সমললৈ যাওক

মঙ্গল পাণ্ডে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মঙ্গল পাণ্ডে

১৯৮৪ চনৰ এটা ভাৰতীয় ডাক টিকটত পাণ্ডেৰ চিত্ৰণ
জন্ম অজ্ঞাত
নাগোৱা, চিডেড এণ্ড কনকাৰ্ড প্ৰভিন্সেচ, কোম্পানী ৰাজ
মৃত্যু ০৮ এপ্ৰিল, ১৮৫৭ (৩০ বছৰ)
বেৰাকপুৰ, বেংগল প্ৰেছিডেন্সী, কোম্পানী ৰাজ
মৃত্যুৰ কাৰণ ফাঁচী দি মৃত্যুদণ্ড
জনা যায় ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ পূৰ্বৱৰ্তী ঘটনাসমূহত মুখ্য ভূমিকা পালন কৰাৰ বাবে
সামৰিক কেৰিয়াৰ
চাকৰি/শাখা বেংগল সেনা
পদমৰ্যদা চিপাহী
ইউনিট বেংগল বেংগল নেটিভ ইনফেন্ট্ৰী

মঙ্গল পাণ্ডে (মৃত্যু: ৮ এপ্ৰিল ১৮৫৭) এগৰাকী ভাৰতীয় চিপাহী আছিল, যিয়ে ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সূচনা কৰা ঘটনাসমূহত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই বিদ্ৰোহৰ পৰিণতিত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলোপ ঘটে আৰু ভাৰত চৰকাৰ আইন ১৮৫৮-ৰ জৰিয়তে ব্ৰিটিছ ৰাজত্বৰ আৰম্ভণি হয়। তেওঁ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৩৪ নম্বৰ বেংগল নেটিভ ইনফেন্ট্ৰী ৰেজিমেণ্টৰ এগৰাকী চিপাহী আছিল। ১৯৮৪ চনত ভাৰত গণৰাজ্যই তেওঁৰ স্মৃতিত এটা ডাক টিকট প্ৰকাশ কৰে। তেওঁৰ জীৱন আৰু কাৰ্যাৱলীক কেইবাখনো ভাৰতীয় চলচ্চিত্ৰতো চিত্ৰায়িত কৰা হৈছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মঙ্গল পাণ্ডেৰ জন্ম চিডেড এণ্ড কনকাৰ্ড প্ৰভিন্সেচৰ (বৰ্তমান উত্তৰ প্ৰদেশত) উজনী বালিয়া জিলাৰ নাগোৱা গাঁৱৰ এটা ব্ৰাহ্মণ পৰিয়ালত হৈছিল।[1]

পাণ্ডেই ১৮৪৯ চনত বেংগল সেনাত যোগদান কৰিছিল। ১৮৫৭ চনৰ মাৰ্চ মাহত তেওঁ ৩৪ নম্বৰ বেংগল নেটিভ ইনফেন্ট্ৰীৰ পঞ্চম কোম্পানীৰ এজন সাধাৰণ সৈনিক (চিপাহী) আছিল।[2]

বিদ্ৰোহ

[সম্পাদনা কৰক]
এনফিল্ড ৰাইফেল

১৮৫৭ চনৰ ২৯ মাৰ্চৰ আবেলি, বেৰাকপুৰত কৰ্তব্যৰত ৩৪ নম্বৰ বেংগল নেটিভ ইনফেন্ট্ৰীৰ এডজুটেণ্ট লেফটেনেণ্ট বক (Lieutenant Baugh) খবৰ দিয়া হয় যে তেওঁৰ ৰেজিমেণ্টৰ কেইবাজনো সৈনিক উত্তেজিত অৱস্থাত আছে। ইয়াৰ উপৰিও তেওঁক জনোৱা হৈছিল যে তেওঁলোকৰ ভিতৰৰে এজন, মঙ্গল পাণ্ডেই পেৰেড খেলপথাৰৰ কাষত থকা ৰেজিমেণ্টৰ গাৰ্ড ৰূমৰ সন্মুখত এটা লোড কৰা মাস্কেট লৈ ঘূৰি ফুৰিছে, সৈনিকসকলক বিদ্ৰোহ কৰিবলৈ আহ্বান জনাইছে আৰু তেওঁৰ চকুত পৰা প্ৰথমজন ইউৰোপীয়ক গুলীয়াই মৰাৰ ভাবুকি দিছে। পৰৱৰ্তী তদন্তৰ সাক্ষ্যত উল্লেখ কৰা হৈছে যে চিপাহীসকলৰ মাজত চলি থকা অশান্তিৰ বাবে পাণ্ডে বিচলিত হৈ পৰিছিল আৰু নিচাসক্ত ভাঙৰ (bhang) প্ৰভাৱত তেওঁ নিজৰ অস্ত্ৰ কাঢ়ি লৈছিল। ইয়াৰ পিছত ছাউনীৰ ওচৰৰ এখন ষ্টীমাৰৰ পৰা ব্ৰিটিছ সৈনিকৰ এটা দল নামি অহাৰ খবৰ পাই তেওঁ কোৱাৰ্টাৰ গাৰ্ড ভৱনলৈ দৌৰি গৈছিল।[3]

