১৮ জুন
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
১৮ জুন (ইংৰাজী: 18 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৯তম (অধিবৰ্ষত ১৭০তম) দিন। বছৰ শেষ হ'বলৈ ১৯৬ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল:
- ভাৰতীয় জীৱন বীমা নিগমক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ১৯৫৬ চনৰ ১৮ জুনত স্বীকৃতি প্ৰদান কৰে। ই ভাৰত চৰকাৰৰ অধীনস্থ আৰু ভাৰতীয় জীৱন বীমা নিগমে চৰকাৰৰ খৰচৰ প্ৰায় ২৪.৬% পুঁজিৰ যোগান ধৰে।
- ১৫৭৬ চনৰ আজিৰ দিনটোত হলিঘাটতত মোগলৰ বিৰুদ্ধে ৰাজপুতৰ যুদ্ধ হয়। এই যুদ্ধত ৰাজপুত ৰজা ৰাণাপ্ৰতাপ সিংহ পৰাজিত হয়।
- বিখ্যাত ‘ৱাটাৰ্লু যুদ্ধ’ত ইংৰাজৰ হাতত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈ বন্দী হয় ১৮৫৭ চনৰ আজিৰ দিনটোত।
- ১৮৫৮ চনত চিপাহী বিদ্ৰোহ তথা ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধত ঝান্সীৰ ৰাণী লক্ষ্মীবাই শ্বহীদ হয়।
- ১৯৮৬ চনত আজিৰ দিনটোত গোৱাত পৰ্তুগীজ চৰকাৰৰ বিৰুদ্ধে প্ৰথম সত্যাগ্ৰহ আৰম্ভ হয়।
- হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হয় ১৯৫৬ চনৰ আজিৰ দিনটোত।
- অভিনেত্ৰী নাছিম বানুৰ ৮১ বছৰ বয়সত মৃত্যু বৰণ কৰে ২০০২ চনৰ আজিৰ দিনটোত। তেওঁক হিন্দী চলচ্চিত্ৰ জগতত চায়েৰা বানু নামেৰে জনাজাত।
- ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ মৃত্যু হয় ১৯৩৬ চনৰ আজিৰ দিনটোত। তেওঁক এলেক্সি মেক্সিমভিচ পেছকভ নামেৰেও জনা যায়।
- আজিৰ দিনটোত ১০৩৭ চনত পাৰস্য চিকিৎসক ইবন ছিনাৰ মৃত্যু হয়। ‘কেনন অব মেডিচিন’ হৈছে তেওঁৰ প্ৰসিদ্ধ সৃষ্টি।
- ১৮ জুন বিশ্ব বনভোজ দিৱস।
- আজি বিশিষ্ট অসমীয়া নাট্যকাৰ অভিনেতা লক্ষ্মী বৰঠাকুৰৰ মৃত্যু দিন। তেখেতৰ মৃত্যু হৈছিল ২০১৫ চনত।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৮ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|