সমললৈ যাওক

নেহৰু ষ্টেডিয়াম, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেহৰু ষ্টেডিয়াম
স্থান ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, গুৱাহাটী, অসম
স্থানাংক 15°21′01.52″N 75°08′34.14″E / 15.3504222°N 75.1428167°E / 15.3504222; 75.1428167
স্বত্বাধিকাৰী অসম ক্ৰীড়া ব'ৰ্ড
আসন ক্ষমতা ২৫,০০০
পৃষ্ঠ ঘাঁহ
স্থাপিত ১৯৬২
ভাড়াতীয়া
অসম ফুটবল দল
অসম ক্ৰিকেট দল
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব (১৯৭৫–বৰ্তমান)
এফ চি গ্ৰীণ ভেলী (২০১০–বৰ্তমান)
গুৱাহাটী এফ চি (২০১৫–২০১৮)

স্থানাংক: 15°21′01.52″N 75°08′34.14″E / 15.3504222°N 75.1428167°E / 15.3504222; 75.1428167

নেহৰু ষ্টেডিয়াম (ইংৰাজী: Nehru Stadium) অসমগুৱাহাটীত অৱস্থিত এখন ষ্টেডিয়াম। ইয়াত মূলতঃ ফুটবল আৰু ক্ৰিকেট খেলা হয়। ষ্টেডিয়ামখন ১৯৬২ চনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাই নিৰ্মাণ কৰিছিল।[1] মুঠ ২৫,০০০ দৰ্শকে ষ্টেডিয়ামখনত খেল উপভোগ কৰিব পাৰে।[2] নেহৰু ষ্টেডিয়ামত ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেল অনুষ্ঠিত হৈছে। ইয়াৰোপৰি সন্মানীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জি ট্ৰফী আৰু দুলীপ ট্ৰফী নিয়মীয়াকৈ অনুষ্ঠিত হোৱাৰ উপৰিও দেওধৰ ট্ৰফী প্ৰতিযোগিতাও ইয়াত অনুষ্ঠিত হৈছে। আনহাতে ফুটবলৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ প্ৰতিযোগিতা বৰদলৈ ট্ৰফী আৰু জি এছ এ 'এ', 'বি' আৰু 'চি' ডিভিজন ফুটবল লীগ সমূহ বাৰ্ষিক ভাৱে অনুষ্ঠিত হোৱাৰ লগতে দেশৰ অন্যতম আগশাৰীৰ ফুটবল প্ৰতিযোগিতা সন্তোষ ট্ৰফী আৰু ফেডাৰেচন কাপও এই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে।

এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহ

[সম্পাদনা কৰক]
নেহৰু ষ্টেডিয়ামৰ এক সুন্দৰ দৃশ্য

নেহৰু ষ্টেডিয়ামত মুঠ ১৪ খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ অনুষ্ঠিত হৈছে। তলত এতিয়ালৈকে অনুষ্ঠিত এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ সমূহৰ এক তালিকা প্ৰস্তুত কৰা হৈছে। [3]

তাৰিখদল ১দল ২বিজয়ীব্যৱধান
১৭ ডিচেম্বৰ, ১৯৮৩ ভাৰত ৱেষ্ট ইণ্ডিজ ৱেষ্ট ইণ্ডিজ৬ উইকেটত
১১ জানুৱাৰী, ১৯৮৭ ভাৰত শ্ৰীলংকা ভাৰত৮ উইকেটত
২৩ ডিচেম্বৰ, ১৯৮৭ ভাৰত ৱেষ্ট ইণ্ডিজ ৱেষ্ট ইণ্ডিজ৫২ ৰাণত
২২ মাৰ্চ, ১৯৯৩ ভাৰত জিম্বাৱৱে ভাৰত৭ উইকেটত
১৯ নবেম্বৰ, ১৯৯৩ দক্ষিণ আফ্ৰিকা শ্ৰীলংকা দক্ষিণ আফ্ৰিকা৭৮ ৰাণত
১ নবেম্বৰ, ১৯৯৪ নিউজিলেণ্ড ৱেষ্ট ইণ্ডিজ ৱেষ্ট ইণ্ডিজ১৩৫ ৰাণত
১ নবেম্বৰ, ১৯৯৬ অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকা দক্ষিণ আফ্ৰিকা৮ উইকেটত
২২ ডিচেম্বৰ, ১৯৯৭ ভাৰত শ্ৰীলংকা ভাৰত৭ উইকেটত
১৪ নবেম্বৰ, ১৯৯৯ ভাৰত নিউজিলেণ্ড নিউজিলেণ্ড৪৮ ৰাণত
১৯ মাৰ্চ, ২০০২ ভাৰত জিম্বাৱৱে ভাৰত১০১ ৰাণত
৯ নবেম্বৰ, ২০০৩ অষ্ট্ৰেলিয়া নিউজিলেণ্ড অষ্ট্ৰেলিয়া৪৪ ৰাণত
৯ এপ্ৰিল, ২০০৬ ভাৰত ইংলেণ্ডপৰিত্যক্ত-
৫ নবেম্বৰ, ২০০৭ ভাৰত পাকিস্তান ভাৰত৫ উইকেটত
২৯ নবেম্বৰ, ২০০৮ ভাৰত ইংলেণ্ডনিৰাপত্তাৰ বাবে অনুষ্ঠিত হোৱা নাছিল-
৮ নবেম্বৰ, ২০০৯ ভাৰত অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া৬ উইকেটত
২৮ নবেম্বৰ, ২০১০ ভাৰত নিউজিলেণ্ড ভাৰত৪০ ৰাণত

সকলো ৰেক'ৰ্ড আৰু পৰিসংখ্যা

[সম্পাদনা কৰক]
খেলদল ১বিৰোধী দলতাৰিখ
প্ৰথম এদিনীয়া ভাৰত ৱেষ্ট ইণ্ডিজ১৭ ডিচেম্বৰ, ১৯৮৩
অন্তিম এদিনীয়া ভাৰত নিউজিলেণ্ড২৮ নবেম্বৰ, ২০১০
সৰ্বাধিক স্ক'ৰ [4]
দল ১বিৰোধী দলতাৰিখস্ক'ৰঅভাৰ
 ভাৰত জিম্বাৱৱে১৯ মাৰ্চ, ২০০২৩৩৩/৬৫০
 ৱেষ্ট ইণ্ডিজ নিউজিলেণ্ড১ নবেম্বৰ, ১৯৯৪৩০৬/৬৫০
সৰ্বনিম্ন স্ক'ৰ [5]
দল ১বিৰোধী দলতাৰিখস্ক'ৰঅভাৰ
 ভাৰত ৱেষ্ট ইণ্ডিজ২৩ ডিচেম্বৰ, ১৯৮৭১৩৫৪১.৩
 শ্ৰীলংকা দক্ষিণ আফ্ৰিকা১৯ নবেম্বৰ, ১৯৯৩১৩৬৪০.১

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]