বকে লগে লগে নিজকে সশস্ত্ৰ কৰি ঘোঁৰাত উঠি সেই স্থানলৈ ঢাপলি মেলে। পাণ্ডেই ৩৪ নম্বৰ কোৱাৰ্টাৰ গাৰ্ডৰ সন্মুখত থকা ষ্টেচন গানৰ পিছফালে অৱস্থান লৈ বক লক্ষ্য কৰি গুলী বৰ্ষণ কৰে। তেওঁৰ গুলী বক গাত নালাগিল যদিও গুলীটো ঘোঁৰাৰ কাষত লাগি ঘোঁৰা আৰু আৰোহী দুয়োকে মাটিত বগৰাই পেলায়। বকে খৰখেদাকৈ নিজকে মুক্ত কৰি নিজৰ পিষ্টল এটা হাতত লৈ পাণ্ডেৰ দিশে আগবাঢ়ি গুলী কৰে, কিন্তু তেওঁৰ লক্ষ্যভ্ৰষ্ট হয়। বকে নিজৰ তৰোৱালখন উলিয়াব পৰাৰ আগতেই পাণ্ডেই এখন তলৱাৰ (এক গধুৰ ভাৰতীয় তৰোৱাল) লৈ তেওঁক আক্ৰমণ কৰে আৰু এডজুটেণ্টজনৰ ওচৰলৈ গৈ বক কান্ধ আৰু ডিঙিত ঘাপ মাৰি মাটিত পেলাই দিয়ে। ঠিক সেই সময়তে আন এজন চিপাহী, শ্বেখ পল্টুৱে হস্তক্ষেপ কৰে আৰু পাণ্ডেই নিজৰ বন্দুকটো পুনৰ লোড কৰিবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে।[4]

এজন ভাৰতীয় 'নায়ক' (কৰ্পোৰেল)-ৰ দ্বাৰা আমন্ত্ৰিত হৈ হিউছন নামৰ এজন ব্ৰিটিছ ছাৰ্জেণ্ট-মেজৰ বক অহাতকৈ আগতেই পেৰেড খেলপথাৰত উপস্থিত হৈছিল।[3] হিউছনে কোৱাৰ্টাৰ গাৰ্ডৰ দায়িত্বত থকা ভাৰতীয় বিষয়া জমাদ্দাৰ ঈশ্বৰী প্ৰসাদক পাণ্ডেক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উত্তৰত জমাদ্দাৰে কয় যে তেওঁৰ এনচিঅ' (NCO) সকল সহায়ৰ বাবে গৈছে আৰু তেওঁ অকলে পাণ্ডেক ধৰিব নোৱাৰে।[2] প্ৰতিক্ৰিয়াত হিউছনে ঈশ্বৰী প্ৰসাদক সশস্ত্ৰ পহৰাদাৰী দলটো সাজু কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে বকে খেলপথাৰত উপস্থিত হৈ চিঞৰি উঠিল, 'তেওঁ ক'ত? তেওঁ ক'ত?' হিউছনে ইয়াৰ উত্তৰত বক উদ্দেশ্যি চিঞৰি ক'লে, 'ছাৰ, আপোনাৰ জীৱন ৰক্ষাৰ বাবে সোঁফালে যাওক। চিপাহীজনে আপোনাক গুলীয়াই দিব!'[5] ঠিক সেই মুহূৰ্ততে পাণ্ডেই গুলীচালনা কৰে।

লেফটেনেণ্ট বক সৈতে যুঁজি থকাৰ সময়তে হিউছনে পাণ্ডেৰ দিশে খেদি গৈছিল। পাণ্ডেৰ সৈতে মুখামুখি হোৱাৰ সময়ত হিউছনক পিছফালৰ পৰা পাণ্ডেৰ বন্দুকৰ কুন্দাৰ আঘাতেৰে মাটিত বগৰাই দিয়া হয়। গুলীৰ শব্দ শুনি বেৰাকৰ পৰা আন আন চিপাহীসকল ওলাই আহিছিল যদিও তেওঁলোক নিৰৱ দৰ্শক হৈ ৰৈছিল। এই সন্ধিক্ষণত শ্বেখ পল্টুৱে ইংৰাজ বিষয়া দুজনক ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ লগতে আন চিপাহীসকলকো তেওঁক সহায় কৰিবলৈ আহ্বান জনায়। পিছফালৰ পৰা শিল আৰু জোতা দলিয়াই আক্ৰমণ কৰা চিপাহীসকলৰ দ্বাৰা বাধা প্ৰাপ্ত হৈ শ্বেখ পল্টুৱে পহৰাদাৰী দলটোক পাণ্ডেক ধৰি ৰখাত সহায় কৰিবলৈ মাতিছিল, কিন্তু তেওঁলোকে ভাবুকি দিছিল যে যদি তেওঁ বিদ্ৰোহীজনক এৰি নিদিয়ে তেন্তে তেওঁক গুলীয়াই দিয়া হ'ব।[5]

