সমললৈ যাওক

ৰাম বিলাস পাছৱান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাম বিলাস পাছৱান
উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী
কাৰ্যকাল
২৬ মে ২০১৪  ৮ অক্টোবৰ ২০২০
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী শৰদ পাৱাৰ
উত্তৰসূৰী পীয়ুষ গোৱেল
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
২৮ জুন ২০১৯  ৮ অক্টোবৰ ২০২০
পূৰ্বসূৰী ৰবি শংকৰ প্ৰসাদ
সমষ্টি বিহাৰ
কাৰ্যকাল
জুলাই ২০১০[1]  ২০১৪
সমষ্টি বিহাৰ
ৰাসায়নিক আৰু সাৰ মন্ত্ৰী[1]
কাৰ্যকাল
২৩ মে ২০০৪  ২২ মে ২০০৯
প্ৰধানমন্ত্ৰী মনমোহন সিং
পূৰ্বসূৰী সুন্দৰ লাল পাটৱা
উত্তৰসূৰী এম. কে. আলাগিৰী
খনি মন্ত্ৰী[1]
কাৰ্যকাল
১ ছেপ্টেম্বৰ ২০০১  ২৯ এপ্ৰিল ২০০২
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী
পূৰ্বসূৰী সুন্দৰ লাল পাটৱা
উত্তৰসূৰী উমা ভাৰতী
যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী[1]
কাৰ্যকাল
১৩ অক্টোবৰ ১৯৯৯  ১ ছেপ্টেম্বৰ ২০০১
প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী
পূৰ্বসূৰী অটল বিহাৰী বাজপেয়ী
উত্তৰসূৰী প্ৰমোদ মহাজন
ৰে'ল মন্ত্ৰী[2]
কাৰ্যকাল
১ জুন ১৯৯৬  ১৯ মাৰ্চ ১৯৯৮
প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়া
ইন্দৰ কুমাৰ গুজৰাল
পূৰ্বসূৰী চি. কে. জেফাৰ শ্বেৰীফ
উত্তৰসূৰী নীতিশ কুমাৰ
শ্ৰম আৰু কল্যাণ মন্ত্ৰী
কাৰ্যকাল
৫ ডিচেম্বৰ ১৯৮৯  ১০ নৱেম্বৰ ১৯৯০
প্ৰধানমন্ত্ৰী বিশ্বনাথ প্ৰতাপ সিং
পূৰ্বসূৰী বৃন্দেশ্বৰী ডুবে
উত্তৰসূৰী কে. চন্দ্ৰশেখৰ ৰাও
লোকসভাৰ সাংসদ
কাৰ্যকাল
২০১৪  ২০১৯
পূৰ্বসূৰী ৰাম সুন্দৰ দাস
উত্তৰসূৰী পশুপতি কুমাৰ পৰশ
সমষ্টি হাজীপুৰ লোকসভা সমষ্টি
কাৰ্যকাল
১৯৯৬  ২০০৯
পূৰ্বসূৰী ৰাম সুন্দৰ দাস
উত্তৰসূৰী ৰাম সুন্দৰ দাস
সমষ্টি হাজীপুৰ লোকসভা সমষ্টি
কাৰ্যকাল
১৯৯১  ১৯৯৬
পূৰ্বসূৰী দাচাই চৌধুৰী
উত্তৰসূৰী পীতাম্বৰ পাছৱান
সমষ্টি ৰচেৰা লোকসভা সমষ্টি
কাৰ্যকাল
১৯৮৬  ১৯৯১
পূৰ্বসূৰী ৰাম ৰতন ৰাম
উত্তৰসূৰী ৰাম সুন্দৰ দাস
সমষ্টি হাজীপুৰ লোকসভা সমষ্টি
কাৰ্যকাল
১৯৭৭  ১৯৮৪
পূৰ্বসূৰী ৰামশেখৰ প্ৰসাদ সিং
উত্তৰসূৰী ৰাম ৰতন ৰাম
সমষ্টি হাজীপুৰ লোকসভা সমষ্টি
ব্যক্তিগত তথ্য
জন্ম ৫ জুলাই, ১৯৪৬
খাগাৰীয়া, বিহাৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ৮ অক্টোবৰ, ২০২০ (৭৪ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল লোক জনশক্তি পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
জনতা দল, জনতা পাৰ্টি
দাম্পত্যসঙ্গী ৰাজকুমাৰী দেৱী (বি. ১৯৬৯; বিবি. ১৯৮১)
ৰীনা শৰ্মা (বি. ১৯৮২২০২০)
সন্তান
বাসস্থান খাগাৰীয়া, বিহাৰ
শিক্ষানুষ্ঠান পাটনা বিশ্ববিদ্যালয় (এম.এ., এল. এল. বি.)
৩০ মে', ২০১৯-ৰ তথ্য
উৎস:

ৰাম বিলাস পাছৱান (ইংৰাজী: Ram Vilas Paswan; ৫ জুলাই ১৯৪৬ – ৮ অক্টোবৰ ২০২০)[3] এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আৰু বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল।[4] তেওঁ সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৯ চনত বিহাৰ বিধান সভালৈ নিৰ্বাচিত হৈছিল। পিছলৈ পাছৱানে ১৯৭৪ চনত গঠনৰ পাছত লোক দলত যোগদান কৰে আৰু ইয়াৰ সাধাৰণ সম্পাদক পদ লাভ কৰে। তেওঁ ভাৰতত প্ৰযোজ্য হোৱা জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰি কাৰাবাস খাটিছিল। ১৯৭৭ চনত তেওঁ জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে হাজীপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তাৰপিছত একে সমষ্টিৰ পৰা তেওঁ ১৯৮০, ১৯৮৯, ১৯৯৬, ১৯৯৮, ১৯৯৯, ২০০৪ আৰু ২০১৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল।[5][6]

