১১ ছেপ্টেম্বৰ (ইংৰাজী : 11 September ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৫৪তম (অধিবৰ্ষ ত ২৫৫তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১১টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৯৩ - স্বামী বিবেকানন্দ ই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰি আমেৰিকাবাসীক আপ্লুত কৰিছিল।
১৮৭৭ - জেমছ জীনছ , ইংৰাজ পদাৰ্থ বিজ্ঞানী, জ্য়োতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ।
১৯৭৮ - ইৰাণ ত হোৱা বিধ্বংসী ভূঁইকঁপৰ ফলত চৰকাৰী তথ্যমতে ১১,০০০ লোকৰ মৃত্যু হৈছিল।
২০০১ - সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্ক ৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটাকৈ যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হয়।
২০০৭ - প্ৰথম টুয়েণ্টি ২০ (T20) বিশ্বকাপ ক্ৰিকেট আৰম্ভ হয়।
১৮৬২ - অ' হেনৰী , বিখ্যাত মাৰ্কিন চুটিগল্পকাৰ।
১৮৮৫ - ডি এইচ লৰেন্স , ঔপন্যাসিক, কবি গল্পকাৰ, ইংলেণ্ডত জন্ম হৈছিল।
১৮৯৫ - আচাৰ্য বিনোৱা ভাৱে , ভূ-দান আন্দোলনৰ গুৰি ধৰোঁতা, অহিংসা আৰু মানৱতাবাদী, মহাত্মা গান্ধী ৰ প্ৰধান শিষ্য, ভাৰতৰত্ন।
১৯৫০ - ছাহাবুদ্দিন আহমেদ , বাংলাদেশৰ বিশিষ্ট চিত্ৰশিল্পী।
১৯৮২ - শ্ৰীয়া চৰণ ভাটনাগৰ , ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
১৮২৩ - ডেভিদ ৰিকাৰ্ড' (David Ricardo), বিখ্য়াত ইংৰাজ অৰ্থনীতিবিদ।
১৮৮৮ - ড'মিংগ' ফ'ষ্টিন' চাৰ্মিয়েণ্ট' , আৰ্জেণ্টিনাৰ শিক্ষাবিদ।
১৯৪৮ - মহম্মদ আলী জিন্না , পাকিস্তান ৰ জন্মদাতা।
১৯৫৮ - ৰবাৰ্ট ৱিলিয়াম ছাৰ্ভিছ (Robert William Service), বিখ্যাত কানাডিয়ান কবি।
১৯৭১ - নিকিতা ক্ৰছেভ (Nikita Khrushchev), ৰাজনেতা, ছোভিয়েটৰ ৰাষ্ট্ৰনায়ক আছিল।
১৯৮৭ - মহাদেৱী বাৰ্মা (Mahadevi Varma), প্ৰখ্যাত হিন্দী কবি আছিল।
১৯৯৮ - ষ্টেফি ডিচুজা , ভাৰতীয় হকী খেলুৱৈ।
২০২০ - ৰিচাৰ্ড উইলিয়াম টিম , আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক।