৫ জুলাই
Jump to navigation
Jump to search
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ |
২০২১ |
৫ জুলাই (ইংৰাজী: 5 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৬তম (অধিবৰ্ষত ১৮৭তম) দিন। বছৰ শেষ হ'বলৈ ১৭৯ দিন বাকী থাকে।
মৃত্যু[সম্পাদনা কৰক]
- ১৯৬৪ চনৰ আজিৰ দিনটোতে বনফুলৰ কবি খ্যাত যতীন্দ্ৰনাথ দুৱৰা (যদু)ৰ দেহাৱসান ঘটে শিৱসাগৰৰ নিজ বাসভৱনত। তেখেত আছিল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা বিজয়ী।
- ১৯৬৪ চনৰ আজিৰ দিনটোতে লণ্ডন বিশ্ববিদ্যালয়ৰ প্ৰথম অসমীয়া ডি লিট, বুৰঞ্জীবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, ৰায়বাহাদুৰ ড॰ সূৰ্যকুমাৰ ভূঞাৰ (ভানুনন্দন) পৰলোক প্ৰাপ্তি ঘটে।
- নোবেল বঁটা বিজয়ী জাৰ্মান পদাৰ্থ বিজ্ঞানী এলব্ৰেষ্ট ক'ছেলৰ মৃত্যু হয় ১৯২৭ চনৰ আজিৰ দিনটোতে।
অনান্য[সম্পাদনা কৰক]
- ১৯৫৪ চনৰ আজিৰ দিনটোতে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয় গঠন কৰা হয়।
- ১৯৪৭ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত হৈছিল।
- ১৯৯৯ চনত আজিৰ দিনটোত ঢাকা-কলকাতাৰ মাজত প্ৰথম বাছ চলাচল হয়।
- উইম্বলডন চেম্পিয়ন খিতাপ লাভ কৰা ৰ'জাৰ ফেডেৰাৰ ১৫ তম গ্ৰেণ্ডশ্লাম অৰ্জন কৰি বিশ্ব ৰেকৰ্ড কৰে ২০০৪ চনৰ আজিৰ দিনটোতে।
- আমেৰিকান শৰীৰবিদ তথা চিকিৎসক হাৰ্বাট স্পেনছাৰ গাছাৰৰ জন্ম হয় ১৮৮৮ চনৰ আজিৰ দিনটোত। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৭৭ চনত আজিৰ দিনটোতে পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই জিয়াউল হক নতুন ৰাষ্ট্ৰপতি হয় আৰু ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোক গ্ৰেপ্তাৰ কৰা হয়।
স্বাধীনতা দিৱস[সম্পাদনা কৰক]
- ১৮১১ চনৰ আজিৰ দিনটোতে স্পেইনৰ পৰা ভেনিজুৱেলাই স্বাধীনতা লাভ কৰে।
- ১৯৬২ চনৰ আজিৰ দিনটোতে আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৭৫ চনৰ আজিৰ দিনটোতে পৰ্তুগালৰ পৰা কেপ ভাৰ্দেয়ে স্বাধীনতা লাভ কৰে।
- আজি কেপ ভাৰ্দেৰ স্বাধীনতা দিৱস।
|