৫ নৱেম্বৰ
৫ নৱেম্বৰ (ইংৰাজী: 5 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৯ তম (অধিবৰ্ষত ৩১০ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী[সম্পাদনা কৰক]
১/ ১৫৫৬ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে পাণিপথৰ দ্বিতীয় যুদ্ধত আকবৰৰ মোগল বাহিনীৰ হাতত আফগান সেনাপতি হিমু নিহত হয়।
২/ ১৮৭৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ মৃত্যু হয়।
৩/ ১৮৯১ চনৰ আজিৰ দিনটোতে ইংৰাজ ভৌত ৰসায়নবিদ আৰু প্ৰজনন তাত্বিক জে বি এণ হলডেনৰ জন্ম হয়।
৪/ ১৯১৪ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইনে চাইপ্ৰাছ অধিকাৰ কৰে।
৫/ ১৯১৬ চনৰ আজিৰ দিনটোতে পোলেণ্ডে স্বাধীনতা লাভ কৰে।
৬/ ১৯২০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰেডক্ৰছ সন্থা গঠন কৰা হয়।
৭/ ১৯৭৭ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বৈদেশিক মন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে হিন্দী ভাষাত ভাষণ প্ৰদান কৰে।
৮/ ১৯৯০ চনৰ আজিৰ দিনটোতে জনতা দল বিভাজন হয় আৰু চন্দ্ৰশেখৰ দলত্যাগীসকলৰ নতুন নেতা নিৰ্বাচিত হয়।
৯/ ১৯৯৫ চনৰ আজিৰ দিনটোতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী ইটঝাক ৰাবিনক হত্যা কৰা হয়।
১০/ ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ মেলকম মাৰ্ছেলৰ ৪১ বছৰ বয়সত মৃত্যু হয়।
১১/ ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হয়।
১২/ ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , বিশ্ববৰণ্য শিল্পী , অসম ৰত্ন ড॰ ভূপেন হাজৰিকাৰ পৰলোক প্ৰাপ্তি হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৫ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|