তাৰ পিছত কোৱাৰ্টাৰ গাৰ্ডৰ একাংশ চিপাহীয়ে আগবাঢ়ি আহি মাটিত পৰি থকা বিষয়া দুজনক আঘাত কৰে। তাৰ পিছত তেওঁলোকে শ্বেখ পল্টুক ভাবুকি দিয়ে আৰু পাণ্ডেক এৰি দিবলৈ নিৰ্দেশ দিয়ে, যাক তেওঁ ধৰি ৰাখিবলৈ বৃথা চেষ্টা কৰি আছিল। অৱশ্যে বক আৰু ছাৰ্জেণ্ট-মেজৰ থিয় হ'বলৈ সক্ষম নোহোৱালৈকে পল্টুৱে পাণ্ডেক ধৰি ৰাখিছিল। ইতিমধ্যে নিজে আঘাতপ্ৰাপ্ত হোৱা পল্টুৱে নিজৰ ধৰা শক্তি ঢিলা কৰিবলৈ বাধ্য হয়।[6] পহৰাদাৰীসকলৰ বন্দুকৰ কুন্দাৰ আঘাত খাই তেওঁ এটা দিশলৈ আৰু বক তথা হিউছন আন এটা দিশলৈ পিছহুহকি যায়।[5]

জেনেৰেল হাৰ্চিৰ হস্তক্ষেপ

[সম্পাদনা কৰক]

ইফালে এই ঘটনাৰ খবৰ ছাউনীৰ কমাণ্ডিং বিষয়া মেজৰ-জেনেৰেল জন বেনেট হাৰ্চি (John Bennet Hearsey) ওচৰলৈ লৈ যোৱা হয়, যিয়ে তাৰ পিছত নিজৰ দুজন বিষয়া পুত্ৰৰ সৈতে কোৱাৰ্টাৰ গাৰ্ডলৈ ঘোঁৰা দৌৰাই যায়। তেতিয়া আবেলি পলম হৈছিল আৰু বেৰাকপুৰ ব্ৰিগেডৰ অংশ আন এটা ৰেজিমেণ্ট ৪৩ নম্বৰ BNI-ৰ কৰ্তব্যৰ পৰা বিৰত থকা চিপাহীসকলে পেৰেড খেলপথাৰৰ ভিৰত যোগ দিছিল। সকলোৱে নিৰস্ত্ৰ হৈ থকাৰ সময়তে হাৰ্চিয়ে এক ব্যাপক বিদ্ৰোহৰ সম্ভাৱনা দেখা পাই ব্ৰিটিছ সৈন্যক গৱৰ্নৰ জেনেৰেলৰ আৱাসগৃহত সমবেত হ'বলৈ নিৰ্দেশ পঠিয়াইছিল।[7]

৩৪ নম্বৰ BNI-ৰ অস্ত্ৰভাণ্ডাৰৰ (arsenal) বিশৃংখল পৰিস্থিতি প্ৰত্যক্ষ কৰি হাৰ্চিয়ে পহৰাদাৰী দলটোৰ ওচৰলৈ গৈ নিজৰ পিষ্টলটো উলিয়াই মঙ্গল পাণ্ডেক কৰায়ত্ত কৰি নিজৰ কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়ে। জেনেৰেলে নিৰ্দেশ অমান্য কৰা প্ৰথমজন ব্যক্তিক গুলীয়াই মৰাৰ ভাবুকি দিয়ে। কোৱাৰ্টাৰ গাৰ্ডৰ লোকসকলে হাৰ্চিৰ পিছৰ শাৰীত থিয় হৈ পাণ্ডেৰ দিশে আগবাঢ়ি যায়। তেতিয়া পাণ্ডেই বন্দুকৰ মুখখন নিজৰ বুকুত লগাই ভৰিৰে ট্ৰিগাৰটো টিপি গুলী চলাই দিয়ে। নিজৰ ৰেজিমেণ্টৰ জেকেটত জুই লাগি তেওঁ ৰক্তাক্ত হৈ ঢলি পৰে, কিন্তু তেওঁৰ আঘাত মাৰাত্মক নাছিল।[5]

ব্ৰিটিছ আৰু ভাৰতীয় বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ পিছত "কঁপি থকা আৰু চটফটাই থকা" মঙ্গল পাণ্ডেক কটকটীয়া পহৰাৰ মাজত চিকিৎসাৰ বাবে ৰেজিমেণ্টৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।[8]

মৃত্যুদণ্ড

[সম্পাদনা কৰক]

