পীতাম্বৰ দেৱগোস্বামী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক


পীতাম্বৰ দেৱগোস্বামী
জন্ম ১০ জুন,১৮৮৫
মাজুলী
মৃত্যু ২০ অক্টোবৰ, ১৯৬২
পেচা নাট্যকাৰ, ধৰ্মপ্ৰচাৰক, স্বাধীনতা যুঁজাৰু, লিখক, ৰাজনীতিক।

পীতাম্বৰ দেৱগোস্বামী (ইংৰাজী: Pitambar Deva Goswami; ১৮৮৫ – ১৯৬২) আছিল গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ। তেওঁ আছিল একাধাৰে সমাজ সংস্কাৰক, সাহিত্যিক, প্ৰাচ্যতত্ত্ববিদ, মক্তিযুঁজাৰু আৰু ৰাজনীতিক। তেওঁ ১৯০৭ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হয়। তেওঁ চিৰ কুমাৰ আছিল। ১৯২৩ চনৰ পৰা তেওঁ বাল্যবিবাহৰ বিপক্ষে আৰু বিধবা বিবাহৰ সপক্ষে জনজাগৰণৰ সৃষ্টি কৰিছিল। তেওঁ ৪২ৰ গণ আন্দোলনত প্ৰদেশ কংগ্ৰেছ কমিটিৰ গুৰি ধৰি ইংৰাজ চৰকাৰৰ ৰোষত পৰি গৃহবন্দী হোৱাৰ লগতে ২ বছৰ কাৰাবাস খাটিছিল। অসমৰ ভৌগোলিক পৰিমণ্ডলৰ পৰা বিচ্ছিন্ন মাজুলীৰ দৰে ঠাইত উনবিংশ শতিকাত জন্মগ্ৰহণ কৰি আজীৱন পৰিশ্ৰম কৰি মাজুলীৰ শিক্ষা, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত উন্নত ঠাই ৰূপে গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল।[1]

জন্ম[সম্পাদনা কৰক]

পীতাম্বৰ দেৱগোস্বামীৰ ১৮৮৫ চনৰ ১০ জুন তাৰিখে মাজুলীত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল চিত্ৰচন্দ্ৰ দেৱগোস্বামী আৰু মাতৃৰ নাম দুৰ্গেশ্বৰী।

শিক্ষা[সম্পাদনা কৰক]

পীতাম্বৰ দেৱগোস্বামীয়ে ঘৰতেই থাকি সংগীত শিক্ষা গ্ৰহণ কৰা আৰু ধৰ্মগ্ৰন্থ পঢ়িবলৈ শিকিছিল, বিদ্যালয়ত আধুনিক শিক্ষাৰ পোহৰ পোৱা নাছিল। অবশ্যে সৰুৰে পৰা বাহিৰৰ সমাজখনৰ ধ্যান-ধাৰণাৰ সৈতে পৰিচিত হৈছিল, যাৰ ফলস্বৰূপে ১৯০৭ চনত তেওঁ গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পদত উপনীত হ’ব পাৰিছিল। তাৰ পাছৰে পৰা সমাজ সংস্কাৰ আৰু স্বাধীনতা আন্দোলনৰ কথাহে প্ৰচাৰ কৰিবলৈ লৈছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

