সমললৈ যাওক

অনিন্দিতা পাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনিন্দিতা পাল

অসমৰ এটা ফটোশ্বুটত অনিন্দিতা পাল (২০১৬)
স্থানীয় নাম অনিন্দিতা পাল
জন্ম অনিন্দিতা পাল
গুৱাহাটী, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ, লক্ষ্ণৌৰ ভাটখাণ্ডে সঙ্গীত প্ৰতিষ্ঠানৰ পৰা কণ্ঠসঙ্গীতত বিশাৰদ
পেচা কণ্ঠশিল্পী, কম্পোজাৰ, গীত ৰচক, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০০ৰ পৰা বৰ্তমানলৈ
দাম্পত্যসঙ্গী দিব্যজ্যোতি নাথ
পিতৃ-মাতৃ অমল কান্তি পাল
শ্যামলী পাল
আত্মীয়-স্বজন মিত্ৰানী পাল (ভগ্নী)
ৱেবছাইট
www.aninditapaul.in

অনিন্দিতা পাল (ইংৰাজী: Anindita Paul) এগৰাকী অসমীয়া কণ্ঠশিল্পী। তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু বহুকেইটা অসমীয়া শ্ৰব্য এলবামত কণ্ঠদান কৰিছে। দীনবন্ধু চলচ্চিত্ৰৰ ক'ৰ এজাক সপোন যেন বৰষুণ গীতটিৰ বাবে তেওঁ জ্যোতিৰূপা বঁটা আৰু প্ৰাগ চিনে বঁটা লাভ কৰে।[1]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

অনিন্দিতা পালৰ জন্ম হয় অসমৰ গুৱাহাটীত। [2] পিতৃ ভাৰতীয় খাদ্য নিগমত কৰ্মৰত আছিল আৰু মাতৃ আছিল গৃহিনী৷ মাতৃ শ্যামলী পালৰ সাংগীতিক দিশৰ লগত ঘনিষ্ঠতা আছিল৷ তেখেতে মহাবিদ্যালয়ৰ অনুষ্ঠানসমূহত অনুষ্ঠান পৰিৱেশন কৰিছিল৷ [3]পিতৃ অমল কান্তি পাল আৰু মাতৃ শ্যামলী পাল। ২০১২ চনত তেওঁ দিব্যজ্যোতি নাথৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[1]

শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

সৰু কালতেই তেওঁক পিতৃ-মাতৃয়ে গুৱাহাটীশিল্পী মিউজিক স্কুলত নামভৰ্তি কৰি দিয়ে। তাতে তেওঁ দ্বীপেন ৰয়ৰ তত্ত্বাৱধানত ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লয়। পণ্ডিত অজয় চক্ৰৱৰ্তী আৰু জয়দীপ জয়পুৰৱালেৰ[4] তেওঁ সংগীতৰ শিক্ষা লাভ কৰে। লক্ষ্ণৌভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা তেওঁ সংগীতৰ বিশাৰদ ডিগ্ৰী লাভ কৰে। ২০০১ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটন কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিক্ষা শেষ কৰি তেওঁ নিজৰ সংগীতৰ কেৰিয়াৰ আগবঢ়াই নিবৰ বাবে মুম্বাইলৈ যায়।[1]

সংগীতৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

নব্বৈৰ দশকৰ শেষৰফালে বিলত তিৰেবিৰাই এলবামত গীত গাই অনিন্দিতাই নিজৰ সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰে। এলবামটি আছিল বাউলী কবি কমলানন্দ ভট্টাচাৰ্যৰ গীতৰ সংগ্ৰহ। এলবামটিৰ বিলত তিৰেবিৰাই আৰু চৰাই হালধীয়া পাখিও ধুনীয়া গীত দুটিৰে অনিন্দিতাই ৰাইজৰ সমাদৰ লাভ কৰে। ইয়াৰ পাছত তেওঁ 'লগন', 'সুৰৰ জিঞ্জিৰি', 'সুৰঞ্জনা', 'শ্ৰুতিধাৰা', 'বৰষুণ' আদি এলবামত গীত গায়।
২০০১ চনত, পালে বলীউড সংগীত উদ্যোগত আত্মপ্ৰকাশ কৰে য'ত তেওঁ জুবিনৰ এলবাম নুপুৰ ৰ সহশিল্পী জুবিন গাৰ্গ আৰু সাগৰিকা মুখাৰ্জীৰ সৈতে "কাইছা ধুয়ান উথ ৰহা হে" হিন্দী গান টো গাইছিল।[5]
২০১০ চনত তেওঁৰ নিজস্ব এলবাম তোমাৰ প্ৰশংসাত মুক্তি পায়।[4] ইয়াৰ উপৰিও কেইবাখনো অসমীয়া চলচ্চিত্ৰ যেনে প্ৰেম ভৰা চকুলো, প্ৰেম আৰু প্ৰেম, দীনবন্ধু, অধিনায়ক, চেনাই মোৰ ঢুলীয়া, আমি অসমীয়া, জেতুকা পাতৰ দৰে, এখন নেদেখা নদীৰ সিপাৰে, ৰাগ - দ্য ৰিদম অৱ লাভ, গানে কি আনে আদিত গীত গোৱাৰ লগতে বেংগলী চলচ্চিত্ৰ কুমাওনেৰ কন্যা আৰু হিন্দী চলচ্চিত্ৰ ষ্ট্ৰিংছ, হামৰাহি, ধাৰা আদিত গান গোৱাৰ সুযোগ পায়। ছত্তীছগঢ়ৰ চলচ্চিত্ৰ ভকলাত তেওঁ লতা মংগেশকাৰৰ সৈতে গান গায়। তদুপৰি তেওঁ ভাৰতৰ বিভিন্ন ঠাইৰ মঞ্চত অনুপ জলোটা, বাবুল চুপ্ৰিয় আদি গায়কৰ লগত একেখন মঞ্চতে গীত পৰিৱেশন কৰিছে।[1] বহুকেইটা বিজ্ঞাপনৰ গীততো তেওঁ কণ্ঠ নিগৰায়।

