১৭ নৱেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
১৭ নৱেম্বৰ (ইংৰাজী: 17 November) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২১ তম (অধিবৰ্ষত ৩২২ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৪৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজি[সম্পাদনা কৰক]
- ২০০০ বৰ্ষৰ আজিৰ দিনটোতে শিৱসাগৰৰ বিহুবৰত সন্দেহযুক্ত আলফাৰ দ্বাৰা ৭জন লোকক গুলিয়াই হত্যা কৰা হৈছিল।
- ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হয় ১৯৩৯ চনৰ আজিৰ দিনটোতে। তেওঁ ১৯৪১ চনৰ ২৪ ডিচেম্বৰলৈ কাৰ্যনিৰ্বাহ কৰে।
- ১৫২৫ খ্ৰীষ্টৰ আজিৰ দিনটোতে বাবৰে ভাৰত আক্ৰমণ অভিযান আৰম্ভ কৰিছিল। সিন্ধু প্ৰদেশেদি এই অভিযান চলাইছিল আৰু এয়া বাবৰৰ ভাৰত আক্ৰমণৰ পঞ্চম আভিযান আছিল।
- আজিৰ দিনটোতে ১৮৫৭ চনত চিপাহী বিদ্ৰোহীসকলৰ হাতৰপৰা ইংৰাজসকলে লক্ষ্ণৌ দখল কৰে।
- স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ মৃত্যু হয় ১৯২৮ চনৰ আজিৰ দিনটোতে।
- তৃতীয় আৰু অন্তিমখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় ১৯৩২ চনৰ আজিৰ দিনটোতে। উল্লেখ্য যে এই মেজমেলখন অনুষ্ঠিত হয় ১৪ ডিচেম্বৰলৈ।
- আজিৰ দিনটোতে ১৯১৯ চনত দক্ষিণ আফ্ৰিকাত বহুদলীয় গণতন্ত্ৰ প্ৰতিষ্ঠিত হয়।
- কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী হয় ১৫৫৮ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে।
- আজি আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী দিৱস।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৭ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|