১৯ আগষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১৯ আগষ্ট (ইংৰাজী: 19 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩১তম (অধিবৰ্ষত ২৩২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৫৭ - কলকাতা বা কলিকতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম টকাৰ (ৰুপীয়া) মুদ্ৰা খনন (minted) কৰে।
  • ১৯০০ - অলিম্পিকৰ একমাত্ৰ ক্ৰিকেট খেলখন আৰম্ভ হৈছিল, দুদিনীয়া খেলখন গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সৰ মাজত ১৯ আগষ্টৰ পৰা ২০ আগষ্টলৈ হৈছিল। ১৫৮ ৰানত বিজয়ী হৈ গ্ৰেট ব্ৰিটেইনে সোণৰ পদক পাইছিল।
  • ১৯৩০ - চনৰ এই তাৰিখে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই সময়ত এই মহাবিদ্যালয়খনৰ নাম আছিল উজনি অসম মহাবিদ্যালয় (Upper Assam College)। এইখনেই উজনি অসমৰ প্ৰথমখন মহাবিদ্যালয়।
  • ১৯৪৯ - ভুৱনেশ্বৰ চহৰক উৰিষ্য়াৰ (ওড়িশা) ৰাজধানী বনোৱা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৬৪৬ - জন ফ্লেমষ্টিড, ইংৰাজ আৰু ইংলেণ্ডৰ প্ৰথম ৰয়েল জ্য়োতিৰ্বিজ্ঞানী।
  • ১৮৭১ - অৰভিল ৰাইট, মাৰ্কিন উৰাজাহাজৰ আৱিষ্কাৰক, ৰাইট ভাতৃদ্বয়ৰ এজন।
  • ১৮৮০ - জ্ঞানদাভিৰাম বৰুৱা, অসমৰ এজন প্ৰসিদ্ধ লেখক, শিক্ষাবিদ আৰু অভিনেতা, নগাঁৱৰ ফৌজদাৰীপট্টীত জন্ম হৈছিল।
  • ১৯০৪ - পাৰ্বতী প্ৰসাদ বৰুৱা, অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক, কবি, গীতিকাৰ তথা নাট্যকাৰ, শিৱসাগৰ জিলাত জন্ম হৈছিল।
  • ১৯১৮ - শংকৰ দয়াল শৰ্মা, ভাৰতৰ নৱম ৰাষ্ট্ৰপতি (১৯৯২ পৰা ১৯৯৭ লৈ)।
  • ১৯১৯ - মেলকম ফৰ্বছ, আমেৰিকাৰ বিখ্য়াত ফৰ্বছ আলোচনীৰ প্ৰকাশক।
  • ১৯২৬ - অজিৎ বৰুৱা, অসমৰ এগৰাকী কবি-সাহিত্যিক আৰু অনুবাদক, "ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য" কবিতা পুথিৰ বাবে তেখেতক "১৯৮৯" চনত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
  • ১৯২৮ - অনুপমা ভট্টাচাৰ্য, অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰিধৰোঁতা অভিনেত্ৰী, শিৱসাগৰৰ আমোলাপট্টিত জন্ম হৈছিল। তেখেত অসমৰ “মীনা কুমাৰী” হিচাপে খ্যাত।
  • ১৯৪৬ - বিল ক্লিণ্টন, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।
  • ১৯৬৭ - সত্য নাডেলা বা নাডেলা সত্য নাৰায়ণ, মাইক্ৰ'ছফ্টৰ চি ই অ'(CEO), হায়দৰাবাদত জন্ম হৈছিল।
  • ১৯৮৫ - বিজয় কুমাৰ, ভাৰতৰ এজন প্ৰসিদ্ধ শ্বুটাৰ, ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক জয় কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

  • ০০১৪ - আগষ্টাছ চিজাৰ, প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ প্ৰথম ৰোমান সম্ৰাট (২৭ খ্ৰীষ্টপূৰ্বৰ পৰা ১৪ খ্ৰীষ্টাব্দ), ৭৫ বছৰ বয়সত মৃত্য়ু হয়।
  • ১৬৬২ - ব্লেইজ পাস্কেল, মহান গণিতজ্ঞ আৰু বিজ্ঞানী, পাস্কেলৰ কেল্কুলেটৰৰ আৱিষ্কাৰক, পেৰিচত জন্ম হৈছিল।
  • ১৮২২ - জ্য়াঁ বেপষ্টিটে জোছেফ ডেলামব্ৰে, ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ।
  • ১৯৯৩ - উৎপল দত্ত - প্ৰথম, হিন্দী আৰু বাংলা কথাছবিৰ অভিনেতা আৰু পৰিচালক।

দিৱস[সম্পাদনা কৰক]

  • বিশ্ব মানৱতা বা মানৱ হিতৈষী দিৱস।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


তথ্যসূত্ৰ[সম্পাদনা কৰক]