সমললৈ যাওক

প্ৰাগ চিনে বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰাগ চিনে বঁটা
বিৱৰণ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলত নিৰ্মিত কথাছবি আৰু বিভিন্ন কলা-কুশলীৰ শ্ৰেষ্ঠত্ব নিৰ্বাচন
দেশ ভাৰত
প্ৰদান কৰোঁতা প্ৰাগ নিউজ
প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল ২০০৩

প্ৰাগ চিনে বঁটা হৈছে অসমীয়া চেটেলাইট চেনেল প্ৰাগ নিউজ আৰু ৰেঙণিৰ দ্বাৰা আয়োজিত এক বছৰেকীয়া বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে- অসমীয়া বোলছবি উদ্যোগক সহযোগিতা কৰা আৰু যথোচিত স্বীকৃতিৰে ছবিজগতলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক সন্মানিত আৰু অনুপ্ৰাণিত কৰা। ২০০৩ চনত এই অনুষ্ঠানটোৱে জন্ম লাভ কৰিছিল।[1][2] ২০১৫ চনৰ পৰা এই বঁটা-প্ৰদান অনুষ্ঠানে উত্তৰ-পূৰ্বাঞ্চলৰ আনসমূহ ছবি-উদ্যোগকো সামৰি লয়।[3]

অনুষ্ঠানসমূহ

[সম্পাদনা কৰক]
অনুষ্ঠান দিন স্থান সূত্ৰধাৰ জীৱনজোৰা সাফল্যৰ বঁটা
প্ৰথম প্ৰাগ চিনে বঁটা২৮ ফেব্ৰুৱাৰী, ২০০৪নেহৰু ষ্টেডিয়াম, গুৱাহাটীভূপেন হাজৰিকা
দ্বিতীয় প্ৰাগ চিনে বঁটা৫ মাৰ্চ, ২০০৫নেহৰু ষ্টেডিয়াম, গুৱাহাটীজ্ঞানদা কাকতী
তৃতীয় প্ৰাগ চিনে বঁটা১২ এপ্ৰিল, ২০১২গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটীনিপন গোস্বামী
চতুৰ্থ প্ৰাগ চিনে বঁটা১৪ এপ্ৰিল, ২০১৩গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটীপ্ৰাঞ্জল শইকীয়া, জেৰিফা ৱাহিদবিজু ফুকন
পঞ্চম প্ৰাগ চিনে বঁটা২২ মাৰ্চ, ২০১৪কোৰামংগলা ইন্দোৰ ষ্টেডিয়াম, বাংগালোৰকপিল বৰা, জেৰিফা ৱাহিদমৃদুলা বৰুৱা
ষষ্ট প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল২১-২২ মাৰ্চ, ২০১৫চৌকিডিঙি ফিল্ড, ডিব্ৰুগড়নিশিতা গোস্বামী, নবিষ আলমবিষ্ণু খাৰঘৰীয়া
সপ্তম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল১৪-১৫ মে', ২০১৬চাৰ্চ ফিল্ড, তেজপুৰবৰষা ৰাণী বিষয়া, কপিল বৰা, নিশিতা গোস্বামীবিদ্যা ৰাও
অষ্টম প্ৰাগ চিনে বঁটা উত্তৰ-পূৰ্বাঞ্চল১৭–১৮ জুন, ২০১৭বডোফা সাংস্কৃতিক প্ৰকল্প, কোকৰাঝাৰমুনিন বৰুৱা[4]
নৱম প্ৰাগ চিনে বঁটা২৬–২৭ মে', ২০১৮গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহ, গুৱাহাটীকুলদা কুমাৰ ভট্টাচাৰ্য[5]
দশম প্ৰাগ চিনে বঁটা১-২ জুন, ২০১৯নেহৰুবালি, নগাঁওৰুণু দেৱী[6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]