পাণ্ডে সুস্থ হৈ উঠে আৰু এক সপ্তাহতকৈও কম সময়ৰ ভিতৰত তেওঁক আদালতলৈ অনা হয়। কোৱাৰ্টাৰ গাৰ্ডৰ তিনিজন শিখ সদস্যই সাক্ষ্য দিছিল যে জমাদ্দাৰ ঈশ্বৰী প্ৰসাদে তেওঁলোকক পাণ্ডেক গ্ৰেপ্তাৰ নকৰিবলৈ নিৰ্দেশ দিছিল, যাৰ পৰিপ্ৰেক্ষিতত ঈশ্বৰী প্ৰসাদৰ সৈতে মঙ্গল পাণ্ডেকো ফাঁচী দি মৃত্যুদণ্ডৰ ৰায় দিয়া হয়।[5]

১৮৫৭ চনৰ ৮ এপ্ৰিলত,[9] বেৰাকপুৰত কৰ্তব্যৰত সমগ্ৰ ভাৰতীয় আৰু ব্ৰিটিছ সামৰিক গোটসমূহৰ সন্মুখত মঙ্গল পাণ্ডেৰ ফাঁচী কাৰ্যকৰী কৰা হয়। ১৮ এপ্ৰিলৰ 'দিল্লী গেজেট' (Delhi Gazette)-ত ফাঁচীৰ ঘটনাটো সবিস্তাৰে বৰ্ণনা কৰি কোৱা হৈছিল যে পাণ্ডেই কোনো ধৰণৰ তথ্য প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু এই ঘটনাই "খেলপথাৰত থকা চিপাহী ৰেজিমেণ্টসমূহৰ ওপৰত এক চৰম হতাশাজনক প্ৰভাৱ পেলাইছিল"।[10]

২১ এপ্ৰিলত জমাদ্দাৰ ঈশ্বৰী প্ৰসাদক সুকীয়াকৈ ফাঁচী দিয়া হয়।[5] মৌন হৈ থকা মঙ্গল পাণ্ডেৰ বিপৰীতে, জমাদ্দাৰজনে নিজৰ কাৰ্যৰ বাবে অনুসূচনা প্ৰকাশ কৰে আৰু উপস্থিত চিপাহীসকলক ভৱিষ্যতে তেওঁলোকৰ বিষয়াসকলৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনায়।[11]

১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ এটা দৃশ্য

চৰকাৰী তদন্তৰ অন্তত এক সামূহিক শাস্তি হিচাপে ২৯ মাৰ্চত বেৰাকপুৰত নিয়োজিত ৩৪ নম্বৰ B.N.I. ৰেজিমেণ্টৰ ১০টা কোম্পানীৰ ভিতৰত ৭টা কোম্পানীক ৬ মে'ত "তিক্ততাৰে" ভংগ কৰা হয়।[12] এজন বিদ্ৰোহী সৈনিকক নিয়ন্ত্ৰণ কৰা আৰু নিজৰ বিষয়াসকলক সহায় কৰাৰ ক্ষেত্ৰত কৰ্তব্য পালন নকৰাৰ বাবে তেওঁলোকক এই শাস্তি দিয়া হৈছিল। কলিকতাত ক্ষমাৰ আবেদনসমূহ পৰীক্ষা কৰি থকা ছসপ্তাহৰ সময়ছোৱাৰ পিছত এই সিদ্ধান্ত লোৱা হয়। ২৯ মাৰ্চৰ আচৰণৰ বাবে চিপাহী শ্বেখ পল্টুক হাৱিলদাৰ (ছাৰ্জেণ্ট) পদলৈ পদোন্নতি দিয়া হয় আৰু ইণ্ডিয়ান অৰ্ডাৰ অৱ মেৰিট সন্মানেৰে বিভূষিত কৰা হয়। কিন্তু ৰেজিমেণ্টৰ সৰহসংখ্যক কৰ্মচাৰীক অব্যাহতি দিয়াৰ কিছুদিন পূৰ্বে বেৰাকপুৰ ছাউনীৰ এটা নিৰ্জন অংশত তেওঁক হত্যা কৰা হয়।[13]