পীতাম্বৰ দেৱগোস্বামীয়ে জন্মগতভাবে লাভ কৰা প্ৰভুত্ব, মান, মৰ্য্যদা, ৰক্ষণশীলতা সকলো ত্যাগ কৰি সাধাৰণ ৰাইজৰ মাজৰ এজন হোৱাৰ মনোভাবেৰে পুৰুষানুক্ৰমে ব্যৱহাৰ কৰি অহা খাটোলা পৰিত্যাগ কৰিছিল। ১৯২৩ চনৰ পৰা বাল্যবিবাহ আৰু বিধবাবিবাহৰ ক্ষেত্ৰত এক জনজাগৰণ সৃষ্টি কৰিছিল। ১৯৩০ চনত অসম কৈবৰ্ত সন্মিলনৰ গোলাঘাটৰ অধিবেশনত সভাপতিত্ব কৰিছিল। ১৯২৩ চনত অসম মিচিং সন্মিলনৰ সভাত সভাপতিত্ব কৰিছিল। ১৯৪৬ চনত প্ৰায় ৬০ বছৰ বয়সত তেওঁ কাৰ্বি আংলঙলৈ যাত্ৰা কৰিছিল জনজাতীয় সমাজৰ পৰা কু-সংস্কাৰ, নিচা জাতীয় দ্ৰব্য সেৱন আদি ৰোধ কৰিবৰ বাবে সভা-সমিতি পাতিছিল। প্ৰায় ২ বছৰ ধৰি লাগি থাকি পাহাৰীয়া লোক সকলক শিক্ষিত কৰিবৰ বাবে ২০খনতকৈও অধিক বিদ্যালয় স্থাপন কৰিছিল। তাৰ পাছত নগাঁও জিলাতো তিৱা লোকসকলৰ মাজত ব্যাপক জনজাগৰণৰ চেষ্টা কৰিছিল। তদুপৰি দৰিদ্ৰ লোক সকল যাতে উচিত মূল্যত ক্ৰয়-বিক্ৰয়ৰ সুবিধা পাব পাৰে, কম সুদত ঋণ লৈ উপকৃত হৱ পাৰে, সেই উদ্দেশ্যেই তেওঁ ১৯১৭ চনত মাজুলীত কো-অপাৰেটিভ বেংক এণ্ড পাৰ্চেজ চেল ছচাইটি নামৰ এক সমবায় কেন্দ্ৰ গঢ়ি তুলি তাৰ প্ৰধান কাৰ্যালয় গড়মূৰ সত্ৰত ৰাখি মাজুলীত বিভিন্ন অঞ্চলত কেইবাটাও শাখা খুলিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম বিপ্লৱী পীতাম্বৰ দেৱগোস্বামীয়ে ১৯২৬ চনত পাণ্ডুত বহা কংগ্ৰেছৰ মহাসভাত যোগদান কৰি গান্ধীজীকো সাক্ষাত কৰিছিল। কংগ্ৰেছ অধিবেশনৰ সভাথলীতে অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় হিন্দু মহাসভাৰ অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ১৯৩২ চনত নিখিল ভাৰত অস্পৃশ্যতা বৰ্জন সংঘ আৰু গান্ধীজীয়ে গঢ় দিয়া হৰিজন সেৱক সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি এক সফল আন্দোলন গঢ়ি তুলিছিল। তেওঁ ১৯৫৩ চনত সনাতন ধৰ্মৰ মুখপাত্ৰ নামৰ তিনিমহীয়া আলোচনী এখনো এবছৰকাল সম্পাদনা আৰু প্ৰকাশ কৰিছিল।[1]

গ্ৰন্থৱালী[সম্পাদনা কৰক]

  • শ্ৰীকৃষ্ণৰ ৰাসলীলা
  • অসমত বিনা ৰক্তপাতে আক্ৰমণ
  • হৰিদাসৰ জীৱনী
  • বালিচলন
  • সপ্ত সুৰৰ উৎপত্তি
  • শ্ৰীমদ্ভাগৱত (একাংশ)

মৃত্যু[সম্পাদনা কৰক]

পীতাম্বৰ দেৱগোস্বামী দেৱৰ ১৯৬২ চনৰ ২০ অক্টোবৰত ইহলীলা সম্বৰণ হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 হেমন্ত কুমাৰ ভৰালী. এহেজাৰ বছৰৰ এশগৰাকী অসমীয়া. অনন্ত হাজৰিকা, বনলতা. পৃষ্ঠা. ২৬৪,২৬৫,২৬৬.