মিতালী চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মিতালী চৌধুৰী

মিতালী চৌধুৰী
জন্ম ১০ জানুৱাৰী, ১৯৬০
ৰিহাবাৰী, গুৱাহাটী, অসম
মৃত্যু ২৬ মাৰ্চ, ২০১১
ৰাষ্ট্ৰীয়তা ভাৰতীয় ভাৰত
পেচা গায়িকা

মিতালী চৌধুৰী (ইংৰাজী: Mitali Choudhury) এগৰাকী অসমীয়া সংগীত জগতৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ১৯৬০ চনৰ ১০ জানুৱাৰীত গুৱাহাটীৰিহাবাৰীত জন্ম লাভ কৰা চৌধুৰীয়ে "বুঢ়া লুইতৰ বিশাল বাহু", "কেতিয়াবা মোৰ", "প্ৰথম দেখাৰ মধুবেলা", "ৰাতি মায়াবিনী", "বন বননিত আঁচল উৰুৱাই", "মোৰ প্ৰিয়া", "চাবলৈ মন যায় জুমি জুমি", "পশ্চিমৰ আকাশত বেলি ডুবিলে", “যৌৱনৰ বা লাগি কঁপি উঠে মন”, "আৰু নুসুধিবা মোক”, “পোহৰৰে চাকিগচি” আদিকে ধৰি বহুকেইটা অসমীয়া জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে। মাত্ৰ ১১ বছৰ বয়সতে তেখেতে খগেন মহন্তৰ লগত মঞ্চত গীত পৰিবেশন কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

জন্ম আৰু শৈশৱ[সম্পাদনা কৰক]

১৯৬০চনৰ ১০জানুৱাৰীত গুৱাহাটীত মিতালী চৌধুৰীৰ জন্ম হয়।[1] তেওঁৰ পিতৃ আছিল স্বৰ্গীয় প্ৰকাশ চৌধুৰী আৰু মাতৃ আছিল শুৱলা চৌধুৰী। সংগীত জগতত প্ৰৱেশ কৰাৰ আগতে তেওঁ নৃত্যৰ চৰ্চা কৰিছিল তেওঁ গুৰু কলামন্ত সিং আৰু গুৰু ৰঞ্জিত সিঙৰ ওচৰত কথক আৰু মণিপুৰী নৃত্যৰ শিক্ষা লৈছিল।<[1] ছয় বছৰ বয়সতে তেওঁ প্ৰথমবাৰ লতাশিল বিহু মঞ্চত নৃত্য প্ৰদৰ্শন কৰে। বায়েক মেঘালী চৌধুৰীয়ে গীত গাই থাকিলে মিতালীয়েও লগে লগে গোৱা দেখি পিতৃমাতৃয়ে তেওঁৰ সংগীত শিক্ষা লোৱাৰ ব্যৱস্থা কৰি দিয়ে। প্ৰথমে তেওঁ স্বৰ্গীয় অনিমেশ দত্ত আৰু পাছত স্বৰ্গীয় হিৰেণ শৰ্মাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে।[1]

সংগীত জীৱন[সম্পাদনা কৰক]

অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে মিতালী চৌধুৰীয়ে প্ৰথমবাৰৰ বাবে অনুতাপ নামৰ অসমীয়া চলচ্চিত্ৰত কণ্ঠদান কৰে। নিৰ্মলপ্ৰভা বৰদলৈয়ে তেওঁক সংগীত পৰিচালক জিতু-তপনৰ সৈতে চিনাকি কৰি দিয়ে আৰু তেওঁলোকে চৌধুৰীক কলিকতালৈ নি তাৰ টেকনিচিয়ান ষ্টুডিঅত "কেতিয়াবা মোৰ","ৰাতি মায়াবিনী" আৰু "প্ৰথম দেখাৰ মধুবেলা" এই জনপ্ৰিয় গীত তিনিটি বাণীবদ্ধ কৰে।[1] তাৰ পিছত তেওঁ মেঘমুক্তি, কাঁচঘৰ, মইনাজান, ৰজনীগন্ধা, শ্ৰী শ্ৰী মা কামাখ্যা, প্ৰিয়জন, যৌৱনে আমনি কৰে, বুকুৰ মাজত জ্বলে, তুমি মোৰ মাথোঁ মোৰ, বিস্ফোৰণ, এই মৰম তোমাৰ বাবে, গুণ গুণ গানে গানে, সৰু বোৱাৰী আদিকে ধৰি প্ৰায় ত্ৰিশখন অসমীয়া ছবিত গীত গাইছে। গুণ গুণ গানে গানে ছবিৰ "যৌবনৰ বা লাগি" গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠা গায়িকাৰ জ্যোতিৰূপা বঁটা লাভ কৰে।[1]