ভাৰতীয় ইতিহাসবিদ সুৰেন্দ্ৰ নাথ সেনে উল্লেখ কৰিছে যে ৩৪ নম্বৰ B.N.I.-ৰ শেহতীয়া ৰেকৰ্ড ভাল আছিল আৰু কোৰ্ট অৱ এনকুৱাৰীয়ে চাৰি সপ্তাহ পূৰ্বে ১৯ নম্বৰ B.N.I.-ৰ সৈতে জড়িত বহৰমপুৰৰ অশান্তিৰ কোনো সংযোগ বিচাৰি পোৱা নাছিল (তলত চাওক)। অৱশ্যে, মঙ্গল পাণ্ডেৰ কাৰ্য আৰু কোৱাৰ্টাৰ গাৰ্ডৰ সশস্ত্ৰ তথা কৰ্তব্যৰত চিপাহীসকলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ঘটনাই ব্ৰিটিছ সামৰিক কৰ্তৃপক্ষক পতিয়ন নিয়াইছিল যে সমগ্ৰ ৰেজিমেণ্টটোৱেই অবিশ্বাস্য আছিল। এনে লাগিছিল যেন পাণ্ডেই আন চিপাহীসকলক আগতীয়াকৈ বিশ্বাসত নোলোৱাকৈয়ে কাম কৰিছিল, কিন্তু ৰেজিমেণ্টৰ ভিতৰত ব্ৰিটিছ বিষয়াসকলৰ প্ৰতি থকা বিদ্বেষৰ বাবেই উপস্থিত থকা বেছিভাগ চিপাহীয়ে নিৰ্দেশ পালন কৰাৰ পৰিৱৰ্তে কেৱল দৰ্শকৰ দৰে ভূমিকা পালন কৰিছিল।[14]

উদ্দেশ্য

[সম্পাদনা কৰক]

মঙ্গল পাণ্ডেৰ এই আচৰণৰ আঁৰৰ ব্যক্তিগত উদ্দেশ্য এতিয়াও অস্পষ্ট হৈ আছে। ঘটনাৰ সময়ত তেওঁ আন চিপাহীসকলক উদ্দেশ্যি চিঞৰিছিল: "বাহিৰলৈ ওলাই আহা – ইউৰোপীয়সকল ই ইয়াত উপস্থিত হৈছে"; "এই কাৰ্টিজবোৰ কামুৰিলে আমি ধৰ্মভ্ৰষ্ট (বিধৰ্মী) হ'ম" আৰু "তোমালোকে মোক ইয়ালৈ পঠিয়ালা, এতিয়া তোমালোকে মোক অনুসৰণ নকৰা কিয়?"। সামৰিক আদালতত তেওঁ কৈছিল যে তেওঁ ভাং আৰু কানি সেৱন কৰি আছিল আৰু ২৯ মাৰ্চৰ দিনা তেওঁ কৰা কাৰ্যৰ বিষয়ে তেওঁ সচেতন নাছিল।[15]

বেৰাকপুৰৰ ঘটনাৰ ঠিক আগমুহূৰ্তত বেংগল সেনাত আশংকা আৰু অপ্ৰত্যয়ৰ সৃষ্টি কৰা বহুতো কাৰক আছিল। পাণ্ডেই কাৰ্টিজৰ কথা উল্লেখ কৰাৰ কাৰণ আছিল মূলতঃ সেই বছৰ বেংগল সেনাত প্ৰৱৰ্তন কৰিবলগীয়া এনফিল্ড P-53 ৰাইফেলত ব্যৱহৃত এক নতুন ধৰণৰ কাৰ্টিজ। এই কাৰ্টিজবোৰত পোহনীয়া জীৱ-জন্তুৰ চৰ্বি, প্ৰধানকৈ গৰু আৰু গাহৰিৰ চৰ্বি ব্যৱহাৰ কৰা বুলি ভবা হৈছিল, যিটো ক্ৰমে হিন্দু আৰু মুছলমানসকলে গ্ৰহণ কৰিব নোৱাৰিছিল (কাৰণ গৰু হিন্দুসকলৰ বাবে পবিত্ৰ আৰু গাহৰি মুছলমানসকলৰ বাবে নিষিদ্ধ)। ব্যৱহাৰৰ পূৰ্বে কাৰ্টিজটোৰ এটা মূৰ দাঁতেৰে কামুৰি ল'ব লাগিছিল। কিছুমান ৰেজিমেণ্টৰ ভাৰতীয় সৈন্যৰ ধাৰণা হৈছিল যে এয়া ব্ৰিটিছসকলৰ এক ইচ্ছাকৃত কাৰ্য আছিল, যাৰ উদ্দেশ্য আছিল তেওঁলোকৰ ধৰ্ম নষ্ট কৰা।[16]

৩৪ নম্বৰ B.N.I.-ৰ কৰ্ণেল এছ. হুইলাৰ এজন উৎসাহী খ্ৰীষ্টান ধৰ্মপ্ৰচাৰক হিচাপে পৰিচিত আছিল। আনহাতে ৫৬ নম্বৰ B.N.I.-ৰ কেপ্টেন উইলিয়াম হেলিডেৰ পত্নীয়ে বাইবেলখন উৰ্দু আৰু হিন্দী ভাষাত মুদ্ৰণ কৰি চিপাহীসকলৰ মাজত বিতৰণ কৰিছিল। ইয়াৰ ফলত চিপাহীসকলৰ মাজত সন্দেহৰ সৃষ্টি হৈছিল যে ব্ৰিটিছসকলে তেওঁলোকক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিব বিচাৰিছে।[5]

