১৯ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

১৯ জুলাই দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২০০ তম (অধিবৰ্ষত ২০১ তম) দিন। বছৰটো শেষ হ’বলৈ আজিৰ পৰা মুঠ ১৬৫ টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

১/ ২০০৮ চনৰ আজিৰ দিনটোতে এজন অসমীয়া শ্বহীদ, ৰাষ্ট্ৰীয় বীৰ কেপ্তেইন জিণ্টু গগৈলৈ মৰণোত্তৰ ভাৱে বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয় ।

২/ ২০১১ চনৰ আজিৰ দিনটোতে অসমৰ বিদ্যালয় সমূহত ৩০ লাখ ভুৱা ছাত্ৰ-ছাত্ৰী আছে বুলি অসম চৰকাৰৰ শিক্ষামন্ত্ৰীয়ে প্ৰকাশ কৰে ।

৩/ ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষৰ ত্ৰয়োদশ গৰাকী ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় ।

৪/ ২০১২ চনৰ আজিৰ দিনটোতে অমৰনাথলৈ যাত্ৰা কৰোঁতে মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পায় ।

৫/ ২০১১ চনৰ আজিৰ দিনটোতে গোৰ্খালেণ্ডলৈ অধিক স্বায়ত্ব শাসন প্ৰদান কৰি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰ কৰা হয় ।

৬/ ১৯৬৯ বৰ্ষৰ আজিৰ দিনটোতে ভাৰতৰ ১৪ টা প্ৰধান বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ৷


বাহ্যিক সংযোগ[সম্পাদনা কৰক]