানন্দ বৰা, ইতিহাসে গৰকা ছয়দুৱাৰ, পৃষ্ঠা-১২৮