১০ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১০ জুলাই (ইংৰাজী: 10 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯১তম (অধিবৰ্ষত ১৯২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৪টা দিন বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৬০ - ভাৰত-কানাডাৰ যৌথ নিউক্লিয় ৰিয়েক্টৰ ‘ছাইৰাছ’ কাৰ্যক্ষম কৰা হয়।
  • ১৯৬২ - আমেৰিকাৰ দ্বাৰা মহাকাশলৈ পৃথিৱীৰ প্ৰথম দূৰসংযোগী বাণিজ্যিক কৃত্ৰিম উপগ্ৰহ ‘টেলিষ্টাৰ—১’ উৎক্ষেপণ কৰা হয়।
  • ১৯৬৫ - গোৱালিয়ৰত ভাৰতৰ প্ৰথমখন মহিলা এন চি চি কলেজ মুকলি কৰা হয়।
  • ১৯৭৩ - কেৰিবিয়ান সাগৰৰ দ্বীপৰাষ্ট্ৰ বাহামে স্বাধীনতা লাভ কৰে॥
  • ১৯৯২ - প্ৰথম ভাৰতত নিৰ্মিত (প্ৰথম) দ্বিতীয় প্ৰজন্মৰ উপগ্ৰহ INSAT-2A আমেৰিকাৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০০৭ - গুৱাহাটী উচ্চ ন্যায়ালয়ত ‘ই-কোৰ্ট’ আচনি প্ৰৱৰ্তন কৰা হয়। সম্প্ৰতি ই-কোৰ্ট আচনিখন ৰাষ্ট্ৰীয় ই-গৰ্ভনেন্স আচনিৰ অধীনত সামৰি লোৱা হৈছে।
  • ২০০৮ - ভাৰতীয় বংশোদ্ভৱ ব্ৰিটিছ সাহিত্যিক ছলমান ৰুশ্বদিয়ে বিশ্বৰ সন্মানীয় ‘বেষ্ট অব বুকাৰ এৱাৰ্ড’ লাভ কৰে।
  • ২০১১ - ৰঙিয়াত পুৰী এক্সপ্ৰেছত ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত হয়।
  • ২০১২ - উত্তৰ-পূবৰ বিকাশৰ বাবে এছিয়ান ডেভলেপমেণ্ট বেংকে ২০০ নিযুত ডলাৰ ঋণ প্ৰদান কৰে।

জন্ম[সম্পাদনা কৰক]

  • ১৮৫৬ - নিক'লা টেছলা, আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা।
  • ১৮৭১ - মাৰ্চেল প্ৰুষ্ট (সম্পূৰ্ণ নাম ভেলেণ্টিন লুইছ হৰ্হেছ ইউজিন মাৰ্চেল প্ৰুষ্ট), ফৰাছী ঔপন্যাসিক, সমালোচক আৰু ৰচনাবিদ।
  • ১৯৩৮ - জয়ন্ত বিষ্ণু নাৰ্লিকাৰ, পদাৰ্থ বিজ্ঞানী।
  • ১৯৪০ - মেঘনাদ দেশাই, ভাৰতীয় অৰ্থনীতিবিদ আৰু ৰাজনীতিবিদ।
  • ১৯৪৯ - সুনীল গাভাস্কাৰ (সুনীল মনোহৰ গাভাস্কাৰ), ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ।
  • ১৯৫০ - পাৰবীন চুলতানা, ভাৰতবৰ্ষৰ এগৰাকী ভাৰতীয় শাস্ত্ৰীয় সংগীতশিল্পী, ‘সংগীত সম্ৰাজ্ঞী’।
  • ১৯৫১ - ৰাজনাথ সিং, নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, ৰাজনেতা, ভাৰতীয় জনতা পাৰ্টি।
  • ১৯৫৬ - আলোকনাথ, বলিউডৰ অভিনেতা।

মৃত্যু[সম্পাদনা কৰক]

  • ১৩৮ - হেইড্ৰিয়ান, ৰোমান সাম্ৰাট।
  • ১০৯৯ - ইল চিড, স্পেইনৰ ৰাষ্ট্ৰীয় বীৰ।
  • ১৫৫৯ - হেনৰী দ্বিতীয়, ফ্ৰান্সৰ ৰজা।
  • ১৮৫১ - লুই জেকচ্ মণ্ডে ডেগুয়াৰ, ফ্ৰান্সৰ উদ্ভাৱক আৰু আলোকচিত্ৰ শিল্পী।
  • ১৯৮৪ - প'ল মৰ্ফি, আমেৰিকাৰ দবা খেলুৱৈ।

দিৱস[সম্পাদনা কৰক]

  • ৰাষ্ট্ৰীয় মৎস্য কৃষক দিৱস (ভাৰত)।
  • স্বাধীনতা দিৱস (বাহামা)।
  • নিক'লা টেছলা দিৱস।