কণ্ঠদান

[সম্পাদনা কৰক]

চলচ্চিত্ৰ সংগীত

[সম্পাদনা কৰক]
চলচ্চিত্ৰবৰ্ষসংগীত পৰিচালকভাষা
প্ৰেম আৰু প্ৰেম২০০২জুবিন গাৰ্গঅসমীয়া
প্ৰেম ভৰা চকুলো২০০৩অসমীয়া
দীনবন্ধু২০০৪জুবিন গাৰ্গঅসমীয়া
চেনাই মোৰ ঢুলীয়া২০০৫জয়ন্ত পাঠকঅসমীয়া
অধিনায়ক২০০৬জুবিন গাৰ্গঅসমীয়া
আমি অসমীয়া২০০৬জুবিন গাৰ্গঅসমীয়া
কুমাওনেৰ কন্যাৰবীন্দ্ৰ জৈনবেংগলী
স্ত্ৰিংছ - বাউণ্ড বাই ফেইথ২০০৬জুবিন গাৰ্গহিন্দী
হামৰাহি২০০৮হিন্দী
ধাৰা২০০৮সৌৰভ মুখাৰ্জীহিন্দী
জেতুকা পাতৰ দৰে২০১১পলাশ গগৈঅসমীয়া
এখন নেদেখা নদীৰ সিপাৰে২০১২জুবিন গাৰ্গঅসমীয়া, হিন্দী
ৰাগ - দ্য ৰিদম অৱ লাভ২০১৪অবিনাশ বাঘেলঅসমীয়া
গানে কি আনে২০১৫জুবিন গাৰ্গঅসমীয়া

বিজ্ঞাপন

[সম্পাদনা কৰক]
  • নেৰ'লেক পেইণ্ট
  • টাটা ষ্টীল
  • ফেয়াৰ এণ্ড লাভলী
  • এক্সন ফ্লোটাৰ্চ[4]
  • জ্যোতিৰূপা বঁটা, শ্ৰেষ্ঠ গায়িকা, ২০০৪, গীত- ক'ৰ এজাক সপোন যেন বৰষুণ, চলচ্চিত্ৰ- দীনবন্ধু[1]
  • প্ৰাগ চিনে বঁটা, শ্ৰেষ্ঠ গায়িকা, ২০০৪, গীত- ক'ৰ এজাক সপোন যেন বৰষুণ, চলচ্চিত্ৰ- দীনবন্ধু[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 Krishna Dulal Barua (২০ এপ্ৰিল ২০০৮). "A Star on the Horizon". Melange, The Sentinel. পৃষ্ঠাসমূহ: ২৩, ২৪, ২৫, ২৬.
  2. ক'ৰ এজাক সপোন যেন বৰষুণ, বকুল ফুলৰ দৰে... ডি নিউজ. ন ডিচেম্বৰ ২০২০. Check date values in: |date= (help)
  3. "Biography". Archived from the original on 20 March 2022. https://web.archive.org/web/20220320062308/http://aninditapaul.in/ আহৰণ কৰা হৈছে: 25 December 2020.
  4. 1 2 3 কুমাৰ ভাস্কৰজ্যোতি (ফেব্ৰুৱাৰী ২০১২). "এয়া আৰম্ভণি মাথোঁ। আৰু বহু দূৰ বাট বুলিব আছে - অনিন্দিতা পাল". নন্দিনী. পৃষ্ঠাসমূহ: ৯০.
  5. "নুপুৰ (2001) - হিন্দী এলবাম, ট্ৰেকলিষ্ট, সম্পূৰ্ণ এলবামৰ বিৱৰণ আৰু অধিক". ZG Discography. Archived from the original on 2021-10-18. https://web.archive.org/web/20211018100734/http://www.zubeendiscography.com/2021/08/9168943891875835053.html আহৰণ কৰা হৈছে: 2020-09-09.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]