হেম বৰুৱা (ত্যাগবীৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্যাগবীৰ
হেমচন্দ্ৰ বৰুৱা

তেজপুৰৰ হেমভৱনৰ আৰু ইয়াৰ সন্মুখত থকা ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱাৰ আৱক্ষ মূৰ্ত্তি
জন্ম ২৫ এপ্ৰিল, ১৮৯৩
তেজপুৰ, শোণিতপুৰ, অসম
মৃত্যু ১১ আগষ্ট, ১৯৪৫
গুৱাহাটী, অসম
পেচা সাহিত্যিক, সমাজসেৱক, স্বাধীনতা সংগ্ৰামী
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
শিক্ষা বি.এ. (১৯১৯)
বি.এল. (১৯২৫)
মাতৃশিক্ষায়তন কটন মহাবিদ্যালয়
সাহিত্যিক বিপ্লৱ ভাৰতৰ স্বাধীনতা আন্দোলন, ১৯৪২ৰ গণ আন্দোলন
আত্মীয়-স্বজন পোৱাল চন্দ্ৰ বৰুৱা (পিতৃ)
পদ্মাৱতী বৰুৱা (মাতৃ)

হেমচন্দ্ৰ বৰুৱা (ইংৰাজী: Hemchandra Barua; ১৮৯৩ – ১৯৪৫)[1] অসমৰ এজন প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আৰু সাহিত্যিক আছিল। অসমীয়া সমাজ জীৱনত তেখেতে আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল।[2]

চমু জীৱনী[সম্পাদনা কৰক]

১৮৯৩ চনৰ ২৫ এপ্ৰিলত শোণিতপুৰ জিলাৰ সদৰ তেজপুৰত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।[2] পিতৃৰ নাম পোৱাল চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম পদ্মাৱতী বৰুৱা। ১৯১৫ চনত বৰপেটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত ১৯১৯ চনত কটন মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সন্মানসহ স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২১ চনত মহাত্মা গান্ধীৰ আহ্বানত মহাবিদ্যালয় বৰ্জন কৰে। পৰৱৰ্তী কালত ১৯২৫ চনত কলিকতালৈ গৈ আইনৰ শিক্ষা সম্পূৰ্ণ কৰি বি.এল. উপাধি লাভ কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

ছাত্ৰাৱস্থাৰে পৰা বৰুৱাই সমাজৰ বিভিন্ন জনহিতকৰ কামত আত্মনিয়োগ কৰিছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ তেখেত এজন আগৰণুৱা যুঁজাৰু আছিল। ১৯১৮ চনত কটন কলেজ ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক আৰু ১৯১৯ চনত অসম ছাত্ৰ সন্থাৰ সন্মিলনৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ১৯২১ চনত ৫ মাহ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত হৈছিল। ১৯২২ চনত অসম প্ৰাদেশিক কংগ্ৰেছৰ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল। ১৯৩০ চনত আইন অমান্য আন্দোলন আৰু ১৯৪২ৰ গণ আন্দোলনৰ গুৰি ধৰিছিল। তেজপুৰত শৈক্ষিক দিশটো উন্নয়নৰ হেতু তেজপুৰ একাডেমী তেখেতৰ একান্ত প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৪৫ চনৰ ১১ আগষ্টত গুৱাহাটীত মৃত্যু হয়।[2]

সাহিত্য কৰ্ম[সম্পাদনা কৰক]

বাঁহী আলোচনীত বিভিন্ন প্ৰবন্ধ আদি লিখাৰ উপৰি ‘কংগ্ৰেছ বুৰঞ্জী’, ‘বিলাতত মহাত্মা’ আদি গ্ৰন্থ ৰচনা কৰিছিল।[2]

সন্মান[সম্পাদনা কৰক]

হেমচন্দ্ৰ বৰুৱাই অসমীয়া সমাজ জীৱনত আগবঢ়াই যোৱা সমাজ সেৱাৰ বাবে তেওঁক ত্যাগবীৰ উপাধিৰে বিভূষিত কৰা হৈছিল। তেজপুৰৰ চহৰৰ মাজমজিয়াত থকা সদৰ থানাৰ সন্মুখত তেখেতৰ নামত "হেম ভৱন" বা "হেম বৰুৱা হল" স্থাপন কৰা হৈছে। এই ভৱনৰ সন্মুখতে তেখেতৰ এটা আৱক্ষ মূৰ্ত্তিও স্থাপন কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Books India. National Book Trust.. 1972. http://books.google.com/books?id=61QrAAAAMAAJ। আহৰণ কৰা হৈছে: 27 December 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 নৱজ্যোতি দেৱ চৌধুৰী (২০০৯). ঐতিহাসিক তেজপুৰ. প্ৰবোধ কলিতা, চিটিজেন স্পৰ্টজ. পৃষ্ঠা. ৬১-৬২. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]