সমললৈ যাওক

১০ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০১১১২১৩
১৪১৫১৬১৭১৮১৯২০
২১২২২৩২৪২৫২৬২৭
২৮২৯৩০  

১০ জুন (ইংৰাজী: 10 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬১তম (অধিবৰ্ষত ১৬২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৪টা দিন বাকী থাকে।

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১২৪৬ - নাছিৰুদ্দিন মহম্মদ শ্বাহ দিল্লীৰ প্ৰথম শাসক হয়।
  • ১৬১০ - গেলিলিঅ’ গেলিলিয়ে শনি গ্ৰহৰ দ্বিতীয় আঙুঠি বা চক্ৰ আৱিষ্কাৰ কৰিছিল।
  • ১৬২৪ - হলেণ্ড আৰু ফ্ৰান্সৰ মাজত স্পেনিছ বিৰোধী চুক্তি স্বাক্ষৰিত হয়।
  • ১৭৫২- বেঞ্জামিন ফ্ৰেংকলিনে চিলা উৰুৱাই বজ্ৰ বা বিজুলীৰ পৰা বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছিল।
  • ১৮৯০ - চনত আজি দিনটো দেওবাৰ আছিল, সেই দিনাৰ পৰাই ভাৰতত সাপ্তাহিক ছুটীৰ বাৰ হিচাপে দেওবাৰ নিৰ্ধাৰণ কৰা হৈছিল।
  • ১৯০৭ - চীনৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে ফ্ৰান্স আৰু জাপানৰ মাজত চুক্তি স্বাক্ষৰিত হয়।
  • ১৯৩১ - নৰৱেই ইষ্ট গ্ৰীণলেণ্ড দখল কৰে।
  • ১৯৪০ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইটালীয়ে ফ্ৰান্স আৰু ব্ৰিটেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৯৪০ - নৰৱেই নাজীৰ ওচৰত আত্মসমৰ্পণ কৰে।
  • ১৯৪৪ - দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মান সেনাই আজিৰ দিনটোতে ২১৮ জন গ্ৰীকক হত্যা কৰে।
  • ১৯৪৬ - ৰাজতন্ত্ৰৰ অন্ত পৰাৰ পিছত ইটালী গণৰাজ্যবাদী ৰাষ্ট্ৰত পৰিণত হয়।
  • ১৯৫৭ - ইজৰাইল আৰু ছিৰিয়াৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰিত হোৱাৰ লগে লগে ৬ দিনীয়া যুদ্ধৰ অন্ত পৰে।
  • ১৯৬০ - নাছিকত ৰাছিয়াৰ যুদ্ধবিমান মিগৰ উৎপাদন আৰম্ভ হয়।
  • ১৯৭১ - আমেৰিকাই চীনৰ ২১ বছৰীয়া বাণিজ্য নিষেধাজ্ঞাৰ অন্ত পেলায়।
  • ১৯৭২ - ভাৰতৰ প্ৰথম শীত-তাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী জাহাজত হৰ্ষবৰ্ধনে সমুদ্ৰযাত্ৰা কৰিছিল।
  • ১৯৮৬ - লৰ্ডছত ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে প্ৰথম টেষ্টত জয়লাভ কৰে।
  • ১৯৯৯ - কেৰালাত কোচি চহৰৰ নেডুম্বাছেৰীত এটা ব্যক্তিগত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কাম আৰম্ভ কৰে।
  • ২০০২ - পাকিস্তানে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ “কে-২”ৰ নাম সলনি কৰি ‘চোগৰী’ বা ‘শ্বাহগৰী’ কৰে।
  • ২০০৩ - নাছাৰ মংগলিয়ান ৰভাৰ উৎক্ষেপণ কৰা হয়।
  • ১৮৩২ - নিক'লাছ অট্ট', জাৰ্মান অভিযন্তা, পেট্ৰলিয়াম গেছৰ সহায়ত চলা প্ৰথম ফ'ৰ ষ্ট্ৰ'ক ইঞ্জিনৰ নিৰ্মাতা। (মৃ: ১৮৯১)
  • ১৮৮৫ - পীতাম্বৰ দেৱগোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ।
