৮ ছেপ্টেম্বৰ
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২২ |
৮ ছেপ্টেম্বৰ (ইংৰাজী: 8 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫১তম (অধিবৰ্ষত ২৫২তম) দিন। বছৰ শেষ হ'বলৈ ১১৪ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী[সম্পাদনা কৰক]
- ১৩২০ - গিয়াথ আল-দীন টোঘলক (Ghiyath al-Din Tughluq), দিল্লীৰ চুলতান হয়।
- ১৯৪৩ - ইটালীয়ে নিচৰ্তভাৱে মিত্ৰশক্তিৰ ওচৰত আ্ত্মসমৰ্পণ কৰিছিল।
- ১৯৬২ - ভাৰতৰ পূব আৰু উত্তৰ সীমান্তত চীনে আক্ৰমণ চলায়।
- ১৯৬৫ - ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থাই (ইউনেস্কো) ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে।
- ১৯৯১ - উত্তৰ মেছিদনিয়াই য়ুগোশ্লাভিয়াৰ পৰা স্বাধীনতা লাভ কৰিছিল।
- ২০১৭ - অসমৰ আটাইতকৈ ব্যয়বহুল আৰু বাণিজ্যিক ভাবে সফল ছবি মিছন চাইনা (চলচ্চিত্ৰ) খনে শুভমুক্তি লাভ কৰিছিল।
জন্ম[সম্পাদনা কৰক]
- ১১৫৭ - ৰিছাৰ্ড প্ৰথম, ইংলেণ্ডৰ ৰজা। (মৃঃ ৬ এপ্ৰিল, ১১৯৯)
- ১৮৩০ - ফ্ৰেডেৰিক মিস্ত্ৰাল প্ৰসিদ্ধ ফৰাচী কবি। ১৯০৪ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।
- ১৯২৬ - ড॰ ভূপেন হাজৰিকা, অসম তথা ভাৰতৰ এগৰাকী বিশ্ববিশ্ৰুত শিল্পী, গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। (মৃত্যুঃ ৫ নৱেম্বৰ, ২০১১)
- ১৯৩৩ - আশা ভোছলে, প্ৰসিদ্ধ কণ্ঠশিল্পী।
- ১৯৫০ - যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল।
- ১৯৫৪ - ৰুবী ব্ৰিজেছ (Ruby Bridges), আমেৰিকাৰ মানৱতাবাদী সমাজকৰ্মী।
- ১৯৭৯ - পিংক বা এলিচিয়া বেথ ম'ৰ (Alecia Beth Moore বা Pink), আমেৰিকাৰ গায়িকা।
- ১৯৮৭ - ৱিজ খালিফা (Wiz Khalifa), আমেৰিকাৰ ৰেপ্ গায়ক।
- ১৯৯০ - জ'ছ বাটলাৰ, ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৯৪ - হাৰমেন ভন হেল্মহটল্টজ, জাৰ্মান পদাৰ্থ বিজ্ঞানী।
- ১৯৬০ - ফিৰোজ গান্ধী সাংসদ তথা বিশষ্ট অৰ্থনীতিবিদ। তেওঁ ইন্দিৰা গান্ধীৰ স্বামী আৰু ৰাজীৱ গান্ধীৰ পিতৃ আছিল।
- ১৯৬৫ - হাৰমান ষ্ট'ডিংগাৰ (Hermann Staudinger), ন'বেল বঁটা বিজয়ী জাৰ্মান ৰসায়ন বিজ্ঞানী।
- ১৯৮০ - ৱিলাৰ্ড ফ্ৰেংক লিবি, আমেৰিকন ৰসায়ন বিজ্ঞানী, কাৰ্বন ডেটিংৰ প্ৰধান বিকাশ সাধক বিজ্ঞানী। (জঃ ১৭ ডিচেম্বৰ, ১৯০৮)
- ১৯৮২ - শেখ আব্দুল্লাহ, কাশ্মীৰৰ প্ৰথম মুখ্য়মন্ত্ৰী।
- ১৯৮৫ - জন ফ্ৰেংকলিন ইণ্ডাৰ্ছ (John Franklin Enders), বিজ্ঞানী, আধুনিক প্ৰতিষেধকৰ পিতৃপুৰুষ।
- ২০১৯ - ৰাম জেঠমালিনী, ৰাজনেতা, ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী।
দিৱস[সম্পাদনা কৰক]
- আন্তৰ্জাতিক সাক্ষৰতা দিৱস।
- উত্তৰ মেছিদনিয়াৰ স্বাধীনতা দিৱস।
- বিশ্ব শাৰীৰিক চিকিৎসা দিৱস। (World Physical Therapy Day)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৮ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|