২০০০ চনত তেওঁ লোক জনশক্তি পাৰ্টি গঠন কৰে আৰু ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদত অধিষ্ঠিত হয়। ২০০৪ চনত তেওঁ শাসনাধিষ্ঠিত সংযুক্ত প্ৰগতিশীল মৰ্চাত যোগদান কৰে আৰু মনমোহন সিং কেবিনেটত ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু তীখা মন্ত্ৰী পদবী লাভ কৰে।[7]

২০২০ চনৰ ৮ অক্টোবৰ তাৰিখে নতুন দিল্লীত তেওঁৰ মৃত্যু হয়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[8][9]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৬ চনৰ ৫ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বিহাৰৰ খাগাৰীয়া জিলাৰ শাহাৰবানিৰ এক দলিত পৰিয়ালত ৰাম বিলাস পাছৱানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জামুন পাছৱান আৰু মাতৃ চিয়া দেৱী।[10][11] তেওঁ খাগাৰীয়াত অৱস্থিত পাটনা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কোশী মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু কলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।[12] ১৯৬৯ চনত তেওঁ বিহাৰ আৰক্ষীৰ উপ অধীক্ষক পদ লাভ কৰিছিল।[13][14]

কৰ্মজীৱন

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1 2 3 4 "Rajya Sabha members". National Informatics Centre, New Delhi and Rajya Sabha. http://164.100.47.5/newmembers/Website/Main.aspx আহৰণ কৰা হৈছে: 9 April 2013.
  2. "List of Minister of Railways of India on Indian Railways Fan Club website". Indian Railways Fan Club. http://www.irfca.org/docs/railway-ministers.html আহৰণ কৰা হৈছে: 9 April 2013.
  3. "Ram Vilas Paswan, Dalit face at the Centre, dies after long innings". The Times of India. 9 October 2020. https://timesofindia.indiatimes.com/india/ram-vilas-paswan-dalit-face-at-the-centre-dies-after-long-innings/articleshow/78563578.cms আহৰণ কৰা হৈছে: 9 October 2020.; "Ram Vilas Paswan, union minister, passes away at 74" (en ভাষাত). mint. 8 October 2020. https://www.livemint.com/politics/news/ram-vilas-paswan-union-minister-passes-away-11602170143859.html আহৰণ কৰা হৈছে: 8 October 2020.
  4. Srivastava, Amitabh (5 July 2015). "Bihar elections: Ram Vilas Paswan remained a facilitator, never the face". India Today. https://www.indiatoday.in/india/story/bihar-elections-ram-vilas-paswan-remained-a-facilitator-never-the-face-280760-2015-07-05 আহৰণ কৰা হৈছে: 18 December 2019.
  5. "Ram Vilas Paswan". Business Standard India. https://www.business-standard.com/topic/ram-vilas-paswan.
  6. "Ram Vilas Paswan | Indian politician" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/biography/Ram-Vilas-Paswan আহৰণ কৰা হৈছে: 8 October 2020.
  7. "Ram Vilas Paswan - New Cabinet Minister Who Has Worked Under 6 PMs". NDTV.com. https://www.ndtv.com/people/pm-modi-cabinet-ram-vilas-paswan-new-cabinet-minister-who-has-worked-under-6-pms-2045662 আহৰণ কৰা হৈছে: 8 October 2020.
  8. "Padma Awards 2021 announced". Ministry of Home Affairs. https://pib.gov.in/PressReleasePage.aspx?PRID=1692337 আহৰণ কৰা হৈছে: 26 January 2021.
  9. "Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list". [The Times of India. 25 January 2021. https://timesofindia.indiatimes.com/india/shinzo-abe-tarun-gogoi-ram-vilas-paswan-among-padma-award-winners-complete-list/articleshow/80453596.cms আহৰণ কৰা হৈছে: 25 January 2021.
  10. "Current Lok Sabha Members Biographical Sketch". 19 June 2006. http://164.100.24.208/ls/lsmember/biodata.asp?mpsno=296 আহৰণ কৰা হৈছে: 27 August 2020.
  11. "Ram Vilas Dalit face wherever you go, Jitan Ram Manjhi can be Mahadalit face". 29 July 2015. http://indianexpress.com/article/india/politics/ram-vilas-dalit-face-wherever-you-go-manjhi-can-be-mahadalit-face/.
  12. "PIB :: Profiles". pib.nic.in. http://pib.nic.in/profile/cabinet/20050601/ramvilaspaswan.asp আহৰণ কৰা হৈছে: 8 November 2011.
  13. @irvpaswan (26 March 2016). "1969 मे मेरा DSP मे और MLA दोनो मे एक साथ चयन हुआ।तब मेरे एक मित्र नेपूछा कि बताओ Govt बनना है या Servant ?बस तभी मैंने राजनीति ज्वाइन कर ली". https://twitter.com/irvpaswan/status/713721656754057217 আহৰণ কৰা হৈছে: 16 August 2020.
  14. Srivastava, Amitabh (6 June 2019). "Ram Vilas Paswan: The Weather God" (en ভাষাত). India Today. https://www.indiatoday.in/india-today-insight/story/ram-vilas-paswan-the-weather-god-1543528-2019-06-06 আহৰণ কৰা হৈছে: 15 August 2020.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]