  • ১৯০৮ - জেনেৰেল জয়ন্ত নাথ চৌধুৰী, ভাৰতীয় সেনাবাহিনীৰ এজন জেনেৰেল অফিচাৰ। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈ ৬ষ্ঠ সেনাধ্যক্ষ আৰু ১৯৪৮ চনৰ পৰা ১৯৪৯ চনলৈকে হায়দৰাবাদ ৰাজ্যৰ সামৰিক গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
  • ১৯৩৮ - ৰাহুল বাজাজ, ভাৰতীয় ব্যৱসায়ী, ভাৰতীয় সংঘবদ্ধ বাজাজ গ্ৰুপৰ অধ্যক্ষ আৰু সংসদৰ সদস্য ।
  • ১৯৪৬ - দাৰা আহমেদ, অসমীয়া চলচ্চিত্ৰ পৰিচালক, তথ্যচিত্ৰ, দূৰদৰ্শনৰ ধাৰাবাহিক তথা টেলিফিল্ম নিৰ্মাতা।
  • ১৯৫৫ - প্ৰকাশ পাডুকন, ভাৰতীয় বেডমিণ্টন খেলুৱৈ।
  • ১৯৫৬ - ইদাৰ বীৰা ভেংকটা সত্যনাৰায়ণ, এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। তেওঁ তেলেগু আৰু হিন্দী ভাষাৰ মুঠ ৫১খন ছবি পৰিচালনা কৰাৰ লগতে বহু অভিনেতাক তেলেগু চিনেমাৰ সৈতে পৰিচয় কৰাই দিছিল।
  • ১৯৬১ - সিদ্ধাৰ্থ ভট্টাচাৰ্য, অসমৰ ৰাজনীতিবিদ।
  • ১৯৭২ - সুন্দৰ পিচাই, এজন ভাৰতীয় আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী, এজন জ্যেষ্ঠ প্ৰযুক্তি কাৰ্যবাহী, আৰু আলফাবেট ইনকৰ্পৰেশ্যন আৰু ইয়াৰ সহযোগী কোম্পানী গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)।
  • ১৯৭৭ - মিকা সিং, এজন ভাৰতীয় ৰেপাৰ, গায়ক আৰু পৰিবেশক।
  • ১৯৮১ - আলবি মৰকেল, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ।
  • ১৯৮১ - দেৱেন্দ্ৰ ঝাঝাৰীয়া, ভাৰতীয় পেৰালিম্পিক জেভলীন থ্ৰ' খেলুৱৈ।
  • ১৯৮৯ - ডেভিড মিলাৰ, দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট খেলুৱৈ।
  • ২০০০ - মালাৱাত পূৰ্ণা, ভাৰতীয় পৰ্বতাৰোহী।
  • ৩২৩ খ্ৰীষ্টপূৰ্ব - মহাবীৰ আলেকজেণ্ডাৰ, গ্ৰীচৰ (মেচিড'নিয়াৰ) ৰজা। (১০ জুন বা ১১ জুনত মৃত্যু হৈছিল। জন্ম: ৩৫৬ খ্ৰীষ্টপূৰ্ব)
  • ১৮৩৬ - আণ্ড্ৰে মেৰি এম্পিয়েৰ, ফৰাচী পদাৰ্থবিজ্ঞানী, বিদ্যুৎ প্ৰবাহৰ এছ. আই. একক এম্পিয়াৰ(A) তেখেতৰ নামত দিয়া হৈছে। (জঃ ১৭৭৫)
  • ১৮৭৭ - ৰমানাথ ঠাকুৰ, ব্ৰিটিছ ভাৰতৰ ১৯ শতিকাৰ কলকাতাৰ অন্যতম আগশাৰীৰ সামাজিক ব্যক্তি ।
  • ১৯৪৯ - ছিগ্ৰিড আণ্ডছেট, নৰৱেৰ এগৰাকী ঔপন্যাসিক, ৰচনাকাৰ আৰু নোবেল বঁটা বিজয়ী ।
  • ১৯৮৭ - জীৱন, ১৯৫০ চনৰ পৌৰাণিক ছবিত নাৰদ মুনিৰ চৰিত্ৰত মুঠ ৪৯ বাৰ অভিনয় কৰা ভাৰতীয় অভিনেতা।
  • ২০১৯ - গিৰীশ কৰ্ণাড, ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কন্নড় লেখক, নাট্যকাৰ, চিত্ৰ্যনাট্যকাৰ আৰু ৰোডছ স্কলাৰ।
  • ২০২১ - বুদ্ধদেৱ দাসগুপ্ত, ভাৰতীয় কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ-নিৰ্মাতা।
  • পৰ্টুগাল দিৱস।
  • বল পইণ্ট পেন দিৱস (আন্তঃৰাষ্ট্ৰীয়)
  • বনৌষধি আৰু মছলা দিৱস (আন্তঃৰাষ্ট্ৰীয়)
  • ৰাষ্ট্ৰীয় আইচড টি দিৱস (আমেৰিকা)
  • ৰাষ্ট্ৰীয় কণী ৰোল দিৱস (আমেৰিকা)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]