নবাবৰ তথাকথিত কুশাসনৰ বাবে ১৮৫৬ চনত অৱধ (Oudh) দখল কৰাৰ সময়ত ১৯ আৰু ৩৪ নম্বৰ বেংগল নেটিভ ইনফেন্ট্ৰী লক্ষ্ণৌত নিয়োজিত আছিল। অৱধ দখলৰ এই ঘটনাই বেংগল সেনাৰ চিপাহীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছিল (কাৰণ তেওঁলোকৰ এক বুজন অংশ সেই দেশীয় ৰাজ্যখনৰ পৰা আহিছিল)। এই দখলৰ পূৰ্বে চিপাহীসকলৰ লক্ষ্ণৌস্থিত ব্ৰিটিছ ৰেচিডেণ্টৰ ওচৰত ন্যায় বিচাৰি আবেদন কৰাৰ অধিকাৰ আছিল – যিটো দেশীয় আদালতৰ প্ৰেক্ষাপটত এক বিশেষাধিকাৰ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই কাৰ্যৰ ফলত তেওঁলোকে সেই বিশেষ মৰ্যাদা হেৰুৱাই পেলায়, কিয়নো অৱধৰ কোনো স্বতন্ত্ৰ ৰাজনৈতিক অস্তিত্ব বাকী থকা নাছিল।[17]

১৯ নম্বৰ B.N.I. ৰেজিমেণ্টটো গুৰুত্বপূৰ্ণ কাৰণ এই ৰেজিমেণ্টটোকে ১৮৫৭ চনৰ ২৬ ফেব্ৰুৱাৰীত নতুন কাৰ্টিজসমূহ পৰীক্ষা কৰাৰ দায়িত্ব দিয়া হৈছিল। অৱশ্যে বিদ্ৰোহৰ সময়লৈকে তেওঁলোকক নতুন ৰাইফেলসমূহ যোগান ধৰা হোৱা নাছিল আৰু ৰেজিমেণ্টৰ ভাণ্ডাৰত থকা কাৰ্টিজসমূহ বিগত অৰ্ধ শতিকাৰ দৰেই সম্পূৰ্ণ চৰ্বিমুক্ত আছিল। কাৰ্টিজ মেৰিয়াবলৈ ব্যৱহাৰ কৰা কাগজখনৰ ৰং বেলেগ আছিল বাবে ই সন্দেহৰ উদ্ৰেক কৰিছিল। ২৬ ফেব্ৰুৱাৰীত ৰেজিমেণ্টৰ অ-কমিচনড্ বিষয়াসকলে কাৰ্টিজসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এই তথ্য কমাণ্ডিং বিষয়া কৰ্ণেল উইলিয়াম মিচেলক জনোৱা হয়; তেওঁ চিপাহীসকলক বুজাবলৈ চেষ্টা কৰে যে এই কাৰ্টিজবোৰ তেওঁলোকে ব্যৱহাৰ কৰি অহা কাৰ্টিজতকৈ কোনো গুণেই পৃথক নহয় আৰু তেওঁলোকে ইয়াক কামুৰিব নালাগে। তেওঁ ৰেজিমেণ্টৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ দেশীয় বিষয়াসকলক আহ্বান জনাই বক্তব্য সামৰে আৰু কাৰ্টিজ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা চিপাহীসকলক আদালতৰ সন্মুখীন কৰোৱাৰ ভাবুকি দিয়ে। অৱশ্যে পিছদিনা ৰাতিপুৱা ৰেজিমেণ্টৰ চিপাহীসকলে তেওঁলোকৰ অস্ত্ৰভাণ্ডাৰ (bell of arms) দখল কৰে। পৰৱৰ্তী সময়ত মিচেলৰ বুজাবুজিৰ আচৰণৰ ফলত চিপাহীসকলে বেৰাকলৈ ঘূৰি যাবলৈ সন্মত হয়।[18]

তদন্ত আদালত

[সম্পাদনা কৰক]

এখন তদন্ত আদালতৰ নিৰ্দেশ দিয়া হয় আৰু প্ৰায় এমাহ জোৰা তদন্তৰ অন্তত ১৯ নম্বৰ B.N.I. ভংগ কৰাৰ পৰামৰ্শ দিয়া হয়। ৩১ মাৰ্চত এই কাৰ্য সম্পাদন কৰা হয়। ১৯ নম্বৰ B.N.I.-ৰ অব্যাহতি দিয়া চিপাহীসকলক তেওঁলোকৰ পোছাকৰ অংশ ৰাখিবলৈ অনুমতি দিয়া হয় আৰু চৰকাৰে তেওঁলোকক ঘৰলৈ ঘূৰি যাবলৈ ভাট্টা প্ৰদান কৰে। ১৯ নম্বৰ B.N.I.-ৰ কৰ্ণেল মিচেল আৰু (২৯ মাৰ্চৰ ঘটনাৰ পিছত) পাণ্ডেৰ ৩৪ নম্বৰ B.N.I.-ৰ কৰ্ণেল হুইলাৰ দুয়োকে ভংগ হোৱা গোটসমূহৰ স্থানত গঠন কৰা কোনো নতুন ৰেজিমেণ্টৰ দায়িত্ব ল'বলৈ অনুপযুক্ত বুলি ঘোষণা কৰা হয়।[12]

