আবু নেচিম
অৱয়ব
| ব্যক্তিগত তথ্য | ||||
|---|---|---|---|---|
| সম্পূৰ্ণ নাম | আবু নেচিম আহমেদ | |||
| জন্ম | ৫ নৱেম্বৰ, ১৯৮৮ (৩৭ বছৰ) গুৱাহাটী, অসম, ভাৰত | |||
| বেটিং শৈলী | সোঁহতীয়া | |||
| বলিং শৈলী | সোঁহতীয়া ফাষ্ট-মেডিয়াম | |||
| ভূমিকা | ব'লাৰ | |||
| ঘৰুৱা দলৰ তথ্য | ||||
| বছৰ | দল | |||
| ২০০৫/০৬-বৰ্তমান | অসম | |||
| ২০১০-২০১৩ | মুম্বাই ইণ্ডিয়ানছ | |||
| ২০১৪-২০১৬ | ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰ | |||
| কেৰিয়াৰ পৰিসংখ্যা | ||||
| প্ৰতিযোগিতা | প্ৰথম শ্ৰেণী | লিষ্ট এ | টি২০ | |
| মুঠ খেল | 36 | 24 | 31 | |
| ৰাণ | 544 | 142 | 78 | |
| বেটিং গড় | 13.60 | 10.92 | 11.14 | |
| শতক/অৰ্ধশতক | 0/0 | 0/0 | 0/0 | |
| সৰ্বোচ্চ ৰাণ | 39 | 32 | 18* | |
| বল | 3699 | 530 | 424 | |
| উইকেট | 104 | 28 | 25 | |
| বলিং গড় | 29.68 | 32.50 | 28.36 | |
| এটা ইনিংছত ৫টা উইকেট | 6 | 1 | 0 | |
| এখন খেলত ১০টা উইকেট | 1 | 0 | 0 | |
| শ্ৰেষ্ঠ বলিং | 5/40 | 5/32 | 3/12 | |
| কেচ্চ/ষ্টাম্পিং | 11/- | 6/- | 1/- | |
| উৎস: http://www.cricinfo.com/india/content/player/228430.html Cricinfo, ১২ অক্টোবৰ ২০১১ | ||||
আবু নেচিম (ইংৰাজী: Abu Nechim) অসমৰ এজন ক্ৰিকেটাৰ। আবু অসমৰ এজন অন্যতম সফল পেচবলাৰ। তেখেতৰ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটে মধ্য প্ৰদেশৰ বিৰুদ্ধে ইন্দোৰত ২০০৫ বৰ্ষৰ ৰঞ্জি ট্ৰফিত। তেওঁ ২০১০ ৰ পৰা ২০১৩ চনলৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ মুম্বাই ইণ্ডিয়ানছ দলৰো সদস্য আছিল। ইয়াৰোপৰি আবুৱে ভাৰতীয় ১৯ বছৰ অনূৰ্ধ্ব: দলকো বহুবাৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত ১৯ বছৰ অনূৰ্ধ্ব: বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য আছিল। ২০১৪ ৰ পৰা ২০১৬ চনলৈ তেওঁ আই পি এলৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগাল'ৰৰ সৈতে চুক্তিবদ্ধ হৈছিল।