জিণ্টু গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিণ্টু গগৈ
জন্ম ২১ নৱেম্বৰ,১৯৭০ চন
অসম
মৃত্যু ৩০ জুন,১৯৯৯ চন
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সৈনিক
বঁটা, সন্মান, পুৰস্কাৰ আদি বীৰ চক্ৰ


জিণ্টু গগৈ (ইংৰাজী: Jintu Gogoi) এজন অসম সন্তান আৰু কাৰ্গিল যুদ্ধৰ এজন শ্বহীদ।[1]

জন্ম আৰু পৰিয়াল[সম্পাদনা কৰক]

১৯৭০ চনৰ ২১ নৱেম্বৰত জিণ্টু গগৈৰ জন্ম হৈছিল।[1]অসমৰ গোলাঘাট জিলাৰ এখন সৰু নগৰ খুমটাইত জিণ্টুৰ জন্ম হৈছিল। [2]তেখেতৰ পিতৃৰ নাম ঠগিৰাম আৰু মাতৃৰ নাম দুলুপ্ৰভা। পিতৃ ঠগিৰাম ভাৰতীয় বায়ুসেনা বিভাগৰ এজন দক্ষ আৰু অভিজ্ঞ বিষয়া আছিল। [2] জিণ্টু গগৈৰ লুনা নামৰ এজনী ভনীয়েক আছিল।

সৈনিকজীৱন[সম্পাদনা কৰক]

জিণ্টু গগৈ ১৭ নং গাড়ৱাল ৰাইফলছৰ কেপ্টেইন আছিল। শি সময়ত বাটালিক ছেক্টৰৰ জুবাৰ কমপ্লেক্সৰ কালাপাথৰ ৰিঝ লাইন শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিবলৈ দায়িত্ব পাইছিল। ১৯৯৯ চনৰ ২৯ আৰু ৩০ জুনত সেই দায়িত্ব পালন কৰোঁ‌তে তেওঁ শ্বহীদ হয়।[1]

স্বীকৃতি[সম্পাদনা কৰক]

মৰণোত্তৰভাৱে কেপ্টেইন জিণ্টু গগৈক ১৯৯৯ চনৰ স্বাধীনতা দিৱসত[3]বীৰ চক্ৰ[1] আৰু ২০০৮ চনৰ ১৯ জুলাইত[4] বীৰ চিলাৰায় বঁটাৰে সন্মানিত কৰা হয়।

মৃত্যু[সম্পাদনা কৰক]

১৯৯৯ চনৰ ৩০ জুনত জিণ্টু গগৈৰ ২৯ বছৰ পূৰনহওঁতেই মৃত্যু হয়।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 অভিজিত কলিতা (২০১৯). এখন আকাশ দুখন পৃথিৱী. সঞ্জীৱন প্ৰকাশন,প্ৰীতিমা কৌশিক বৰুৱা. পৃষ্ঠা. ৪৬,৪৭,৪৮,৪৯. 
  2. 2.0 2.1 "https://www.honourpoint.in/profile/captain-jintu-gogoi-vrc-3/". 
  3. "https://gallantryawards.gov.in/Awardee/jintu-gogoi". 
  4. শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫০০. ISBN 81-86827-11-0.