পাণ্ডেৰ দ্বাৰা হোৱা আক্ৰমণ আৰু তেওঁক দিয়া শাস্তিক ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহ হিচাপে পৰিচিত হোৱা আন্দোলনটোৰ প্ৰথম দৃশ্য বা আৰম্ভণি বুলি গণ্য কৰা হয়। তেওঁৰ কাৰ্যৰ বিষয়ে সহকৰ্মী চিপাহীসকলৰ মাজত ব্যাপক চৰ্চা হৈছিল আৰু ধাৰণা কৰা হয় যে ইয়াৰ পিছৰ মাহবোৰত সংঘটিত হোৱা ব্যাপক চিপাহী বিদ্ৰোহৰ শৃংখলাৰ ই অন্যতম কাৰক আছিল। মঙ্গল পাণ্ডে পৰৱৰ্তী সময়ৰ ভাৰতীয় জাতীয়তাবাদী আন্দোলনৰ নেতা যেনে ভি. ডি. চাভাৰকাৰ আদিৰ বাবে প্ৰভাৱশালী বুলি প্ৰমাণিত হৈছিল, যিয়ে পাণ্ডেৰ উদ্দেশ্যক ভাৰতীয় জাতীয়তাবাদৰ আটাইতকৈ প্ৰাৰম্ভিক প্ৰকাশসমূহৰ এটা হিচাপে প্ৰত্যক্ষ কৰিছিল। আধুনিক ভাৰতীয় জাতীয়তাবাদীসকলে পাণ্ডেক ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ এক ষড়যন্ত্ৰৰ মূল পৰিকল্পনাকাৰী হিচাপে চিত্ৰায়িত কৰে, যদিও বিদ্ৰোহৰ ঠিক আগৰ ঘটনাৱলীৰ শেহতীয়াকৈ প্ৰকাশিত এক বিশ্লেষণে সামৰণি মাৰিছে যে "এই সংশোধনবাদী বা নতুন বাখ্যাসমূহক সমৰ্থন কৰিবলৈ ঐতিহাসিক প্ৰমাণ বৰ কম পোৱা যায়।"[19]

ইয়াৰ পিছত হোৱা বিদ্ৰোহৰ সময়ছোৱাত ব্ৰিটিছ সৈনিক আৰু সাধাৰণ নাগৰিকসকলে যিকোনো বিদ্ৰোহী চিপাহীক বুজাবলৈ "পাণ্ডী" (Pandee বা Pandey) শব্দটো এক অপমানসূচক শব্দ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল। এই শব্দটো পোনে পোনে মঙ্গল পাণ্ডেৰ নামৰ পৰা লোৱা হৈছিল।[20]

স্বীকৃতি

[সম্পাদনা কৰক]
পশ্চিমবংগৰ বেৰাকপুৰ ছাউনীত সুৰেন্দ্ৰনাথ বেনাৰ্জী পথত অৱস্থিত মঙ্গল পাণ্ডেৰ স্মৃতিস্তম্ভ (cenotaph)।

ভাৰত চৰকাৰে ১৯৮৪ চনৰ ৫ অক্টোবৰত মঙ্গল পাণ্ডেৰ প্ৰতিচ্ছবি সম্বলিত এটা ডাক টিকট প্ৰকাশ কৰি তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখে। এই ডাক টিকট আৰু ইয়াৰ সৈতে থকা প্ৰথম দিনাৰ আৱৰণ (first-day cover) দিল্লীৰ শিল্পী চি. আৰ. পাকৰাশীয়ে ডিজাইন কৰিছিল।[21]

পাণ্ডেই ব্ৰিটিছ বিষয়াসকলক আক্ৰমণ কৰা আৰু পৰৱৰ্তী সময়ত তেওঁক ফাঁচী দিয়া স্থানটুকুৰা স্মৰণীয় কৰি ৰাখিবলৈ বেৰাকপুৰত শহীদ মঙ্গল পাণ্ডে মহা উদ্যান নামৰ এখন উদ্যান স্থাপন কৰা হৈছে।[22]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

বিদ্ৰোহৰ সূচনা কৰা ঘটনাৱলীৰ ওপৰত আধাৰিত কৰি নিৰ্মিত আৰু কেত্ন মেহতাৰ দ্বাৰা পৰিচালিত মঙ্গল পাণ্ডে: দ্য ৰাইজিং নামৰ চলচ্চিত্ৰখন ২০০৫ চনৰ ১২ আগষ্টত মুক্তি লাভ কৰিছিল। ইয়াত মুখ্য চৰিত্ৰত ভাৰতীয় অভিনেতা আমিৰ খানৰ লগতে ৰাণী মুখাৰ্জী, অমীষা পেটেল আৰু টবি ষ্টিফেনছে অভিনয় কৰিছিল।