১৯৮৭ চনত চৌধুৰীয়ে মুম্বাইলৈ যাত্ৰা কৰে।[1] তাত তেওঁ শ্বান মুখানন্দ প্ৰেক্ষাগৃহত গীত গাই বিখ্যাত সুৰকাৰ খায়াম আৰু ৰবীন্দ্ৰ জৈনৰ প্ৰশংসা লাভ কৰে। ৰবীন্দ্ৰ জৈনে মেগা ধাৰাবাহিক "ৰামায়ণ"ত চৌধুৰীক গীত গোৱাৰ সুযোগ দিয়ে। তাত তেওঁ কেইবাটাও ভজন গাই। তদুপৰি সুৰকাৰ নৌশাদেও মিতালীক "আকবৰ দ্য গ্ৰেট"ত গীত গোৱাৰ সুযোগ দিয়ে। সংগীত পৰিচালক নদীম শ্ৰৱণে চৌধুৰীক প্ৰথম হিন্দী চলচ্চিত্ৰত গীত গোৱাৰ সুযোগ দিয়ে। তেওঁলোকৰ সংগীত পৰিচালনাত ৱক্ত হামাৰা হে ছবিৰ "কমী নহি লড়কো কি ইচ চ্যহৰ মে" শীৰ্ষক জনপ্ৰিয় গীতটিত কণ্ঠদান কৰে।[1] বিখ্যাত ছবি ‘’ৰাজা হিন্দুঃস্থানী’’ৰ "পৰদেশী পৰদেশী" শীৰ্ষক গীতটি প্ৰথমতে চৌধুৰীৰ কণ্ঠতে বাণীবদ্ধ কৰা হৈছিল। হ'লেও “টিপছ” কোম্পানীৰ স্বত্বাধিকাৰীৰ সৈতে গায়িকা অলকা য়াগনিকৰ মাজত থকা বন্ধুত্বৰ বাবে এই গীতটো অলকা য়াগনিকৰ কণ্ঠত আকৌ বাণীবদ্ধ কৰোৱা হয়।[1]

চৌধুৰীয়ে হিন্দীৰ লগতে পঞ্জাবী, ভোজপুৰী, বঙালী, ওড়িয়া, মাৰাঠী, গুজৰাটী, ৰাজস্থানী আদি কেইবাটাও ভাষাত গীত গাইছে।[1] তেওঁ কেইবাটাও হিন্দী এলবাম তোহফা, ঝুম বৰাবৰ ঝুম, মেৰা ভাৰত মহান, লাজবাব, অপলম চপলম, আজা ৰে পৰদেশী, লতা মংগেশকাৰ ৰিমিক্স, আশা ভোঁছলে ৰিমিক্স, শিৰডি সাইবাবা, পিয়া পিয়া আদিত কণ্ঠ নিগৰাইছে।[1] কৃষ্ণা, ৰামায়ণ, আকবৰ দ্য গ্ৰেট,আলিফ লাইলা,চাণক্য,ৰিস্তে,যুগান্তৰ আদি ধাৰাবাহিকতো তেওঁ কণ্ঠদান কৰিছে। দূৰদৰ্শনৰ অনুষ্ঠান মেহফিল, এক কলাকাৰ, শাম-এ-গজল, স্বৰাঞ্জলি, সংগীত চিতাৰে,ভিডিঅকণ ধুমধামাকা, টি টাইম, মনোৰঞ্জন আদিতো তেওঁ অংশ গ্ৰহণ কৰিছে। তদুপৰি তেওঁ লণ্ডন, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ৱেষ্ট ইণ্ডিজ, নেডাৰলেণ্ড, ছিংগাপুৰ আদি ঠাইত গীত গাইছিল। তেওঁক মুম্বাই পুলিচ, শিৱ সেনা,‌ দ্য লায়নচ ক্লাব অৱ মুম্বাই, বেংগল এছোছিয়েছন আদিয়ে বিভিন্ন পুৰস্কাৰ দিয়ে। সংগীত পৰিচালক এ আৰ ৰহমানেও তেওঁক পৰৱৰ্তী ছবিত গীত গোৱাৰ প্ৰস্তাৱ দিছিল যদিও চৌধুৰীৰ তাৰ আগতে মৃত্যু হোৱাত সেয়া কাৰ্য্যকৰী হৈ নুঠিল।[1]

পুৰস্কাৰ[সম্পাদনা কৰক]

  • জ্যোতিৰূপা চাইন এৱাৰ্ড, শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী।[1]

মৃত্যু[সম্পাদনা কৰক]

২০১১ চনৰ ২৬ মাৰ্চৰ ১২:৪৫ বজাত মুম্বাইৰ ককিলাবেন ধীৰুভাই আম্বাণী হস্পিটেলত কৰ্কট ৰোগত ভুগি তেখেতে মৃত্যু বৰণ কৰে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 কুমাৰ ভাস্কৰজ্যোতি (মে' ২০১১). "আৰু নুসুধিবা মোক ফুলৰ সুবাস কিয় ভাল পাওঁ". নন্দিনী. পৃষ্ঠা. ৯০-৯২.