২৫ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

২৫ জুলাই (ইংৰাজী: 25 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২০৬তম (অধিবৰ্ষত ২০৭তম) দিন। বছৰ শেষ হ'বলৈ ১৫৯ দিন বাকী থাকে।

জন্ম[সম্পাদনা কৰক]

১৯৮৭ বৰ্ষৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম টে'ষ্ট টিউব শিশু "লুইজ জয় ব্ৰাউন"ৰ জন্ম হৈছিল।

মৃত্যু[সম্পাদনা কৰক]

  1. ১৯৯১ চনৰ আজিৰ দিনটোতে বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক নিপ বৰুৱাই ইহসংসাৰ ত্যাগ কৰে। স্মৃতিৰ পৰশৰ যোগেদি অসমীয়া বোলছবি জগতত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা বৰুৱাৰ উল্লেখযোগ্য আন কেইখনমান চলচ্চিত্ৰ হ’ল আজলী নবৌ, ককাদেউতা নাতি আৰু হাতী, এণ্টনি মোৰ নাম, বৰুৱাৰ সংসাৰ আদি।
  2. ২০০১ বৰ্ষৰ আজিৰ দিনটোতে প্ৰথমে ডকাইত আৰু পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ, দস্যু ৰাণী ফুলন দেৱীক হত্যা কৰা হৈছিল।
  3. ২০০৬ চনৰ আজিৰ দিনটোতেই অসমৰ এজন প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক আৰু সংগীত পৰিচালক পদুম বৰুৱাৰ মৃত্যু হয়। তেখেতে পৰিচালনা কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখন হৈছে গঙা চিলনীৰ পাখি। ১৯৭৬ চনত এই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল।


অনান্য[সম্পাদনা কৰক]

  1. ১৯৭৭ বৰ্ষৰ আজিৰ দিনটোতে ভাৰতৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ‘‘বাছাপ্পা দানাপ্পা জাত্তি’’ৰ কাৰ্যকাল অন্ত পৰিছিল। আজি ভাৰতবৰ্ষৰ আন কেইজনমান ৰাষ্ট্ৰপতিৰো কাৰ্যকালৰ উল্লেখযোগ্য দিন। তেখেতলোকৰ কাৰ্যকাল আৰম্ভ আৰু সামৰণি আজিৰ তাৰিখতে হৈছিল। তেখেতলোক হ’ল — নীলম সঞ্জীৱ ৰেড্ডি, জাইল সিং, ৰামাস্বামী ভেঙ্কটৰমন, শঙ্কৰ দয়াল শৰ্মা, কে আৰ নাৰায়ণন, এ. পি. জে. আব্দুল কালাম, প্ৰতিভা দেৱী সিং পাটিল আৰু প্ৰণৱ মুখাৰ্জী ৰাজীৱ গান্ধীৰো আজি কাৰ্যকাল আৰম্ভণিৰ দিন।
  2. ২০০৯ চনৰ আজিৰ দিনটোতে মাইক্ৰ'ছ'ফটৰ অধ্যক্ষ বিল গেট্‌ছলৈ ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ আগবঢ়োৱা হয়।
  3. ২০১২ চনৰ আজিৰ দিনটোতে হেছাম কান্দিল ইজিপ্তৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হয়।

দিৱস[সম্পাদনা কৰক]

  1. আজি কাৰগিল বিজয় দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]