পাণ্ডেৰ জীৱনক কেন্দ্ৰ কৰি সুপ্ৰিয়া কৰুণাকৰণৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'দ্য ৰুটী ৰে বেলিয়ন' নামৰ এখন মঞ্চ নাটক প্ৰদৰ্শিত হৈছিল। স্পৰ্শ নামৰ এটা নাট্যগোষ্ঠীয়ে এই নাটকখনৰ আয়োজন কৰিছিল আৰু ২০০৫ চনৰ জুন মাহত হায়দৰাবাদৰ অন্ধ্ৰ সাৰস্বত পৰিষদৰ 'দ্য মুভিং থিয়েটাৰ'ত ইয়াৰ মঞ্চস্থ কৰা হৈছিল।[23]

জেডি স্মিথৰ প্ৰথম উপন্যাস হোৱাইট টিথৰ এটা কেন্দ্ৰীয় চৰিত্ৰ সমাদ ইকবাল হ'ল মঙ্গল পাণ্ডেৰ এজন কাল্পনিক বংশধৰ। পাণ্ডেৰ জীৱনে সমাদৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল আৰু উপন্যাসখনৰ চৰিত্ৰসমূহৰ দ্বাৰা বাৰে বাৰে তেওঁৰ প্ৰসংগ উত্থাপন আৰু অনুসন্ধান কৰা হৈছে।[24]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Badri Narayan Tiwari. “Reactivating the Past: Dalits and Memories of 1857.” Economic and Political Weekly, vol. 42, no. 19, 2007, pp. 1734–38. JSTOR, http://www.jstor.org/stable/4419578. Accessed 2 Apr. 2025.
  2. 1 2 David 2002, পৃষ্ঠা. 69.
  3. 1 2 Wagner 2014, পৃষ্ঠা. 82.
  4. ↑ David 2002, পৃষ্ঠা. 70.
  5. 1 2 3 4 5 6 7 Christopher Hibbert (1980). The Great Mutiny: India, 1857. Penguin Books. পৃষ্ঠা. 68–70. ISBN 9780140047523. https://google.com। আহৰণ কৰা হৈছে: 11 December 2018.
  6. ↑ Wagner 2014, পৃষ্ঠা. 84.
  7. ↑ Wagner 2014, পৃষ্ঠা. 86.
  8. ↑ Wagner 2014, পৃষ্ঠা. 86–87.
  9. ↑ Forrest 1893.
  10. ↑ Wagner 2014, পৃষ্ঠা. 87.
  11. ↑ Wagner 2014, পৃষ্ঠা. 88.
  12. 1 2 Wagner 2014, পৃষ্ঠা. 96.
  13. ↑ Wagner 2014, পৃষ্ঠা. 97.
  14. ↑ Sen 1957, পৃষ্ঠা. 50.
  15. ↑ David, p. 72
  16. ↑ Philip Mason (1974). A Matter of Honour. Macmillan. পৃষ্ঠা. 267. ISBN 0-333-41837-9. https://archive.org/details/matterofhonourac0000maso.
  17. ↑ Philip Mason (1974). A Matter of Honour. Macmillan. পৃষ্ঠা. 295. ISBN 0-333-41837-9. https://archive.org/details/matterofhonourac0000maso.
  18. ↑ Sen 1957, পৃষ্ঠা. 48.
  19. ↑ Wagner 2014, পৃষ্ঠা. 245.
  20. ↑ Dalrymple, William (2007). The Last Mughal. Bloomsbury. পৃষ্ঠা. 148. ISBN 978-0-7475-8726-2. https://archive.org/details/lastmughalfallof0000dalr/page/148.
  21. ↑ "Mangal Pandey". India Post. http://www.indianpost.com/viewstamp.php/Alpha/M/MANGAL%20PANDEY। আহৰণ কৰা হৈছে: 10 April 2017.
  22. ↑ Mangal Pandey Park, Amusement Parks / Auditoriums / Clubs Archived 4 March 2016 at the Wayback Machine, kmcgov.in
  23. ↑ "Review of The Roti Rebellion". The Hindu. 8 June 2005. http://www.hindu.com/mp/2005/06/08/stories/2005060800760400.htm.
  24. ↑ Zadie Smith, White Teeth, pp. 210-217

উদ্ধৃত উৎস

[সম্পাদনা কৰক]

অধিক পঢ়ক

[সম্পাদনা কৰক]
  • Amin, Agha H., The Sepoy Rebellion of 1857–59: Reinterpreted, 1998, Strategicus and Tacticus [ISBN missing]
  • Mukherjee, Rudrangshu, Mangal Pandey: Brave Martyr or Accidental Hero?, 2005, Penguin Books (India), আই.এচ.বি.এন. 0-14-303256-9

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]